যতীন্দ্ৰনাথ দুৱৰা, কথা-কবিতা
আৰু কিছু কথা
পৰিণীতা বৰা
“চাকিৰ হয়তো ইচ্ছা নহয় যে জাকে জাকে চগাই
আহি তাৰ ৰূপৰ জুইত আত্ম-বলিদান কৰেহি, কিন্তু চগাই এই আত্মদানকেই জীৱনৰ ধ্ৰুৱ সত্য
বুলি মানি লৈছে৷” (ব্যৰ্থতা)
এবাৰ হেনো স্কুলত বঙালী শিক্ষক এজনে মাতৃভাষা
কি বুলি কৰা এটি প্ৰশ্নৰ উত্তৰত এজন ছাত্ৰই হুকহুকাই কান্দি কৈছিল কেঁচুৱাই মাকৰ কোলাত শুই
গাখীৰ খাই থাকোঁতে পোনতে যি ভাষাৰে আই বুলি মাতিবলৈ শিকে সেয়ে মাতৃভাষা, দুখৰ বিষয়
সেই মাতৃভাষাৰপৰা বঞ্চিত৷ সেই সময়ত শিৱসাগৰৰ চৰকাৰী স্কুলৰ বাৰ-তেৰ বছৰীয়া সেই ছাত্ৰজনৰ কান্দোনৰ
বিনিময়ত বঙালী শিক্ষকজনে ক’লে বাছা শোক নকৰিবা তুমি এদিন তোমাৰ মাতৃভাষাৰ মুখ উজ্জ্বল
কৰিবা৷শিক্ষকজনৰ এই আৰ্শীবাদকে
শিৰত লৈ মৃত্যুপৰ্যন্ত সাহিত্যই মোৰ আজন্ম সাধনা বুলি বুকু ডাঠ কৰি কোৱা সাহিত্যিকজনেই
হ’ল কবি যতীন্দ্ৰনাথ দুৱৰা৷ কবি দুৱৰা এজন কবিয়ে নহয়, তেওঁৰ জীৱনটোৱেই এটা দীঘলীয়া কবিতা৷ দুৱৰাৰ সৰুৰেপৰা
কবিতা লিখাৰ হেঁপাহ আছিল৷ স্কুলীয়া কালতে তেওঁ “টুইংকল টুইকলং লিটল
ষ্টাৰ” নামৰ ইংৰাজী কবিতাটো অসমীয়া ভাঙনি কৰি বেণুধৰ
ৰাজখোৱাক দেখুৱায়৷ তেঁৱেই প্ৰথম দুৱৰাক লিখিবলৈ প্ৰেৰণা যোগাইছিল৷ অৱশ্যে সাহিত্যৰ
ক্ষেত্ৰখনত লক্ষ্মীনাথ বেজবৰুৱা তেওঁৰ দীক্ষাগুৰু আছিল৷ তেওঁৰ কাব্যকলাই
বেজবৰুৱাৰ বাঁহী আলোচনীৰ জৰিয়তে পৰিপূৰ্ণতা
লাভ কৰিছিল৷ বেজবৰুৱাই তেওঁক লিখিবলৈ যথেষ্ট উদ্গনি যোগাই কৈছিল ‘‘লিখি যোৱা, লিখি
যোৱা, ভাল হ’লে ৰৈ যাব বেয়া হ’লে হাতৰ খজুৱতি পলাব’’৷তেওঁ বেজবৰুৱাৰ
লগতে চন্দ্ৰকুমাৰ আগৰৱালা, তৰুণৰাম ফুকন আদিৰ দৰে বহুকেইজন লোকৰপৰা সাহিত্য চৰ্চাৰ
ক্ষেত্ৰখনত পৃষ্ঠপোষকতা পাইছিল৷ চন্দ্ৰকুমাৰ আগৰৱালাই
দুৱৰাক মৰমতে যদু নাম দি মাতিছিল৷ ‘যদুকবি’ দুৱৰাৰ পোছাকী সম্বোধন আছিল৷ তেওঁৰ প্ৰকাশিত
প্ৰথমখন পুথি হ’ল ওমৰ
তীৰ্থ (১৯২৫)৷ স্কুলীয়া অৱস্থাতে
বিহাৰী সহপাঠী এজনৰ সৌজন্যতে তেওঁ পাৰস্যৰ জ্যোতিৰ্বিদ
কবি ওমৰ খয়ামৰ ৰুৱায়ত নামৰ কিতাপখন পঢ়াৰ
সুবিধাকণ লাভ কৰিলে৷ তাৰ পাছতে তেওঁ ফিটজাৰেল্ড, হুইটফিল্ডৰ ইংৰাজী সংস্কৰণ আৰু আন পাৰ্চীয় সাহিত্য সম্পৰ্কে খৰচি মাৰি অধ্যয়ন কৰে৷ ইয়াৰ পাছতহে তেওঁ
অনুবাদৰ কামত হাত দিয়ে৷ দুৱৰাৰ এনে কামৰ প্ৰেৰণাৰ মূল উৎস আছিল লক্ষ্মীধৰ শৰ্মা৷
বিশ্বকবি ওমৰৰ মতে বৰ্তমানেই সৰ্বস্ব৷ ক’ৰ পৰা আহিছো,
ক’লৈ যাম জীৱনৰ কোনো স্থায়িত্ব নাই, আমাৰ জীৱন আন্ধাৰ ভৱিষ্যতৰ হাতত, কোনে জানে কোন
মুহুৰ্তত জীৱন শেষ হৈ যাব পাৰে৷৷ যিসকলে দুৱৰাৰ কবিতা পঢ়িছে তেওঁলোকে নিশ্চয়কৈ
জানে যে তেওঁৰ কবিতাৰ মূল সুৰেই হ’ল আত্মকেন্দ্ৰিক,
কিন্তু আত্মকেন্দ্ৰিকতা কাৰুণ্যৰে ভৰপূৰ৷ তেওঁ নিজৰ ভাবতে বিভোৰ৷ সেয়ে তেওঁ কৈছিল- মোৰ গান ময়ে গাও, শুনি শুনি ময়ে তল যাওঁ৷ অনুভূতিৰ তীব্ৰতা, প্ৰকাশভংগীৰ গীতিধৰ্মিতা,
ছন্দৰ সাৱলীল গতি দুৱৰাৰ কবিতাৰ অন্যতম বৈশিষ্ট্য৷নদী, নাৱৰীয়া, বাটৰুৱা আদি যথোচিত প্ৰতীকৰ
ব্যৱহাৰে বহু কবিতাক কৰি তুলিছে চিত্ৰধৰ্মী ৷কবিয়ে আকৌ কৈছে –
ধৰা প্ৰিয়তম প্ৰাণৰ পিয়লা
জীৱন মদিৰা ভৰাই দিয়া
অতীত ভৱিষ্য শোক-দুখ ভয়
আজিৰ ভাৱনা উটাই দিয়া
আজিয়েই দিয়া কালিলৈ কিয়
কোনে জানে মোৰ কালি কি হ’ব
হাজাৰ হাজাৰ বছৰ বিয়পা
হয়তো অতীতে সামৰি থব৷
কবিৰ মিলনৰ সুৰ পুথিখন পঢ়িলেও আমি তাত চুফীতত্ত্ব,
চুফীৰহস্যবাদ আৰু অতীন্দ্ৰিয়বাদৰ স্বকীয় বৈশিষ্ট্যৰে সহজ সৰল প্ৰকাশ ঘটা দেখা পাম৷দুৱৰাৰ দ্বিতীয় প্ৰকাশিত
কবিতাৰ পুথিখনৰ নামেই হ’ল কথা-কবিতা (১৯৩৩)৷ তেওঁৰ কথা-কবিতা
ৰচনাৰ মূলতেই আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু আনন্দচন্দ্ৰ আগৰৱালা৷ কথা-কবিতা ঊনবিংশ
শতিকাৰ সৃষ্টি৷ কথা-কবিতা বা poems in proseক ৰুচদেশীয় ঔপন্যাসিক আইভান টুৰ্গেনিভৰ মৃত্যু-শয্যাৰপৰা
জগতবাসীলৈ দি যোৱা এক অভিনৱ দান বুলি কোৱা হয়৷ বাণীকান্ত কাকতিয়ে কথা-কবিতাৰ প্ৰসংগত কৈছিল
যে ‘‘কথা-কবিতা নোহোৱা নোপোজা কবিতাৰ পুথি৷ চিৰকালেই কবিতা পদ্যত লিখা হৈ আহিছে৷ ধ্বনি কবিতাৰ এটা
বিশিষ্ট অংগ৷ গদ্যত কবিতা সৃষ্টি হ’ব পাৰে তাৰ নিদৰ্শন কথা-কবিতা৷’’ টুৰ্গেনিভৰ কথা-কবিতাৰ
পুথি চনিলীয়াই বিশ্ব সাহিত্যত আলোড়ন তোলাৰ দৰেই আমি ক’ব পাৰো দুৱৰাৰ কথা-কবিতায়ো
অসমীয়া সাহিত্যত নতুন চেতনা-স্ৰোতৰ সূচনা কৰে৷ অৱশ্যে দেখা যায় আংগিক আৰু উপস্থাপন ৰীতিৰ ক্ষেত্ৰতহে দুৱৰা টুৰ্গেনিভৰ উত্তৰ সাধক আছিল৷ তেওঁৰ কথা-কবিতাসমূহৰ
বিষয়বস্তু নিৰ্বাচন আছিল কবিৰ সম্পূৰ্ণ নিজৰ৷ তেওঁ টুৰ্গেনিভৰপৰা টেকনিক বা ৰচনাশৈলী ধাৰ
কৰিছিল হয় কিন্তু আমি ক’ব পাৰো বিষয়বস্তু কবিৰ নিজা হোৱাৰ বাবে কবিতা আৰু কথা-কবিতাৰ
মাজত যি অঙ্গাঙ্গী সম্বন্ধ সেয়া সুন্দৰকৈ প্ৰতিফলিত হৈছে৷ এইখিনিতে উল্লেখ্য
যে কবিতাৰ দৰেই কথা-কবিতাও কবিৰ ব্যক্তিগত জীৱনৰ পাণ্ডুলিপি৷ এতিয়া আহো কথা-কবিতানো কি? যতীন্দ্ৰনাথ
দুৱৰাৰ কথা-কবিতাৰ জৰিয়তে আমি কিদৰে কথা-কবিতাৰ বৈশিষ্ট্য নিৰ্ধাৰণ কৰিম?
কোনো আৱেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়
হিচাপে লৈ গদ্যত লিখা নাতিদীৰ্ঘ ৰচনাক আমি কওঁ কথা-কবিতা৷ প্ৰথম কথা হ’ল একোটি
কেন্দ্ৰস্থ ভাৱক ভেটি কৰি কথা-কবিতা ৰচিত হয়৷দুৱৰাৰ কথা-কবিতা পঢ়িলেও এনে লাগে যেন তেওঁৰ
কথা-কবিতাৰ কেন্দ্ৰস্থ ভাৱৰ অন্তৰালতো এটি ওৰণি লোৱা ভাৱ লুকাই আছে৷কবিতা বাঙ্ময় গীত, গীতৰ স্পন্দন ছন্দৰ হেন্দোলনিত পোৱা যায়৷ কিন্তু কবিতা বাঙ্ময়
চিত্ৰও হ’ব পাৰে৷ ছন্দৰ সহায় নহ’লেও চিত্ৰক ভাষাময় কৰি তুলিব পৰা যায়৷ কথা-কবিতা এবিধ
কবিতাই যদিও কথা-কবিতা আৰু কবিত্বময়ী কথাক কিন্তু আমি একে বুলিব নোৱাৰো৷ কথা-কবিতা কবিত্বময়ী
কথা লিখাৰ ভংগী বা ভাষাৰ ৰীতিহে মাথোন৷ কথা-কবিতাত কবিতাৰ দৰেই কবিৰ ব্যক্তিগত জীৱনৰ হা-হুমুনিয়াহ, ব্যথা-বেদনাৰ কৰুণ সুৰেই পৰিগণিত
হৈছে৷কবিৰ মতে মৃত্যুতকৈও
হেনো প্ৰেম ডাঙৰ, মৰণৰ ভয়তকৈও প্ৰেমৰ শকতি প্ৰবল৷ ভাৱময় জীৱনত আদৰ্শ আৰু সৌন্দৰ্যৰ কি ঘাত-প্ৰতিঘাত
হয় সেয়া ভাবুকত বাজে আনে তাক উপলব্ধি কৰিব নোৱাৰে৷ কবি ভৱিষ্যতৰ প্ৰতি আশাবাদী ৷সেয়ে হয়তো পোহৰ নামৰ
কথা-কবিতাটিত কৈছে –“এদিন দেখিব মোৰ কথা
ফলিয়াব৷ পোহৰ পৰি আপোনাৰ
ৰাজ্য সুন্দৰ হৈ পৰিব৷তেতিয়াহে বুজিব মই বলিয়া নহওঁ৷”
চুম্বকত্বক কথা-কবিতাৰ অন্যতম ধৰ্ম বুলি কোৱা
হয়৷ দুৱৰাৰ কথা-কবিতাত
কিন্তু আমি চুম্বকত্বৰ অভাৱ দেখো৷ তেওঁৰ বহু কেইটা কথা-কবিতা বৰ্ণনা বহুল আৰু
ৰূপকধৰ্মী চুটিগল্প বুলিবই পাৰি৷ অৱশ্যে এইক্ষেত্ৰত দুৱৰাক দোষাৰোপ কৰিব নোৱাৰি
কিয়নো তেওঁ কথা-কবিতা লিখিবৰ সময়ত টুৰ্গেনিভৰ কথা-কবিতাৰ বাহিৰে একো আৰ্হিও নাছিল৷সাধাৰণতে ছন্দোময়ী
কবিতাৰ প্ৰধান লক্ষ্য হ’ল গীত বা শ্ৰাব্য বিষয়ক মূৰ্ত্ত কৰি তোলা৷কিন্তু কথা-কবিতাৰ
প্ৰাথমিক উদ্দেশ্য কিন্তু চিত্ৰ, ইয়াত ধ্বনি হ’ল ভাষাৰ মাথোন ব্যঞ্জনাহে৷ এতিয়া ব্যঞ্জনা
মানেনো কি? ব্যঞ্জনা হ’ল কাব্য
বা সাহিত্যত শব্দৰ অভিধেয় অৰ্থৰ বাহিৰে অন্য অৰ্থ প্ৰকাশ কৰিব পৰা শকতি বা গুণ৷ এনে ৰচনাৰ বাবে
লেখকৰ মননশীলতা বা চিন্তাশীলতা, অনুভূতিশীলতা বা অনুভূতিপ্ৰৱণতা আৰু লেখকৰ ভাষাৰ ক্ষেত্ৰত
দখল থাকিব লাগিবই৷কথা-কবিতাত ৰূপৰ সমাৱেশ থাকে, ই প্ৰায়েই ৰূপকাত্মক৷ ৰূপ বা দৃশ্যবস্তুত
সজীৱতা আৰোপেই কথা-কবিতাৰ উদ্দেশ্য বা লক্ষ্য৷ বাণীকান্ত কাকতিয়ে কোৱাৰ দৰে কথা-কবিতাৰ
প্ৰাথমিক উদ্দেশ্য চিত্ৰ যদিও ইয়াৰ সমানেই কিন্তু চিত্ৰৰ ভাৱানুষংগ আৰু তাৰ প্ৰগাঢ়তা
বা নিবিড়তাও গুৰুত্বপূৰ্ণ৷
No comments:
Post a Comment