পৰিণীতা বৰা
অসমীয়া সাহিত্যৰ সুদীৰ্ঘ পৰিক্ৰমাত মধ্যযুগৰ
সাহিত্যৰাজিৰ গুৰুত্ব অপৰিসীম৷ মধ্যযুগৰ সাহিত্যৰাজিৰ ভিতৰত চৰিত সাহিত্য, ব্যৱহাৰিক জ্ঞান-শাস্ত্ৰমূলক সাহিত্য, বুৰঞ্জী সাহিত্য, বিবিধ গীত-পদ আৰু কাব্য-সাহিত্য, অংকীয়া নাট আৰু বিবিধ বিষয় সম্বলিত অন্যান্য
সাহিত্যৰাজি উল্লেখযোগ্য৷ এই সকলো শ্ৰেণীৰ সাহিত্যৰ ভিতৰত চৰিত সাহিত্য আৰু
বুৰঞ্জী সাহিত্যই সমান্তৰালভাৱে দুটা সুকীয়া ধাৰা সৃষ্টি কৰি মধ্যযুগটোক সমৃদ্ধ
কৰি তুলিলে৷ এই যুগতে আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত বুৰঞ্জী সাহিত্যৰ চৰ্চা
হোৱাৰ লগতে ব্যৱহাৰিক জ্ঞান-বিষয়ক পুথি, জ্যোতিষ চিকিৎসা আৰু নীতি-বিষয়ক পুথি ৰচিত হ’বলৈ লয়৷ আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ
ৰাজত্বকালতো ‘‘অসমৰ বুৰঞ্জীৰ
যুগ’’ বুলিব পাৰি৷ তেওঁলোকে
মোগলক অসমৰপৰা একেবাৰে খেদি দি কছাৰী, জয়ন্তীয়া ৰজাক বশ কৰি প্ৰায় অসমক আহোমৰ অধীনলৈ আনে আৰু অসমৰ ঐক্য-সংহতি
স্থাপনত সুবিধা হয়৷ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ দিনতে চিত্ৰাংকন বিদ্যাৰ যথেষ্ট প্ৰসাৰ
হয়৷ ধৰ্মপুৰাণ, শংখচূড়বধ,
গীতগোবিন্দ, হস্তিবিদ্যাৰ্ণৱ, আনন্দলহৰী আদি গ্ৰন্থৰ চিত্ৰসমূহ অসমীয়া চিত্ৰাঙ্কনৰ
অপূৰ্ব নিদৰ্শন৷
হস্তিবিদ্যাৰ্ণৱ পুথি খনৰ মুখ্য বিষয়বস্তু হ’ল - হস্তিকথা৷ পুথিখন মহাৰজা শিৱসিংহ আৰু
বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাথে ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰে৷ ইয়াত
গ্ৰন্থাকাৰ, চিত্ৰকৰ দিলবৰ
আৰু দোষায়, স্বৰ্গদেউ
শিৱসিংহ , বৰকুঁৱৰী
অম্বিকাদেৱী আৰু তেওঁলোকৰ সন্তান উগ্ৰসিংহ কোঁৱৰৰ চিত্ৰ অংকিত হৈছে৷ তেওঁ যাৱতীয়
হাতী বিষয়ক সংস্কৃত গ্ৰন্থ, অসমত প্ৰচলিত
হাতী বিষয়ক কেতবোৰ পুথি, দাঁতি-কাষৰীয়া
ৰাজ্যত প্ৰচলিত হাতীৰ ব্যাধিৰ প্ৰতিকাৰ আদি ধৰণৰ হাতী বিষয়ক জ্ঞানক একত্ৰিত কৰি
কাহিনীৰ বিষয়বস্তু ৰক্ষিত কৰিছে৷ পুথিখনত বিভিন্ন হাতীৰ বৰ্ণনা আৰু বিভিন্ন ৰোগৰ
নিৰাময়ৰ উপায় আদিৰ উল্লেখ আছে৷ গদ্যত ৰচিত পুথিখনৰ ৰচনাশৈলী ওজঃগুণযুক্ত৷ হস্তিবিদ্যাৰ্ণৱ
পুথিৰ গদ্যশৈলী তলত দিয়া ধৰণৰ -
[১] বিভিন্ন ধ্বনিৰ পৰিৱৰ্তন হস্তিবিদ্যাৰ্ণৱ পুথিৰ অন্যতম বৈশিষ্ট্য৷
ধ্বনিতত্ত্বৰ ক্ষেত্ৰত স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি প্ৰয়োগত দেখা বিশেষত্বসমূহ - ‘অ’ ধ্বনিৰ ‘উ’ লৈ পৰিৱৰ্তন৷ যেনে - নৰিয়া > নুৱৰিয়া,
ক’লা > কলা, হয় > হুই আদি৷
[২] অঙ্গুলি, দাঙ্গি, ভিন্দি, ৰঙ্গ, টাঙ্গোন, স্নিগ্ধ আদি
যুক্ত ব্যঞ্জনৰ প্ৰয়োগ অন্য এক মনকৰিবলগীয়া দিশ৷ যেনে - স্নিগ্ধ ড্ৰব্য৷
[৩] একেটা কৰ্তাৰ সৈতে কেইবাটাও ক্ৰিয়া যুক্ত কৰি বাক্য ৰচনা কৰাৰ ভংগী হস্তিবিদ্যাৰ্ণৱ
পুথিত ভালেমান দেখা যায়৷ যেনে -‘‘ইন্দ্ৰ বংশ
সৰোবৰৰ পদ্মপুষ্পৰ তুল্য হৈছে যি মহাৰাজা নীতিবিদ্যৰো আনন্দিত হুই বৃহস্পতিক
উপালম্ভ কৰিছে যি মহাৰাজা আৰু গম্ভীৰ
ধাৰ্মিকসকলৰ মধ্যত শ্ৰেষ্ঠতৰ সৌমাৰ পীঠৰ ঈশ্বৰ শ্ৰীযুক্ত শ্ৰীমন্ত শিৱসিংহ যি
মহাৰাজা, আপোনাৰ ছন্দৰ
বিলাস বিদগ্ধতা ভাৱেৰে পৃথিৱীত সকলো সুন্দৰী গনৰ গৰ্বকচুৰ কৰিছে যি মহাদেৱীয়ে সেই
কাৰণে অতিশয় বিৰাজমান হৈছে যি শ্ৰী শ্ৰী অম্বিকানাম মহাদেৱী, সেই দুজনাৰ আজ্ঞাৰত্ন মালাক শিৰত ধৰি সুকুমাৰ
বৰকাথে এই হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ কৰি ৰচিল৷’’
[৪] গদ্য জনজীৱনৰ ওচৰ চপা৷ ইয়াত অহেতুক কৃত্ৰিমতা নাই৷ মানুহৰ মুখৰ ভাষাৰ দৰে
ইয়াৰ ভাষাও সৰল৷ আনহাতে সৰল আৰু বস্তুনিষ্ঠ হ’লেও ইয়াৰ ভাষাত সাহিত্যিক সৌন্দৰ্যৰ মাধূৰ্য
বিদ্যমান৷
[৫] বাক্যৰীতিৰ ক্ষেত্ৰত সৰল, কোমল আৰু
পোনপটীয়া বাক্যৰ প্ৰয়োগৰ লগতে মাজে মাজে সংস্কৃত বাক্যৰ প্ৰয়োগ লক্ষ্য কৰা যায়৷
[৬] শব্দৰ ক্ষেত্ৰত তৎসম, তদ্ভৱ আদি শব্দৰ
উপৰি কামৰূপী উপভাষাৰ শব্দৰ প্ৰাধান্য আছে৷ ‘তত্ৰিত’, ‘মোতে’, ‘মই’, ‘আমৰা’, ‘সিহঁত’, ‘তাক’, ‘আপুনি’ আদি সৰ্বনামৰ
প্ৰয়োগ দেখা যায়৷
[৭] -খন, -টো, -টা, -গজ, - জোৰ, -থোকা আদি নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু বা,
কোনো, লাখ-বিলাখ আদি অনিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ
প্ৰয়োগ দেখা যায়৷ যেনে -
-জোৰ - কুকুৰী দসজোৰ৷
-থোকা - তামোল তিনিথোকা৷
বা -
অঠাৰ একুৰি বা নখ৷
লাখ-বিলাখ - অনেক লাখ-বিলাখ হাতী হ’ল৷
[৮] কেতিয়াবা অন্তঃস্থ ধ্বনিৰ ব্যৱহাৰ নহয়৷ যেনে - তিঅঁহ [তিয়হ]৷ আনহাতে কেতিয়াবা
অন্তঃস্থ ধ্বনিৰ ঠাইত ‘ঞ’-ৰ ব্যৱহাৰ হয়৷ যেনে - ধনিঞাঁ [ধনিয়া]৷
[৯] আধুনিক অসমীয়া ভাষাৰ দৰে শব্দৰ আদি স্থানত ‘ঙ’ - ৰ ব্যৱহাৰ পোৱা নাযায়৷ মধ্য আৰু অন্ত্য স্থানত সংযুক্ত আৰু একক দুয়ো ধৰণে ‘ঙ’-ৰ ব্যৱহাৰ হৈছে৷
[১০] স্বৰসংগতিৰ আৰু সমীভৱনৰ প্ৰভাৱত বিশিষ্ট ধ্বনিৰ পৰিৱৰ্তন অন্যতম বিশেষত্ব৷যেনে-যেতিয়া
>জে’তিয়া [স্বৰসংগতি]
আৰু এঘাৰ > আঘাৰ[সমীভৱন]৷
বিভিন্ন তথ্যাদিৰ পৰা প্ৰাচীন কালৰ পৰাই যে পশু
চিকিৎসাৰ ব্যৱস্থা আছিল সেই কথা জানিব পাৰি৷ সেই সময়ত যাতায়তৰ সুবিধাৰ বাবে হাতীৰ
ব্যাপক প্ৰচলন আছিল৷ মহাভাৰত তথা কলিকা পুৰাণ অনুসৰি যুদ্ধত ব্যৱহাৰ হোৱা ৰথসমূহো
হাতীয়েই টানিছিল৷ বব্ৰুবাহনৰ বিশাল সেনাবাহিনীটো কেইবালাখো হাতীৰ লগতে ঘোঁৰাই টনা
ৰথ আছিল বুলি কোৱা হয়৷ সেয়েহে নি(য়কৈ ক’ব পৰা যায় যে তেতিয়াৰেপৰা হাতী-ঘোঁৰাৰ চিকিৎসাৰ ব্যৱস্থা আছিল৷ প্ৰধানকৈ লিখিত
ৰূপত হাতীৰ চিকিৎসা ব্যৱস্থা সম্বলিত তথ্যাদি পোৱা যায় বিজ্ঞানসন্মত ৰূপত ৰচিত
হস্তিবিদ্যাৰ্ণৱ পুথিত৷ সংস্কৃত ভাষা সকলোৰে বোধগম্য নোহোৱাত অসমীয়া ভাষাত ৰচিত
হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনে সাধাৰণ জনগণকো হাতীৰ চিকিৎসা সম্বন্ধে অৱগত হোৱাত সহায়
কৰে৷ অসমৰে ভিন ভিন হাবি-জংঘলত পোৱা ঔষধি উদ্ভিদ আৰু বন-দৰৱেৰে হাতীৰ বিভিন্ন ৰোগ
আৰু আঘাতৰ চিকিৎসাৰ নিদান দিয়া হৈছে৷ ভিন্ন পৰিৱেশত হাতীক কিদৰে চিকিৎসা আগবঢ়াব
লাগে গ্ৰন্থখনত বিতংভাৱে আলোচনা কৰিছে৷ ১৪৮ বিধ মখনা আৰু ১৭ বিধ মাখুন্দী হাতীৰ
বিষয়ে গ্ৰন্থখনত পঢ়িবলৈ পোৱা যায়৷ আহোম ৰজাৰ ৰাজত্বকালত ৰজা আৰু ৰাজবিষয়াসকলে
হাতীৰ লালন-পালনক লৈ বিশেষভাৱে গুৰুত্ব দিছে৷ কিয়নো সেই সময়ত সকলো স্তৰতে হাতীৰ
প্ৰয়োজনীয়তা আছিল৷ তেওঁলোকে যাতায়ত, আমোদ-প্ৰমোদৰ বাবে হাতী ব্যৱহাৰ কৰিছিল৷ যুদ্ধক্ষেত্ৰত ৰণুৱাসকলে হাতীত উঠি
যুদ্ধ কৰাৰ লগতে হাতীয়ে যুদ্ধক্ষেত্ৰলৈ বিভিন্ন অস্ত্ৰ-শস্ত্ৰও কঢ়িয়াব লাগিছিল৷
সেয়েহে আহোম স্বৰ্গদেউসকলে হাতীক অতি মূল্যৱান সম্পদৰূপে গণ্য কৰিছিল৷