-পৰিণীতা বৰা
অসমীয়া বৰ্ণমালাৰ
এটা অপৰিহাৰ্য ধ্বনি হ’ল চন্দ্ৰবিন্দু| ই স্বৰৰ অনুনাসিকতা বুজায়| অনুনাসিকতা
ধ্বনিৰ এক গুণ| ধ্বনি উচ্চাৰণৰ সময়ত, বিশেষকৈ স্বৰধ্বনি উচ্চাৰণৰ সময়ত কোমল তালুখন
তললৈ নমাই নাসিকাবিবৰেদি হাওঁফাওঁৰপৰা ওলাই অহা বায়ুৰ প্ৰৱেশ পথ মুকলি কৰিব পাৰি|
তেতিয়া বৰ্হিগামী বায়ুপ্ৰবাহৰ এভাগ নাকেৰে ওলাই যায়| এইদৰে নাকেৰে কিছু পৰিমাণে
বায়ুপ্ৰবাহ উলিয়াই দি ধ্বনি উচ্চাৰণ কৰা গুণকে অনুনাসিকতা বোলে|
অনুনাসিকতাৰ কাৰণে
শব্দৰ উচ্চাৰণ আৰু অৰ্থৰ পাৰ্থক্য ঘটে| লিখিত অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ সহায়ত
অনুনাসিকতা চিহ্নিত কৰা হ্য়| যেনে – কাঁহ, সাঁচ আদি| অসমীয়া ভাষাত স্বৰধ্বনিৰ
ক্ষেত্ৰত হোৱা অনুনাসিকতাক ‘লঘু’ আৰু ‘গুৰু’ দুইধৰণে ভাগ কৰা হয়| অনুনাসিক ধ্বনিৰ
পৰৱৰ্তী সকলো স্বৰধ্বনিয়ে পূৰ্বস্থ ধ্বনিৰ প্ৰ্ভাৱত কিছু অনুনাসিকতা লাভ কৰিলে তাক
লঘু অনুনাসিকতা বোলে| যেনে-“মানুহ” শব্দত ‘ম’ৰ পৰৱৰ্তী ‘আ’ আৰু ‘ন’ৰ পৰৱৰ্তী ‘উঁ’
ধ্বনিয়ে লঘু অনুনাসিকতা লাভ কৰে| বিশিষ্ট বা বৰ্ণগত অনুনাসিক ধ্বনিবোৰৰ
অনুনাসিকতাক গুৰু অনুনাসিকতা বোলা হ্য়| যেনে- অঙ্কন>অঁকা, কম্পন>কঁপনি আদি|
চন্দ্ৰবিন্দুক
গাইগুটীয়াকৈ উচ্চাৰণ কৰিব নোৱাৰি, স্বৰ নাইবা য়, ৱ, হ, ৰ, ল আদি ধ্বনিৰ সৈতেহে ই
উচ্চাৰিত হয়| স্বৰধ্বনিৰ লগত উচ্চাৰিত হোৱা হেতুকে ইয়াক উপাহিত ধ্বনিও বোলে| যিবোৰ
ধ্বনি বা বৰ্ণক একাদিক্ৰমে ভাগ ভাগ কৰি দেখুৱাব নোৱাৰি অৰ্থাত্ বৰ্ণৰ ক্ৰম নিৰ্ণয়
কৰিব নোৱাৰি তেনেবোৰ বৰ্ণকে উপাহিত বৰ্ণ বোলে| এনেক্ষেত্ৰত শ্বাসাঘাত, সুৰ,
অনুনাসিক আদিৰো ক্ৰম নিৰ্দেশ কৰিব নোৱাৰাৰ বাবে এইবোৰক অসমীয়া ভাষাত উপাহিত বৰ্ণ
বুলি ধৰা হয়| যেনে – খাওঁ শব্দটোৰ বৰ্ণ ক্ৰম কৰিলে, খাওঁ = খ-আ-ও-ঁ নে খ-আ-ঁ-ও হ’ব
তাক ক্ৰম কৰি দেখুৱাব নোৱাৰি| সেয়ে ‘চন্দ্ৰবিন্দু’ক উপাহিত বৰ্ণ বোলে|
চন্দ্ৰবিন্দুৱে
শব্দৰ অৰ্থগত পাৰ্থক্যও নিৰ্দেশ কৰে| এনে অৰ্থত চন্দ্ৰবিন্দু বিশিষ্ট ধ্বনি;
উদাহৰণস্বৰূপে-‘শো’ মানে টোপনি যা, কিন্তু সোঁ মানে বাওঁৰ বিপৰীত ফাল| অসমীয়া
ভাষাত কোনো ব্যক্তিৰ নামৰ আগত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰি ব্যক্তিজন মৃত বুলি বুজোৱা
হয়| যেনে – ঁলক্ষ্মীনাথ বেজবৰুৱা|
বৰ্তমান আৰু অতীত
কালৰ প্ৰথম পুৰুষৰ সকলো ক্ৰিয়াপদতে পুৰুষবাচক ক্ৰিয়াবিভক্তি ‘ওঁ’ অপৰিহাৰ্য| যেনে-
মই ভাত খালোঁ| সম্ভাৱ্য ভূতকালৰ ‘হেঁতেন’ পৰসৰ্গতো ‘হেঁ’ৰ ওপৰত চন্দ্ৰবিন্দু
ব্যৱহাৰ হয়|
নামপদৰ বহুবচন
বুজোৱা ‘-হঁত’(দেউতাহঁত, তহঁত আদি)আৰু ক্ৰিয়াপদৰ বহুবচন বুজোৱা ‘হঁক’(যাবিহঁক,
কৰিবিহঁক আদি)প্ৰত্যয়তো চন্দ্ৰবিন্দুৰ প্ৰয়োগ হয়| অধিকাংশ অসমীয়া
তদ্ভৱ শব্দত চন্দ্ৰবিন্দু সংস্কৃত শব্দত থকা ন,ং, ঙ, ণ, ম নাসিক্য ধ্বনিৰ পৰিৱৰ্তিত
ৰূপ| যেনে – দন্ত>দাঁত, পঞ্চ>পাঁচ আদি|
ক্ৰিয়াৰ অসমাপিকা
ৰূপত ব্যৱহৃত ‘-ওঁতে’(কৰোঁতে, খাওঁতে আদি) আৰু ‘-ওঁতা’(যাওঁতা, কৰোঁতা আদি)প্ৰত্যয়তো
চন্দ্ৰবিন্দুৰ ব্যৱহাৰ অপৰিহাৰ্য|
অসমীয়া ভাষাৰ নিজা
উচ্চাৰণ-বৈশিষ্ট্যৰ বাবে কেতবোৰ শব্দত চন্দ্ৰবিন্দুৰ আপোনা-আপুন চন্দ্ৰবিন্দুৰ প্ৰয়োগ
হয়| যেনে – পেঁচ, ভোঁ ভোঁ, দাঁতি আদি| মূল সংস্কৃত নথকা সত্ত্বেও কেতবোৰ তদ্ভৱ
শব্দত স্বত:স্ফূৰ্ত নাসিক্যিভৱনৰ বাবে চন্দ্ৰবিন্দুৰ ব্যৱহাৰ ঘটে| যেনে-
আঁঠু(অস্থিবত্), সঁচা(সত্য) আদি|
উত্স : পুথিগত তথ্য
No comments:
Post a Comment