Advertise

Friday, February 27, 2026

নব্য মাধ্যমত অসমীয়া কবিতাৰ চৰ্চা


ড০ পৰিণীতা বৰা

 

পূৰ্ব-প্ৰকাশ : Poetry without Fear, Issue: Vol. IV, No. 1, May-July, 2025

 (https://poetrywithoutfear.com/nabya-madhyamat-asamiya-kabitar-charcha-by-parinita-bora/)

 

 

অসমীয়া কবিতাৰ সুদীৰ্ঘ ইতিহাস বিচাৰ কৰিলে দেখা যায় যে লোকসাহিত্যৰ গীতিময় কাব্যিক ঐতিহ্যৰপৰা পৰিৱৰ্তন আৰু ৰূপান্তৰৰ মাজেদি আহিহে অসমীয়া কবিতাই আজি এক বিশিষ্ট ৰূপ লাভ কৰিছে৷ বিংশ শতিকাৰ শেষৰ ফালে অসমীয়া কবিতাই আত্মপ্ৰকাশৰ বাবে ইণ্টাৰনেট নিৰ্ভৰ নতুন মাধ্যম এটি বাছি ললে৷ যাক নব্য মাধ্যমঅভিধাৰে অভিহিত কৰা হয়৷ ছপাৰ পৰিৱৰ্তে বৈদ্যুতিনভাৱে প্ৰকাশিত আৰু প্ৰসাৰিত হোৱাৰ বাবে নব্য মাধ্যমৰ কবিতাক ডিজিটেল নাইবা বৈদ্যুতিন কবিতাবুলিও কোৱা হয়৷ প্ৰকাশৰ মাধ্যম সলনি হোৱাৰ লগে লগে অসমীয়া কবিতাৰ ধৰণ, শৈলী, বিষয়বস্তু ইত্যাদিলৈ পৰিৱৰ্তন আহি পৰে৷ মাধ্যম ৰূপান্তৰৰ দিশলৈ লক্ষ্য ৰাখি অসমীয়া কবিতাৰ ইতিহাসক প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰিপুৰণি মাধ্যমৰ কবিতা (মৌখিক ৰূপ, গছৰ পাত, তাম, শিল আদিত খোদিত ৰূপ তথা হাতে লিখা কবিতা), পৰম্পৰাগত মাধ্যমৰ কবিতা (ছপা মাধ্যম, বিশেষকৈ আলোচনী, গ্ৰন্থ, বাতৰিকাকতৰ কবিতা আৰু বৈদ্যুতিন মাধ্যম, প্ৰধানকৈ ৰেডিঅ’, দূৰদৰ্শনত সম্প্ৰচাৰিত কবিতা) আৰু নব্য মাধ্যমৰ কবিতা (বৈদ্যুতিন আলোচনী, ব্লগ, ৱেবছাইট, বৈদ্যুতিন পত্ৰিকা, ই-বুক, সামাজিক নেটৱৰ্কিং ছাইট, বৈদ্যুতিন আৰ্কাইভ, গ্ৰন্থাগাৰ, এপ ইত্যাদিৰ কবিতা)৷ নব্য মাধ্যমত অসমীয়া কবিতাৰ চৰ্চাবিষয়টিৰ পৰিসৰ যথেষ্ট ব্যাপক৷ একেটা আলোচনাতে সামৰা সম্ভৱ নহয়৷ এই আলোচনাত বিষয় সম্পৰ্কত এক থূলমূল ধাৰণাহে আগবঢ়াবলৈ যত্ন কৰা হৈছে৷

নব্য মাধ্যমত অসমীয়া কবিতাই ভুমুকি মাৰে ১৯৯৮ চনত সঁফুৰা ডট্‌ অৰ্গ’(www.xophura.org)ৰ যোগেদি৷ পল্লৱ শইকীয়া আৰু মৈত্ৰেয়ী দাসে নিৰ্মাণ কৰা এই ছাইটটিৰ কিছু সম্পদ সম্প্ৰতি http://www.xophura.net-তো উপলব্ধ৷ শংকৰদেৱৰপৰা সনন্ত তাঁতি, সমীৰ তাঁতীলৈকে সত্তৰজন কবিৰ নিৰ্বাচিত এশ বিছটা কবিতাৰ সংকলন ছাইটটিত সংগৃহীত হৈ আছে৷ এই সময়খিনিত ইউনিকডত অসমীয়া লিখন সঁজুলি নথকাৰ বাবে ৱেবছাইটটিত ছবি আকাৰে কবিতাৰাজি প্ৰকাশ কৰা হৈছিল৷ ফলত ইয়াৰ কবিতাসমূহ মেটা কণ্টেণ্ট ৰূপে কোনো অনুসন্ধান ইঞ্জিনৰ অংশ হব পৰা নাছিল৷ ইয়াৰ পিছতে বিপুলজ্যোতি শইকীয়াৰ ‘Bipuljyoti Saikia’s Home Page’(www.geocities.com/bipuljyoti)-ত অসমীয়া কবিতাই প্ৰকাশৰ মুখ দেখে৷ ছাইটটিত অন্তৰ্ভুক্ত এটি গুৰুত্বপূৰ্ণ শিতান হকবিতা৷ ইয়াত আনন্দচন্দ্ৰ বৰুৱা, দেৱকান্ত বৰুৱাকে ধৰি হেমাংগ বিশ্বাস, কুশল দত্তলৈকে একচল্লিছগৰাকী কবিৰ ডেৰ শতাধিক কবিতাৰ ইংৰাজী অনুবাদ সন্নিৱিষ্ট আছে৷ ইয়াতে প্ৰদীপ আচাৰ্য আৰু হৰেকৃষ্ণ ডেকাৰ দুটা অসমীয়া কবিতাভিত্তিক প্ৰবন্ধ প্ৰকাশ পাইছে৷ ২০০৯ চনৰ অক্টোবৰৰপৰা ছাইটটিhttp://www.bipuljyoti.in/(www.archive.ph) ঠিকনাত উপলব্ধ৷ অসমীয়া কবিতাৰ ইংৰাজী অনুবাদৰ পথাৰখন চহকী কৰি তোলাত http://www.poemhunter.com-ৰো অৱদান উল্লেখনীয়৷ ৱেবছাইটটিত অজিৎ বৰুৱা, নৱকান্ত বৰুৱা, নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্যৰপৰা আৰম্ভ কৰি বহু কনিষ্ঠ অসমীয়া কবিৰ কবিতাৰ ইংৰাজী অনুবাদ সংগৃহীত আছে৷ একেদৰে http://www.poetryinternationalweb.net-এ নীলমণি ফুকন, নীলিম কুমাৰ আৰু জীৱন নৰহৰ কবিতা (মূল অসমীয়া আৰু ইংৰাজী অনুবাদ), তেওঁলোকৰ পৰিচয়মূলক টোকা, সাক্ষাৎকাৰ সামৰি লৈছে৷ আমেৰিকা প্ৰবাসী সৌৰভ পাঠকৰ নিজা ছাইট http://www.sas.upenn.edu/-saurav/kobita/-তো হেম বৰুৱা, নৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য আৰু বিপুলজ্যোতি শইকীয়াৰ ষোলটা কবিতাৰ প্ৰকাশ পৰিদৃষ্ট৷

সামাজিক নেটৱৰ্কিং ছাইটত অসমীয়া কবিতা চৰ্চাৰ ক্ষেত্ৰত অধুনালুপ্ত অৰকূটৰ ভূমিকা অগ্ৰগণী৷ অৰকূটৰ যোগেদি সৰ্বপ্ৰথম ৰোমান লিপিৰে অসমীয়া কবিতাৰ চৰ্চা আৰম্ভ হয়৷ অৰকূটে বহু নতুন অসমীয়া কবি-পাঠকৰ জন্ম দিয়ে৷ ইয়াৰে অনেক কবিয়ে আজিও ফেচবুক, বিভিন্ন ব্লগ, বৈদ্যুতিন আলোচনী আদিত কবিতা লিখাৰ অনুশীলন অব্যাহত ৰাখিছে৷ অৰকূটৰ পাছতে অসমীয়া কাব্যচৰ্চাৰ এক শক্তিশালী সামাজিক মাধ্যমৰূপে ফেচবুক গঢ় লৈ উঠে৷ ফেচবুকত এচাম ন-পুৰণি কবিয়ে নিজৰ প্ৰফাইলৰ টাইমলাইনত কবিতা লিখিবলৈ লয়৷ বহুজনে আকৌ গাইগুটীয়া তথা সামূহিক প্ৰচেষ্টাৰে অনেক কাব্যগোট তথা সাহিত্যগোট গঢ়ি তোলে৷ স্পন্দনশব্দৰপৰা হৃদয়লৈ’, ‘অনুৰাগ’, ‘মোৰ অনুভৱেৰে কিছু সময় তোমালৈ’, ‘মানুহ আমি মানুহৰ অনুভূতি’, ‘আমাৰ কবিতাবোৰ’, ‘শব্দকুসুমশব্দই শাঁত পেলাওক আপোনাৰ সমস্ত হৃদয়…’, ‘কবিতাৰ জোনাকত শব্দৰ খেলা’, ‘অসমীয়া কবিতা চৰ্চা (অকচ)’, ‘কবিতা কুঞ্জ’, ‘কবিতাৰ মায়াজাল’, ‘অসম কাব্য কাননআদি ফেচবুকৰ উল্লেখযোগ্য কাব্য-গোট৷ অসমীয়া কবিতাৰ কবি আৰু কবিতাসমূহ হল অনন্ত কুমাৰ ভূঞাৰ গন্ধময় শেতেলি’, গৌৰী গৌতম বৰঠাকুৰৰ লগ পাই থাকিব বিচাৰোঁ তোমাক’ (গীতি-কবিতা), জাহান উদ্দিন ভূঞাৰ জীৱন পৰিক্ৰমা’, হেৰম্ব শইকীয়াৰ বেদনা’, বিজু বৰঠাকুৰৰ ব্যক্তিত্ব’, গীতাঞ্জলি ডেকাৰ সঁফুৰা’, দ্বীপজ্যোতি দাসৰ অনুভৱইত্যাদি; ‘শব্দৰ বৰষুণৰ অশ্বিনী কছাৰীৰ আবতৰীয়া বসন্ত’, বৃষ্টি হৰিস্মৃতা বৰুৱাৰ চোতাল’, অনুৰাগ শইকীয়াৰ নীলা কবি নীলা ছবি’, বিপুল কলিতাৰ আত্মকথা’; ‘শিহৰণহৃদয়ৰ কবিতাৰে এক আন্দোলনৰ বিমান শইকীয়াৰ নদীৰ বুকুত গোপন ৰাতি’, ৰুকিয়া বেগমৰ আৱেগৰ মৃত্যু’, ‘অংগীকাৰ’, ৰুদ্ৰসিংহ মটকৰ প্ৰেম নহয়, মৃত্যু আৰু চকুলোৰ শিল্পহীন মিছা ইতিহাসইত্যাদি৷ শব্দকুসুমশব্দই শাঁত পেলাওক আপোনাৰ সমস্ত হৃদয়…’ত পাৰিজাত বৰুৱাৰ অসময়’, যতীন মিলিৰ নিয়ৰ’, নীলমণি দাসৰ নতজানু’, অৰ্পণা হাজৰিকা পাঠকৰ ‘An Autumn Fiesta’, পুলক ৰঞ্জনৰ বিড়ম্বনাইত্যাদি কবিতা প্ৰকাশৰ লগতে নীলমণি ফুকনৰ সূৰ্য হেনো নামি আহে’ (আবৃত্তি : ব্ৰজেন মজুমদাৰ), বাণীকান্ত লহকৰৰ পাৰো মই’ (আবৃত্তি- মধুমিতা গগৈ) ইত্যাদি কবিতাৰ আবৃত্তি উপলব্ধ৷

কবিতাৰ জোনাকত শব্দৰ খেলাৰ লেখত লবলগীয়া কবিসকলৰ ভিতৰত দেবাশিস লহকৰ, প্ৰিয়ংকা বৰা, নীলমণি গগৈ, হোমেন্দ্ৰ হাতীবৰুৱা, ছুৰুত জামাল, অমৃত শইকীয়া, কল্যাণ কিশোৰ নাথ, বেণুধৰ ৰাভা, হেমেন হাজৰিকা, দুৰ্লভ বৰুৱা আদি অন্যতম৷ বিকাশ বৰুৱাৰ আজন্ম’, মেৰী বৰদলৈৰ তই নাকান্দিবি বৌটি’, চন্দনা বৰ্মাৰ তৰা’, সীতা দেৱী সিংহৰ লিমাৰিক’, দীপজ্যোতি কলিতাৰ আত্মাৰ সৈতে কাজিয়া’, বিতুমনি কোচৰ শিশু পদ্য- বাৰ মাহৰ গীত’, মন্তোষ শুক্লবৈদ্যৰ ধোঁৱাহীন জুয়ে পোৰা বুকু’, নিখিলেন্দু প্ৰামাণিকৰ স্বাধীনতাই আজি উচুপি গ’, ৰশ্মিৰেখা চলিহাৰ গান গোৱা চৰাই এজাকৰ কথাৰে…’, নিজৰা দত্তৰ মই দীঘলী পুখুৰীৰ বৃদ্ধ গছে কৈছোঁ’, অৰুণ দুৱৰাৰ জুই আৰু বৰফ’(ৰবাৰ্ট ফ্ৰষ্টৰ ‘Fire and Ice’ৰ ভাবানুবাদ)ৰ দৰে কবিতা অসমীয়া কবিতা চৰ্চা (অকচ)ত পৰিদৃষ্ট৷ এই গোটত কাব্যচৰ্চা কৰি অহা অন্যান্য কবিসকল হল সুৰঞ্জনা বৰুৱা, পাপুল শৰ্মা, নীলমণি গগৈ, মণিমা শইকীয়া, মৰমী কাকতি, জয়ামণি বৰুৱা, নিৰ্মালী বৰা, বিকাশ ঠাকুৰীয়া, জেউতি দাস, প্ৰণৱৰঞ্জন শইকীয়া, পুলেন গোস্বামী, চন্দ্ৰ চৌধুৰী, অঞ্জলি কলিতা আদি৷ গোটটিত ইউনিকড আৰু জে.পি.ই.জি. উভয় ৰূপতে কবিতাৰ প্ৰকাশ দেখা যায়৷ দুই-এক বাংলা কবিতাৰ প্ৰকাশো এই গোটত পৰিদৃষ্ট৷ ছপা মাধ্যমৰ বহু প্ৰতিষ্ঠিত কবিৰ কবিতাও ফেচবুকত প্ৰকাশ পাইছে৷ এইক্ষেত্ৰত হৰেকৃষ্ণ ডেকা, জীৱন নৰহ, ৰীতা চৌধুৰী, ষড়ানন পায়েং, শৰ্মিষ্ঠা প্ৰীতম, উজ্জ্বল পাওগাম আদিৰ নাম উল্লেখনীয়৷

মণিকা দাসৰ প্ৰযত্নত গঢ়ি উঠা সাহিত্য-সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসমফেচবুকৰ কবিতা চৰ্চাৰ অন্যতম মঞ্চ৷ দাসৰদ্বাৰা পৰিচালিত দাপোণশিতানটিত গোটৰ মজিয়াৰ নৱ প্ৰজন্মৰ কবিসকলৰ ফটো সমন্বিতে কবিগৰাকীৰ জীৱনৰ ছবি তুলি ধৰা হয়৷ একেদৰে মানস প্ৰতীম শৰ্মাৰ দ্বাৰা অনুষ্ঠিত আলাপন’-এ প্ৰচাৰবিমুখ, উপেক্ষিত কবি সমাজক এখন মঞ্চ প্ৰদান কৰিছে৷ ইয়াত কবিসকলৰ সৈতে হোৱা মুখামুখি আলাপত তেওঁলোকৰ ব্যক্তিগত জীৱন, সাহিত্যৰ জগতত সন্মুখীন হোৱা সংগ্ৰাম, কবিতা সম্পৰ্কে ধাৰণা ইত্যাদি দিশৰ আলোচনা চলে৷ গোটটিত প্ৰকাশিত কাব্যৰাজিৰ মাজৰপৰা নিৰ্বাচিত কবিতাৰ পৰ্যালোচনাও আগবঢ়োৱা হয়৷ ইয়াৰ যোগেদি নিজৰ সৃষ্টিৰাজিক সঠিক পথত আগবঢ়াই নিবলৈ কবিগৰাকীয়ে প্ৰেৰণা লাভ কৰে৷ অসমীয়া কবিতাৰ মায়াজালনামৰ ফেচবুক পৃষ্ঠাত মাধৱদেৱৰ নামঘোষাৰ পদকে ধৰি তৰুণৰাম ফুকনৰ শিশুস্তুতি’, নীলিমা ঠাকুৰীয়া হকৰ পোখামেলা বাট’, দেৱকান্ত বৰুৱাৰ কবিৰ কামনা’, মহিম বৰাৰ মাছ’, হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি’, নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত’, ৰোনাল্ডো টাইডৰ প্ৰেমৰ নদী’, হীৰেন ভট্টাচাৰ্যৰ এজন বন্ধুৰ উক্তি’, ‘সেই নদী’, জয়া পণ্ডিত(হেলেন)ৰ একতা’, নীলিম কুমাৰৰ অঘৰী প্ৰেমিক’ (মামণি ৰয়ছম গোস্বামীলৈ উৎসৰ্গিত), ‘আলহী’, প্ৰণৱ কুমাৰ বৰ্মনৰ প্ৰেয়সীআদি ছপা কবিতাক ইউনিকডলৈ ৰূপান্তৰ কৰা হৈছে৷ অনেকে আকৌ ৱাটছএপকো কাব্যচৰ্চাৰ এখন গুৰুত্বপূৰ্ণ মঞ্চ ৰূপে আদৰি লৈছে৷ ৱাটছএপ গোটৰপৰা ইতিমধ্যে কাব্যপুথি ছপা হৈ ওলাইছে৷ ২০১৫ চনৰ ৩১ অক্টোবৰত দিবাকৰ ৰেণুৰ সম্পাদনাত উত্তৰ-পুৰুষৰ মঞ্চনামৰ গোটটিৰ কবিতাৰে প্ৰকাশিত উত্তৰ পুৰুষৰ কবিতা ইয়াৰ উল্লেখনীয় উদাহৰণ৷

সামাজিক নেটৱৰ্কিং ছাইটৰ সাহিত্য গোটসমূহে অসমীয়া কাব্যচৰ্চাৰ এক নতুন পৰিৱেশ গঢ়ি তুলিছে৷ অসমীয়া কবিতাক নিৰ্দিষ্ট ভৌগোলিক আৱেষ্টনীৰ মাজত আৱদ্ধ নাৰাখি বিশ্ববাসীৰ মাজত বিয়পাই দিছে৷ ফেচবুক গোটসমূহে সময়ে সময়ে কবিতা লিখা প্ৰতিযোগিতা, বঁটা প্ৰদান তথা বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰাৰ ফলত কাব্য-চৰ্চাৰ প্ৰতি আগ্ৰহীসকলক উৎসাহিত কৰিছে৷ বিশেষকৈ অসমীয়া কবিতা চৰ্চাগোটৰপৰা অসমীয়া কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ লগতে প্ৰতিযোগিতাৰ শেষত আটাইবোৰ পাণ্ডুলিপি একগোট কৰি প্ৰকাশৰো ব্যৱস্থা কৰা হয়৷ ফেচবুকৰ কবিতা ইতিমধ্যে ছপা গ্ৰন্থৰ ৰূপতো প্ৰকাশ পাইছে৷ এয়া অসমীয়া সাহিত্যৰ বাবে অত্যন্ত ইতিবাচক তথা আদৰণীয় পদক্ষেপ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ ফেচবুকৰ পোন্ধৰজন সদস্যৰ উদ্যোগত ২০১২ চনৰ ২৩ ডিচেম্বৰত প্ৰকাশ পায় ৰাতিৰ ৰামধেনুসাহিত্যৰ জুহালগোটৰ সৌজন্যত জুহালৰ কবিতা; সমকালীন অসমীয়া কবিৰ কবিতা নামেৰে দুখনকৈ কাব্যপুথি প্ৰকাশ পাইছে৷ ভূপেন্দ্ৰ শইকীয়াই নব্য মাধ্যম(বিশেষকৈ ফেচবুক)ৰ কবিতাৰে মনৰ প্ৰতিবিম্ব নামেৰে এখন ৰঙীন সচিত্ৰ কাব্যগ্ৰন্থ প্ৰকাশ কৰিছে৷ একেদৰে ৰাজীৱ ৰাজখোৱা আৰু মানসজ্যোতিৰ সম্পাদনাত ফেচবুকৰ ৩০৩টা নিৰ্বাচিত কবিতাৰ সংকলন; হেমন্তজ্যোতি গগৈৰ সম্পাদনাত অনুভৱৰ কুঁৱলী আৰু শব্দকুসুম; ৰাজশ্ৰী বৰগোহাঁইৰ ভুৰুকা; মানসজ্যোতি কলিতাৰ সম্পাদনাত ফেচবুকৰ এশ এটা কবিতা ছপা হৈ ওলাইছে৷

নব্য মাধ্যমত অসমীয়া কাব্যচৰ্চাৰ এখন অন্যতম ক্ষেত্ৰ হল অসমীয়া সাহিত্যভিত্তিক ব্লগসমূহ৷ ন-পুৰণি কবিৰ কবিতা, কথা-কবিতা, মিত-ভাষ, আপদীয়া পদ্য, হাইকু ইত্যাদিৰ প্ৰকাশ তথা সংৰক্ষণৰ দিশত অসমীয়া ব্লগসমূহৰ ভূমিকা অনস্বীকাৰ্য৷ ব্লগসমূহে অসমৰ ভালেসংখ্যক বিশিষ্ট কবিৰ ছপা কবিতা ইউনিকডলৈ ৰূপান্তৰণেৰে নব্য মাধ্যমত অসমীয়া কবিতাৰ প্ৰচাৰ-প্ৰসাৰ তথা সংৰক্ষণত প্ৰাধান্য দিছে৷ প্ৰথম অসমীয়া সমূহীয়া ব্লগ সুগন্ধি পখিলা (হৃদয়ৰ ভাষা)ত (http://xugondhipokhila.blogspot.in) হৃষীৰাজ শৰ্মাৰ এতিয়া তোমাৰ দুচকুত নদী বোলাৰ প্ৰয়োজন কি?’, মিতালী বৰ্মনৰ শৰৎ’, এম. আবু হানিফাৰ তোমালৈ’, কুলদীপ মেধিৰ সংকীৰ্ণ ভৱিষ্যত’, চন্দ্ৰমা কলিতাৰ ভূপেন দা তুমি অমৰ হোৱা…’, চন্দনৰ এটা হাইকু’, ৰিদিপ কুমাৰ নাথৰ এই ধৰক, লগ পাই গলোঁ হঠাতে এদিন তেওঁক’, যামিনী অনুৰাগ অনূদিত মোৰ ঠিকনাঅমৃতা প্ৰীতমৰ কবিতা’ (মূল : পাঞ্জাবী কবিতা), ‘যমৰাজৰ দিশ’(মূল হিন্দী : চন্দ্ৰকান্ত দেৱতালেৰ য়মৰাজ কী দিশা’)ৰ দৰে কবিতা প্ৰকাশ পাইছে৷ কংকণ তালুকদাৰৰ হৃদয় চিৰ চেনেহী মোৰ ভাষা জননী’(kankandelhi.blogspot.in)ত তেওঁৰ ৰচিত বহু মৌলিক কবিতা; ‘অসমীয়া কবিতা’(axomiyakobita.blogspot.in)ত ফেচবুকৰ অসমীয়া কবিতাআৰু দেবু কোঁৱৰৰ ৰোমাণ্টিক কবিতানামৰ দুয়োটা গোটৰ কবিতাৰাজি আৰু ৰিদীপ কুমাৰ নাথৰ হৃদয়ৰ কুঠৰিচিনাকি-অচিনাকি’ (কথা-কবিতা), ‘আমন্ত্ৰণ’, ‘আশা’, ‘নিয়ৰ’, ‘কবিতা’, ‘অভিনয়’, ‘হাঁহি’, ‘সুখ-দুখ’, ‘কৃত্ৰিমতাআদি ভালেমান কবিতা প্ৰকাশ পাইছে৷

চন্দন চিৰিং ফুকনৰ নিয়ৰ পৰশ’(niyorporoshchandan.blogspot.in)ত তেওঁৰ শেষ হবলৈ ধৰা ৰাতি এটাৰ কথা’, ‘অৱসাদৰ কবিতা’, ‘নীলপদ্ম’, ‘বিষাদৰ দুশাৰীমান’, ‘ৰবাত তুমি বাঁহী এটি হৈ’, ‘সাঁকো হেৰাল’, ‘ধূসৰতাৰ কাব্য’, ‘মূৰ তুলি চোৱা অস্থিৰ বুদ্ধ’, ‘মাটিৰ বাঁহী’, ‘সেউজীয়া ছাঁবোৰ’, ‘ঈশ্বৰ’, ‘উলটি নহা নাওবোৰইত্যাদি; যামিনী অনুৰাগৰ গুঞ্জন’(aakax.blogspot.in)ত অনুৰাগৰ স্মৃতিৰ উদ্যান’, ‘কাঁচৰ ঘৰ’, ‘মদিৰা আৰু সোঁৱৰণী পুৰণি হলেই ভাল’, ‘বন্ধুলৈ’; মনোজমন কলিতাৰ মোৰ অন্তৰৰ দুৱাৰ’(monojmonkalita.blogspot.in)মোৰ ভালপোৱাৰ ঠিকনা পুলিবৰ তিনিআলি’, ‘মৰমৰ’, ‘বান আহিছিল’, ‘এজন অপ্ৰেমিকৰ মৃত্যু’, ‘জোনাকী পৰুৱা’, ‘সাধুকথা’, ‘আপদীয়া পদ্য-১আদি; বিশ্বজিৎ নাথৰ স্পন্দন’(http://osrukona.blogspot.in)চাকি’, ‘মনত পৰেনে উৰ্মিমালা’, ‘মই স্পন্দন হব নোৱাৰোঁ’, ‘বিয়লি বেলাত অশ্ৰুকণাৰ বিলৈ’, ‘প্ৰলয়’, ‘তুমি নাইমোৰ অস্তিত্বও নাই…’ আদি; বৰ্ণালী দেউৰীৰ মন কহুৱা বন’(barnali-blogerspot.blogspot.in)গীত’, ‘বৰণ’, ‘নতুন বছৰৰ শুভেচ্ছাৰে’, ‘বৰষুণ’, ‘জৰী’; পল্লৱপ্ৰাণ গোস্বামীৰ বৰ্ণমালা’(barnamaala.blogspot.in)চিলা’, ‘গান’, ‘শাৰীৰিক’, ‘ভাওনাআদি কবিতা প্ৰকাশ পাইছে৷ হিমজ্যোতি তালুকদাৰৰ মই আৰু মোৰ পৃথিৱীত নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত’, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কুম্পুৰ সপোন’, অতুলচন্দ্ৰ হাজৰিকাৰ দেৱদাসী’, চৈয়দ আব্দুল মালিকৰ মই অসমীয়া’, দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছা’, হেম বৰুৱাৰ মমতাৰ চিঠি’, চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ’, হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি’, নলিনীবালা দেৱীৰ সাৰথি’, হীৰেন ভট্টাচাৰ্যৰ ভোগালী’, পাৰ্বতিপ্ৰসাদ বৰুৱাৰ জোনাকৰ দৰে কবিতা সংৰক্ষিত আছে৷

যতীন্দ্ৰনাথ দুৱৰাৰ নিসংগতা’, ‘মগনিয়াৰ’, ‘ওমৰৰ আক্ষেপ’, ‘অতীতক যোৱাহে পাহৰিপ্ৰভৃতি নিৰ্বাচিত কবিতা আৰু কথা-কবিতাৰে আশাৰ দুবৰি’(http://aaxardubori.blogspot.in/) সমৃদ্ধ হৈছে৷ http://bhattacharyya.blogspot.in/ নামৰ ব্লগটিত হীৰেন ভট্টাচাৰ্যৰ জীৱন-কৃতিৰ আলেখ্যৰ লগতে নিৰ্বাচিত কবিতা আৰু আলোকচিত্ৰ সংৰক্ষিত আছে৷ একেদৰে মালক্ষ্মী ভাগৱতীৰ ‘gungun… গুণগুণসুৰ আৰু শব্দৰ এই কণমানি পৃথিৱীখনলৈ স্বাগতম’(malaxmibhagawati.blogspot.com)ত হীৰেন ভট্টাচাৰ্যৰ মোৰ বুকুত কি জ্বলে’, দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছা’, হিতেশ্বৰ বৰবৰুৱাৰ কাণৰ থুৰীয়া’, নৱকান্ত বৰুৱাৰ এটা প্ৰেমৰ পদ্য’, হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি’, হেম বৰুৱাৰ মমতাৰ চিঠি’, অতুলচন্দ্ৰ হাজৰিকাৰ দেৱদাসীআদি কবিতা বৈদ্যুতিন ৰূপত সংৰক্ষিত আছে৷ অম্বিকাগিৰী ৰায়চৌধুৰীৰ বেদনাৰ উল্কা; দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছা; অজিৎ বৰুৱাৰ ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য; অমূল্য বৰুৱাৰ অচিনা আদি কাব্যপুথি নিবিড় বৰপূজাৰীৰ ব্লগ অসম’(http://blogasom.blogspot.in)ত আৰু পল্লৱপ্ৰাণ গোস্বামীৰ শাৰীৰিক তেওঁৰে বৰ্ণমালা’ (barnamaala.blogspot.com) নামৰ ব্লগত উপলব্ধ৷ দিব্যজ্যোতি শইকীয়াৰ http://www.writeriot.blogspot.in/ত মহেন্দ্ৰ বৰা, হীৰেন ভট্টাচাৰ্য, অৱনী চক্ৰৱৰ্তী, নীলিম কুমাৰ আৰু বিপুলজ্যোতি শইকীয়াৰ বহুকেইটা কবিতাৰ ইংৰাজী অনুবাদ প্ৰকাশ পাইছে৷ আটাইকেইটা কবিতা অনুবাদ কৰিছে দিব্যজ্যোতি শইকীয়াই৷ ব্লগসমূহৰ যোগেদি এচাম নতুন কবিৰ সৃষ্টি হৈছে যিয়ে নিজা ব্লগ খুলি অসমীয়া কবিতাৰ চৰ্চা কৰিবলৈ আগবাঢ়ি আহিছে৷

অসমীয়া কাব্য-সাহিত্যৰ বহুলভাৱে প্ৰচাৰ-প্ৰসাৰ আৰু সংৰক্ষণ-সংবৰ্ধনত নব্য মাধ্যমৰ অন্যান্য উপাদানতকৈ কবিতাভিত্তিক তথা ভিন্নধৰ্মী বৈদ্যুতিন আলোচনীসমূহৰ গ্ৰহণযোগ্যতা সৰ্বাধিক৷ সম্পাদকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে বৈদ্যুতিন আলোচনীৰ কবিতাসমূহে ছপা কবিতাৰ দৰে গুৰুত্ব দাবী কৰিব পাৰে৷ এনে আলোচনীৰ কবিতাৰাজিয়ে পাঠকক ভিন্ন বিষয়বস্তুৰ সোৱাদ দিছে৷ একে সময়তে পূৰ্ণাঙ্গ বৈদ্যুতিন কাব্যগ্ৰন্থ আৰু ছপা কাব্যগ্ৰন্থৰ বৈদ্যুতিন সংস্কৰণ প্ৰকাশৰ যোগেদি স্বকীয় ভাষাৰ বৈদ্যুতিন কাব্য-ক্ষেত্ৰখন সমৃদ্ধ কৰিছে৷ নতুন কবি-সাহিত্যিক সৃষ্টিতো আলোচনীসমূহৰ প্ৰচেষ্টা শলাগিবলগীয়া৷ ২০০৮ চনত অসমীয়া কবিতাই আইৰ যোগেদি বৈদ্যুতিন আলোচনীত ভুমুকি মাৰে যদিও ২০১০ চনতহে এনাজৰীত ইউনিকডভিত্তিক কবিতাৰ প্ৰকাশ আৰম্ভ হয়৷ পিছলৈ সাহিত্য ডট  অৰ্গ; ফটাঢোল; অনুৰাগ; অভিজ্ঞানম্; মুক্ত চিন্তা; মণিকূট; সন্ধান; ফেঁহুজালি; অন্যযুগ; নীলা চৰাই; নিজাইন; অঙ্গন; সৃষ্টিৰ জিলিঙনি আদিৰ কাব্য শিতানসমূহে মৌলিক আৰু অনূদিত উভয় ধৰণৰ কবিতাক সামৰি লয়৷

বিশেষকৈ আই; কাঁচিয়লি; আস্থা; ৰাজপথৰ কবিতা; কাব্যকানন; খোজ; প্ৰান্তিকা; অসমীয়া কবিতা; নিয়ৰ; Poetry Without fear আদি কাব্য আলোচনীয়ে অসমীয়া কবিতাৰ বৈদ্যুতিনভাৱে প্ৰচাৰ-প্ৰসাৰ আৰু সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ ২০১৭ চনত গঠিত কাব্যকানন- কবিতাৰ বাগিচা, অসম’ (বৰ্তমান অসম কাব্য কানন’) নামৰ ফেচবুক গোটটিৰ প্ৰথমখন ৰাজহুৱা সভাত কাব্যকানন (২০১৮, ২৯ এপ্ৰিল) প্ৰকাশ পায়৷ পিছলৈ এই গোটৰ প্ৰতি ত্ৰৈমাসিক অধিৱেশনত কাব্যকানন উন্মোচন কৰা হৈছিল যদিও কৰোনা মহামাৰীৰ বাবে কাব্যকাননৰ ছপা ৰূপৰ ধাৰাবাহিকতা বৰ্তি নাথাকিল৷ ২০২০ চনৰ আগষ্ট মাহৰপৰা নৱ ৰাজনৰ সম্পাদনাৰে কাব্যকানন বৈদ্যুতিন ৰূপত প্ৰকাশ পাবলৈ লয়৷ কবিতা আৰু কবিতা সম্পৰ্কীয় প্ৰবন্ধই কাব্যকাননৰ মূল বিষয়৷ ইমৰান শ্বাহ, নগেন শইকীয়া, বসন্ত কুমাৰ ভট্টাচাৰ্য, ইছমাইল হোছেইন, জুবিন গাৰ্গ, যাদৱ পায়েং, ৰঞ্জু হাজৰিকা, নীলিম কুমাৰ, যুগললোচন দাসকে ধৰি বহু সাহিত্যিক, শিল্পী, কবিৰ সৈতে কথোপকথন আলোচনীখনে সামৰি লৈছে৷ অন্যহাতে প্ৰণৱ কুমাৰ বৰ্মন, বিজয় বেজবৰুৱা, তপন বৰুৱা, গায়ত্ৰী দেৱী বৰঠাকুৰ, ৰশ্মিৰেখা ভূঞা, পবিত্ৰ কুমাৰ নাথ, মিণ্টু দুৱৰা, বিশ্বজিৎ গগৈ, ৰিংকু বৰুৱা ইত্যাদি কবিৰ কবিতা আলোচনীখনে সামৰি লৈছে৷ নিৰলস সাধনা আৰু ঐকান্তিক প্ৰচেষ্টাৰে কাব্য সাধনাত ব্ৰতী কাব্যসাধক এগৰাকীক পাণ্ডুলিপি প্ৰতিযোগিতাৰ মাজেৰে কাব্যকাননৰ উদ্যোগত কাব্যম বঁটাৰে সন্মানিত কৰা হয়৷

২০১৮ চনৰ জুলাই মাহত ৰাণাদ্বীপ কৌশিকৰ মুখ্য সম্পাদনা আৰু ময়ূৰী গোস্বামীৰ সম্পাদনাৰে লখিমপুৰ বিহপুৰীয়াৰ লাহলিয়ালৰপৰা প্ৰান্তিকা নামৰ তিনিমহীয়া কাব্য আলোচনীখন পি.ডি.এফ. ৰূপত প্ৰকাশ পায়৷ লৰেঞ্চ বৰপাত্ৰ, হিমাংশু প্ৰসাদ দাস, মণিকা দাস, জিন্তু ভূঞা, ৰেইনী শইকীয়া, তপন কুমাৰ নগঞা, ময়ূৰী গোস্বামী, হেমন্ত কুমাৰ চাহ, বনজিৎ শৰ্মা, অৰূপ শৰ্মা, দেবাশিস বৰা, কবিতা কুৰ্মী, উপাসনা ভূঞা, ভাৰ্গব তালুকদাৰ, কাজল নয়ন, অশ্বিনী গগৈ, ৰাজেশ কুমাৰ নন্দী, অনুৰাগ শইকীয়া, বিকাশ সূত্ৰধাৰ, ভগীৰথ গোৱালা, ৰাণাদ্বীপ কৌশিক, দুৰ্লভ বৰুৱা, পাৰবিন চুলতানা, প্ৰণীতা বৰঠাকুৰ, দিব্যা আত্ৰেয় আদি ন-পুৰণি কবিয়ে প্ৰান্তিকাত কবিতা-চৰ্চা কৰি আহিছে৷ আকৌ চিন্ময় কলিতা সম্পাদিত আস্থা নামৰ পি.ডি.এফ. কাব্যলোচনীখনত দিপাঙ্কৰ বৰা, প্ৰণৱ চক্ৰৱৰ্তী, পিঙ্কু ৰাজবংশী, গুণজিৎ শইকীয়া, বিতু বুঢ়াগোহাঁই, মঞ্জিত হাজৰিকা, অলিস্মিতা ডেকা, জয়চন্দ্ৰ শৰ্মা, নিবেদিতা হাজৰিকা, ত্ৰিদীপ লহকৰ, প্ৰিয়ংকা কাকতি, মৃদুস্মিতা চৌধুৰী, মিতু ৰাজ, সাগৰিকা ৰাজবংশী, বৰ্ণালী ডেকা, কংকন শৰ্মা, দৃষ্টিৰূপা বৰদলৈ, বাবুল ভূঞা, প্ৰতীক্ষা শইকীয়া, দীপজ্যোতি বৰুৱা, নীৰৱ জোনাক, অল্পজ্যোতি গোহাঁই, নিপুণ তালুকদাৰ, পিনাকপাণি বশিষ্ঠ, হিমাশ্ৰী বৰা আদি কবিয়ে কাব্য-চৰ্চা কৰি আছে৷ ৰাগিণী আলম্যানৰ মুখ্য সম্পাদনাৰে মেঘালী-বোধিদ্ৰুম : সাহিত্যচৰ্চা সমাজৰদ্বাৰা প্ৰকাশিত কাঁচিয়লিয়ে ন-পুৰণি কবিৰ কবিতা তথা সম্পাদকীয়’, ‘কাঁচিয়লি মনৰ বতৰা’, ‘কাঁচিয়লি বাৰ্তালাপ’, ‘অণুবীক্ষণইত্যাদি শিতান সামৰি লৈছে৷ ৰুলী বৰগোহাঁই গগৈ, ভগৱান কলিতা, মন্দিৰা তামুলী, ৰফিক উদ্দিন, স্বপ্না লাহন, সংগীতা বড়া, গিৰিশ চন্দ্ৰ বৰা, দিলীপ পৰাজুলী, অভিজিৎ কোঁৱৰ, দীপালি শইকীয়া, অসীম দত্ত, প্ৰদীপ সিং, অনুস্মিতা ফুকন আদিৰ কবিতা আলোচনীখনত প্ৰকাশ পাইছে৷ চিত্তাকৰ্ষক বেটুপাত, মননশীল সম্পাদকীয়, সাক্ষাৎকাৰ, নিৰ্বাচিত বিশেষ কবিতাৰ বিশ্লেষণ তথা ভিন্নস্বাদৰ কবিতাসমূহে কাঁচিয়লিক অনন্য মাত্ৰা প্ৰদান কৰিছে৷

২০১৯ চনৰ ১২ ডিচেম্বৰত ৰাজপথৰ কবিতা নামৰ পষেকীয়া কাব্যালোচনীখন নগাঁৱত উন্মোচন কৰা হয়৷ বৰ্ণমালা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত আলোচনীখনৰ কাৰ্যবাহী সম্পাদক পল্লৱপ্ৰাণ গোস্বামী, প্ৰকাশন সভাপতি প্ৰদীপ কুমাৰ বৰা আৰু পৰিচালন সম্পাদক দুলাল বৰা৷ এতিয়ালৈকে আলোচনীখনত মণিকুন্তলা ভট্টাচাৰ্য, চিৰাজ খান, দীপক মহন্ত, মনোহৰ তাঁতী, ধনবৰ ভূঞা, আনন্দ কুমাৰ নাথ, তপন শইকীয়া, দুলাল চন্দ্ৰ বৰুৱা, কৈলাস কুমাৰ ৰাজখোৱা, মৃদুল হালৈ, কল্যাণ ভূঞা, ৰশ্মিৰেখা বৰা, ৰাজীৱ বৰা, সনন্ত তাঁতি, জ্ঞান পূজাৰী, ফয়জুল হক আহমেদ, কুশল দত্ত, প্ৰকল্প ৰঞ্জন ভাগৱতী, দিগন্ত ৰাগ, কাজী নীল, ৰাশ্বেল চৌধুৰী, বিজয় শংকৰ বৰ্মন, অংকুৰ ৰঞ্জন ফুকন, প্ৰতীম বৰুৱা, অলকেশ কলিতা, ৰাজীৱ বৰুৱা আৰু কিশোৰ মনজিৎ বৰাৰ কবিতা প্ৰকাশ পাইছে৷ ২০২০ চনৰ ১ মাৰ্চত কুশল দত্তৰ অতিথি সম্পাদনাত প্ৰকাশিত ৰাজপথৰ কবিতাৰ ষষ্ঠ সংখ্যাটি অনুবাদ কবিতাৰে সজোৱা হয়৷ কে সচ্ছিদানন্দনৰ থিয় দিয়া মানুহ’ (মূল মালায়ালম কবিতাৰ কবিকৃত ইং. অনু.ৰপৰা অসমীয়া অনু.: ৰাজীৱ বৰুৱা), ফেইজ আহমদ ফেইজৰ আমি চাই ল’ (মূল উৰ্দু কবিতাৰ হিন্দী অনু.ৰপৰা অস. অনু.: বিতোপন গগৈ), সুবোধ সৰকাৰৰ ইংৰাজী’ (মূল বাংলাৰপৰা অস. অনু.: কুমুদ ঘোষ), দিনকৰ কুমাৰৰ আমি জাগ্ৰত জনতা’ (মূল হিন্দীৰপৰা অস. অনু.: ডলীপ্ৰিয়া বৰুৱা), নাজিম হিকমতৰ দেওবাৰ’ (তুৰ্কী মূলৰপৰা তলাট ছেইট হলমেনকৃত ইং. অনু.ৰপৰা অস. অনু.: প্ৰকল্প ৰঞ্জন ভাগৱতী) এই সংখ্যাৰ উল্লেখযোগ্য কবিতা৷ ইয়াৰ উপৰি নয়নমণি শইকীয়াৰ মাৰ্শাল হেমব্ৰমৰ চাওতালী ভাষাৰ কবিতাআৰু ছা হা বা হাৰ্টিৰ বাংলা কবি শ্ৰীজাতৰ কবিতাই অসমীয়া অনূদিত কবিতাৰ ক্ষেত্ৰখনৰ সমৃদ্ধি সাধনত ভূমিকা আগবঢ়াইছে৷ অতিথি সম্পাদনাৰে প্ৰকাশিত ৰাজপথৰ কবিতাৰ প্ৰথম ছটা সংখ্যা (প্ৰথমৰপৰা ষষ্ঠ সংখ্যা) নব্য মাধ্যমত উপলব্ধ৷

Poetry Without Fear এখন দ্বিভাষী (অসমীয়া, ইংৰাজী) আলোচনী৷ আলোচনীখনৰ মূল লক্ষ্যই হল শংকাবিহীনভাৱে কবিতাৰ প্ৰচাৰ চলোৱা৷ আলোচনীত প্ৰকাশিত কবি আৰু কবিতাসমূহৰ ভিতৰত শোণিত বৰঠাকুৰ অনূদিত পল লৰেন্স ডানবাৰৰ আমি মুখাধাৰী’ (‘We wear the mask’), ‘কৃষ্ণাঙ্গৰ এক প্ৰেমগীত’ (‘A Negro Love Song’), ‘এক আবেদন’ (‘A Plea’), ‘ক্ষতিপূৰণ’ (‘Compensation’), ‘ঋণ’ (‘The Debt’), ‘জীৰ্ণ’ (‘Worn Out’); প্ৰকল্প ৰঞ্জন ভাগৱতী অনূদিত মাহমুদ ডাৰউইশ্বৰ এথেন্স বিমানবন্দৰ’ (‘Athens Airport’), ‘মই সপোন দেখিবলৈ শুই নাথাকোঁ’ (‘I do not Sleep to Dream’); ননী বৰদলৈ অনূদিত গেব্ৰিয়েলা মিষ্ট্ৰালৰ মই অকলশৰীয়া নহয়’ (‘I am not alone/ Non Sono Sola’), ‘গধূলি’ (‘Dusk’), ‘বেদনাহত মাতৃ’ (‘The Sad Mother’) আৰু হিতেন শৰ্মাৰ ছাতিৰ তলৰ প্ৰেম সন্ধ্যা’, ‘জিগিনী-প্ৰেমৰ মালিতাআদি৷ ইয়াত ভালেসংখ্যক অসমীয়া কবিতাৰ মূল ৰূপ আৰু ইংৰাজী অনুবাদ উভয়ে উপলব্ধ৷ উদাহৰণস্বৰূপে- আনন্দ বৰমুদৈ অনূদিত নগেন শইকীয়াৰ মিতভাষ নীৰৱতাৰ শব্দ যেতিয়া’ (‘When the Words of Silence Pervade’), ‘খণ্ডিত ছবিৰে ভৰি থকা মজিয়াত’ (‘The Floor Littered with Fragmented Pictures’), ‘শিলৰ দৰে কঠিন’ (‘As Hard as Stones’), ‘তেওঁ কেতিয়াবা মেঘ’ (‘Occasionally He Becomes Clouds’), সত্যকাম বৰঠাকুৰৰ অনুৰ্বৰ’ (‘Arid’), নন্দ সিং বৰকলাৰ দৰ বসুন্ধৰা’ (‘The Earth of Sunshine’), ‘পৰিচয় বিচাৰি’ (‘In Search of an Identity’); নয়নজ্যোতি হাজৰিকা অনূদিত উদয় কুমাৰ বৰুৱাৰ জীৱন নৈৰ মালিতা’ (‘Ballad of Life’), ‘মন যদি পোহৰ পিয়াসী’ (‘If the Mind Yearns for Light’); কৃষ্ণ দুলাল বৰুৱা অনূদিত বীৰেন গগৈৰ ওপজা গাঁও’ (‘Village of my birth’), ‘ফুল ফুলিবই’ (‘Flowers shall surely bloom’), প্ৰণৱী গগৈৰ আপুনি যদি অৰণ্যখন’ (‘If you’ve lost the forest’), ‘আহা ডড চৰাই হওঁ’ (‘Come let’s be dodos’) আদি৷ ইয়াৰ উপৰি অনিৰ্বাণ দত্তৰ পৰিৱেশ্য কবিতা : কবিতাৰ গণমুখী যাত্ৰা’; কিৰণ দাসৰ যোগেন টাইডৰ কবিতা : প্ৰাকৃতিক উপাদানৰ সমাহাৰ’; আনন্দ বৰমুদৈৰ ‘Lutfa Hanum Salima Begum’s Botahat Torar Akhoi Phutise‘; ‘Post Independence Assamese Poetry’; দীক্ষিতা ভূঞাৰ ‘Between Births : Poetic Glory of Lakshahira Das’; মৃদুল বৰদলৈৰ ‘Kalyan Bhuyan’s ‘The Sky over the Window’ : A Review’ৰ দৰে গদ্য তথা গ্ৰন্থ সমীক্ষা প্ৰকাশ পাই আহিছে৷ আলোচনীখনত বহুকেইজন প্ৰতিষ্ঠিত অসমীয়া কবিৰ সৈতে কথোপকথনো সন্নিৱিষ্ট আছে৷

বিবিধ বিষয়, আংগিকেৰে পৰিপুষ্ট ছপা কবিতাৰ পুনৰ বৈদ্যুতিনভাৱে প্ৰকাশ তথা সংৰক্ষণত এনাজৰী;নীলা চৰাই আৰু অসমীয়া অনলাইনৰ ভূমিকা সঁচায়ে প্ৰশংসনীয়৷ আলোচনী তিনিখনত লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, অম্বিকাগিৰী ৰায়চৌধুৰী, চন্দ্ৰধৰ বৰুৱা, অতুলচন্দ্ৰ হাজৰিকা, ভৱেন বৰুৱা, দেৱকান্ত বৰুৱা, দুৰ্গেশ্বৰ শৰ্মা, হেম বৰুৱা, হীৰেন্দ্ৰনাথ দত্ত, হিতেশ্বৰ বৰবৰুৱা, যজ্ঞেশ্বৰ শৰ্মা, জ্যোতিপ্ৰসাদ আগৰৱালা, নলিনীবালা দেৱী, হীৰেন ভট্টাচাৰ্য, নৱকান্ত বৰুৱা, নীলমণি ফুকন, কবীন ফুকন, কৰবী ডেকা হাজৰিকা, প্ৰণৱ কুমাৰ বৰ্মন, নীলিম কুমাৰ প্ৰমুখ্যে বহু বিশিষ্ট কবিৰ কবিতা সংৰক্ষিত আছে৷ সমান্তৰালকৈ গজেন গোস্বামী, অবিনাশ কলিতা, ৰেখা বৰগোহাঁই, ধীৰাজ কলিতা, কৰণ দেৱৰাজৰ দৰে নতুন কবিৰ কবিতাও অসমীয়া অনলাইনত প্ৰকাশ পাইছে৷ তদুপৰি দেৱকান্ত বৰুৱা, ৰাম গগৈ, হেম বৰুৱা, চৈয়দ আব্দুল মালিক, সনন্ত তাঁতি, হৰেকৃষ্ণ ডেকা, লুটফা হানুম ছেলিমা বেগম, ৰীতা চৌধুৰী, আনিছ উজ জামান, সমীৰ তাঁতী, অনুভৱ তুলসী, এম. কামালুদ্দিন আহমেদ, জীৱন নৰহ আদি কবিৰ কবিতাও বৈদ্যুতিন আলোচনীত প্ৰকাশ তথা সংৰক্ষণ কৰা হৈছে৷ ভিন্নধৰ্মী আলোচনীৰ কাব্য শিতানসমূহত নিয়মিতভাৱে বহু ন-পুৰণি কবিয়ে কাব্য-চৰ্চা কৰি আছে৷ তেনে কবি আৰু কবিতাসমূহ হল অৰ্চনা ঠাকুৰীয়াৰ ফটিকা খোৱা চকুলো’, মিণ্টুল হাজৰিকাৰ চেঁচুকীয়া পৰা গৰু গাড়ীৰ যন্ত্ৰণাপিষ্ট গৰাকী’, দাদুল ভূঞাৰ গান্ধাৰী’, যশোৱন্ত নিপুণৰ আবেলি’, ৰৌচন আলিৰ চিঞৰ’ (অন্যযুগ, কবিতা’); দেৱজিৎ বৰাৰ দৰ কলিজাত নামি অহা এজাক বৰষুণ’ (ৰঙা জিঞাৰ কবি মহিম বৰাদেৱৰ চৰণত) আৰু দিগন্ত কুমাৰ বড়াৰ লুইতৰ বুকুত জাহ যোৱা এখন গাঁৱৰ কথাৰে’ (জোনাকীৰ বাটেৰে); স্বপ্নালী কলিতাৰ সোঁহাতৰ তৰ্জনী আঙুলিটো’, নমিতা তালুকদাৰৰ জীয়া শিল’ (সাহিত্য ডট অৰ্গ), প্ৰশান্ত কুমাৰ বৰুৱাৰ সাধু শেষ হোৱা নাই’, মধুছন্দা চলিহা ভূঞাৰ ধোঁৱাৰ প্ৰতীক্ষাত’ (মুক্ত চিন্তা, ‘গল্প-কবিতা’), নীলোৎপল নেওগৰ সুখৰ এজাক বৰষুণ’, লাহৰি মোহন দত্তৰ আই তোক পামনে?’ আৰু মেহেনাজ সৰকাৰৰ কবিতা ভালপোৱা ছোৱালীজনী’ (মণিকূট, ‘কবিতা’) ইত্যাদি৷

টোলন তছাৰ ৰূপান্তৰ’(নীলা চৰাই)ত অন্তৰ্কথন অভিজ্ঞতাৰে সিক্ত কবিয়ে পৰিৱৰ্তনৰ স্বাভাৱিকতা স্বীকাৰ কৰিও গভীৰ অথচ বাস্তৱ জীৱনবোধ, সত্যক তুলি ধৰিবলৈ প্ৰয়াস কৰিছে৷ সময় বাগৰে, সময়ৰ লগে লগে সলনি হয় আয়ুস৷ কবিয়ে সময়ৰ সৈতে সলনি হোৱা পৰিৱৰ্তনৰ ন ধাৰাক গ্ৰহণ কৰি পুৰণিক বিদায় দি নতুনক আদৰাৰ কথা স্বীকাৰ কৰিছে৷ কবিয়ে লিখিছে এনেদৰে: ‘‘বৈ যায় নিৰৱধি সময়, সলনি হয় বছৰ/ আয়ুস কমে, স্ফূৰ্তিহে নকমে জীৱনৰ/ পৰিৱৰ্তনকামী ধৰাত তেনেই স্বাভাৱিক/ পুৰণিক বিদায় আৰু নতুনক আদৰ’’ (তছা শাৰী ১-৪)৷

কবিয়ে আত্মবোধেৰে এই জীৱনৰ মায়াৰ ৰহস্য বাৰে বাৰে ভেদ কৰিব খোজে৷ কমি অহা আয়ুসৰ সৈতে বাৰে বাৰে বুজাপৰা কৰি জীৱনৰ সাঁথৰ ভাঙিব খুজিও বাট বিচাৰি নোপোৱা হয়৷ কবিয়ে বুজি উঠে বাৰে বাৰে সাপ-জখলাৰ খেল কিম্বা উত্থান-পতনৰ সীমাহীন অনুভৱ৷ কবিয়ে লিখিছে: ‘‘ময়াপী জীৱন ৰহস্যময় সাঁথৰ/ লক্ষ্য অনেক, বাট ধূসৰ ধূসৰ/ সাপ-জখলাৰ খেল উত্থান-পতনৰ/ সীমাহীন অনুভৱ দুদিনীয়া জীৱনৰ’’ (তছা শাৰী ৫-৮)৷

মানুহৰ জীৱনযাত্ৰা অবিৰত যদিও অলেখ ৰূপান্তৰ এই জীৱনতে দেখা পাইছে কবিয়ে৷ জীৱনৰ বহু ভ্ৰম ভাঙি যোৱাও দেখিছে কবিয়ে৷ এদিন নহয় এদিন জীৱনৰ শলিতা সকলোৰে নুমাব, অহংকাৰো কামত নাহিব বিদায় বেলাত৷ এই বোধগম্যতাৰেই কবিয়ে জীৱনৰ সত্যক কবিতাটিত তুলি ধৰিছে৷ শেষত সেয়ে লিখিছে: অবিৰত যাত্ৰাসময়ৰ গোপন বাগৰ/ সাক্ষী হওঁ আমি অলেখ ৰূপান্তৰৰ/ বিদায় বেলাত ভ্ৰম ভাঙে অহংকাৰৰ/ শলিতা নুমাব এদিন, দেহাবোৰ হবই নিথৰ” (তছা শাৰী ৯-১২)৷ জীৱন দৰ্শনক কবিতাটিৰ মাজেৰে বৰ আটোমটোকাৰিকৈ তুলি ধৰাত কবি সমৰ্থ হৈছে বুলিব পাৰি৷

উৎপল বৰকটকীৰ এনেকৈয়ে যায় নে সময়’ (নীলা চৰাই, ১৭ ডিচেম্বৰ, ২০২৪) কবিতাটিত অস্তিত্বৰ উপলব্ধি, জৈৱিক চেতনা, দুখবোধকেন্দ্ৰিক অনুৰণন প্ৰস্ফুটিত হৈছে৷ স্মৃতিকাতৰ দুখবোধত মজি কবিয়ে চহা জীৱনৰ অৰ্থ বিচাৰিছে কবিতাটিৰ মাজেৰে৷ সময় বৰ জটিল৷ সময়ৰ সোঁতত কেতিয়ানো আমাৰ সোণসেৰীয়া সময়বোৰ হাতৰ মুঠিৰপৰাই হেৰাই গল কবিয়ে ধৰিবকে নোৱাৰিলে৷ কবিয়ে হেৰাই যোৱা লৰালিৰ বাখৰুৱা দিনবোৰ, বকুল তলৰ নেওতা আওৰোৱা সময়বোৰ মনত পেলাই ব্যথিত হয়৷ কবিয়ে লিখিছে: ৰবাত হেৰাই গল/ আমাৰ বাখৰুৱা দিন/ বকুলৰ তলত নেওতা আওৰোৱা/ পাপৰি কোমল লৰালি” (বৰকটকী শাৰী ১-৪)৷

প্ৰশ্ন-বিভোৰ কবিয়ে চেতন অৱধিত নিজকে নিজে সোধে– ‘এনেকৈয়ে যায় নে সময়!যুগ-চেতনা, অনুভূতিশীল মন, বিস্ময়, কৌতুহল, অনুৰাগ কবিতাটিৰ মাজেৰে প্ৰকাশ পাইছে৷ কবিৰ বুকু কঁপি উঠে ফুলাম দিনৰ সোঁৱৰণত৷ কবিৰ বাবে বৰ কঠিন হৈ পৰে হেৰাই যোৱা মানুহৰ মুখবোৰ, সময়বোৰৰ কথা ভাবি৷ কবিয়ে লিখিছে এনেদৰে পুনৰ:

সময় এনেকৈয়ে যায় নে
… … …
আপোন মানুহ (বৰকটকী শাৰী ৫-১১)

             সময়ৰ একাকীত্ব, মনৰ তীব্ৰতা কবিতাটিৰ ভাববস্তু৷ মনৰ ভিতৰৰ আন্দোলিত তাড়নাত কবি উদাস৷ কবিয়ে স্মৃতিৰ মণিকোঠা খুঁচৰি কেৱল শূন্যতাকে পাইছে৷ সোঁৱৰণিত ৰেখাংকিত হৈ থকা ছবিবোৰ বিচাৰি ফুৰিছে অথচ সেয়া যেন এতিয়া পাবলৈ নাই পুনৰায়৷ কবিয়ে লিৰিকি-বিদাৰি চায় গালে-মুখে আৱৰা শূন্যতা, উদং বুকুৰ হাবিয়াস৷ সেয়ে লিখিছে:

বুকুত জাগি উঠে
… … …
শূন্যতা এনেকৈও আহে! (বৰকটকী শাৰী ১৭-২৩)

উৎপল বৰকটকীৰ সংশয়’ (নীলা চৰাই, ৩ নৱেম্বৰ, ২০২৪) নামৰ অন্য এটি কবিতাৰ মাজেৰে ৰহস্যঘন আৱেষ্টনীৰ মাজেৰে ভাব-বিভোৰ হৈ বাস্তৱ স্থিতিক জুখি চোৱাৰ অদম্য প্ৰচেষ্টা প্ৰতিফলিত হৈছে৷ সময়ৰ নিখুঁত নিচান হেৰুৱাই কবি নিজৰ মাজতে দোদুল্যমান৷ কবি আজি পৰিস্থিতিগত সংশয়ৰ বুজা-নুবুজাৰে বেদনাবিদ্ধ৷ স্মৃতিজৰ্জৰ ভাবনাই কবিক খেদি ফুৰে৷ সেয়ে কবিয়ে নিজক বিচাৰি ফুৰে ফাগুনৰ পথাৰ খচি৷ কবি আশাহত বিবৰ্ণ বেলিৰ মুখ চায়৷ শংকিত হয় সংঘাত-সংশয়ৰ বাস্তৱ স্থিতিত৷ কবিয়ে কৈছে:

ফাগুনৰ পথাৰ
… … …
বিবৰ্ণ বেলিৰ মুখ৷ (বৰকটকী শাৰী ৫-১০)

ধূলিয়লি বতাহজাক সাবটি জীৱনৰ বাট পাৰ হৈ আহি শেষত কবি হতাশগ্ৰস্ত হৈছে৷ বিষাদগ্ৰস্ততাত অনেক ভুল-শুদ্ধৰ সংশয় বুকুত লৈ কবি উত্তৰহীন৷

জাতীয় চেতনা, সংবেদনশীল দায়বদ্ধতা, কৰ্মবিমুখ সমাজ বাস্তৱৰ নিৰ্মম চিত্ৰণ আৰু সংশয় লক্ষ্মীনাৰায়ণ বৰাৰ বিবেক’ (অসমীয়া কবিতা) কবিতাত প্ৰকাশ পাইছে৷ চেতনাৰে দুৰ্বল কৰ্মবিমুখ জাতিয়ে যে নিজৰ মাটিতে নিজে এদিন ভগনীয়া হব লাগিব এই চিন্তাই কবিক বেদনাবিদ্ধ কৰে৷ সংস্কৃতিৰ আলমত অপসংস্কৃতিৰ পোহাৰ মেলা দেখি কবি শংকিত হৈ উঠে৷ আনন্দ উৎসৱৰ নামত উদ্বাউল অসমীয়াই নিজে নিজক কিদৰে জলাঞ্জলি দিছে তাকে কবিতাত তুলি ধৰিছে৷ কবিয়ে লিখিছে এনেদৰে:

আমি অসমীয়া নহওঁ দুখীয়া
… … …
গোটেই খৰালিৰ ছমাহ৷ (বৰা শাৰী ১-৮)

চেতন কেন্দ্ৰস্থলীত ৰৈ সাংস্কৃতিক চৰিত্ৰৰ পৰিৰ্ৱতনে আনি দিয়া নেতিবাচক কৰ্মবিমুখিতা আৰু জাতীয় অধঃপতনৰ ভয়াৱহতাৰ চিত্ৰণ কবিতাটিৰ সাৰমৰ্ম৷ শিক্ষিত নিবনুৱাৰ চান্দা সংস্কৃতি, সংগঠনৰাজ, অদূৰদৰ্শী চৰকাৰৰ হিতাধিকাৰী নীতি আৰু তাৰ ফলত কাম-বন এৰি ধোদ হোৱা চামক অনাগত ভয়াৱহতাৰ ইংগিত কবিতাৰ মাজেৰে দিবলৈ যত্ন কৰিছে৷ কবিয়ে লিখিছে শেষত:

বিবেক - তহঁত অসমীয়ানো কিহৰ দুখীয়া
… … …
তেতিয়াহে কাঢ়িবি হা-হুমূনিয়াহ৷ (বৰা শাৰী ২৯-৩৪)

             কবিয়ে কব খুজিছে যে আমি অসমীয়া নহয় দুখীয়াবুলি ভাবি কৰ্মবিমুখ হৈ থাকোঁতে থাকোঁতেই অসমীয়া এদিন অসমতেই ভগনীয়া হব৷ সমাজ সচেতন কবিয়ে কেৱল ভোগবাদী মানসিকতাৰে ভাবৰ বুৰবুৰণিত নিজক নাপাহৰিবলৈ কবিতাৰ জৰিয়তে কব খুজিছে৷

             মজামিল হুছেইনৰ মন যায় মালবিকা’ (অসমীয়া কবিতা) নামৰ কবিতাটিত প্ৰকাশিত জৈৱিক প্ৰয়োজন প্ৰেম আৰু প্ৰেমৰ আন্দোলনত সংবেদনশীল বহিৰ্প্ৰকাশ, ইন্দ্ৰিয় আৰু আত্মাৰ একাকাৰ বেদনা নতুন কথা নহয়৷ প্ৰেমৰ বাবেই ভাৱনা-বেদনাৰ নিবিড় সংযোগ আৰু প্ৰত্যাশাৰ মেলা দুহাত কবিতাটিত দেখা গৈছে৷ চাৱনীৰ ধেনুভিৰীয়া চকু, ৰেটিনাত বন্দী নোহোৱা চৰাই, বলৈ মন যোৱাৰ উৎকণ্ঠা, শাওনী পূৰ্ণিমাৰ জোন প্ৰেম, আকুলতাৰ স্বতস্ফূৰ্ত ক্ৰিয়া৷ কবিয়ে লিখিছে:

মন যায় মালবিকা,
… … …
এথোপা মেঘে বৰষুণৰে তিয়াই তোলে৷ (হুছেইন শাৰী ১-১০)

             আৱেগজৰ্জৰ তাড়না আৰু সজীৱ অনুভূতি কবিতাটিৰ ৰূপতাত্ত্বিক বৈশিষ্ট্য৷ মানৱীয় সংবেদন বুকুৰ নিভৃত কোণৰপৰা নিগৰায়ো কবি কৰবাত ৰৈ যায়৷ কবিয়ে আশা কৰে ভাল দিনৰ, সেয়ে এযুৰি চকুক শদিয়াৰপৰা ধুবুৰীলৈকে বিচাৰি ফুৰে অহৰহ৷ কবিয়ে লিখিছে:

এই হৃদয়ে মিছা কব শিকা নাই,
… … …
প্ৰেমৰ সন্ধানত এযুৰি চকু৷ (হুছেইন শাৰী ১৯-২৩)

             ৰোমাণ্টিক মনৰ আকুল আহ্বান, আত্মিক সংযম, অপ্ৰাপ্তিৰ বিষাদ কবিতাটিৰ মাজেৰে কবিয়ে অতি সযতনে তুলি ধৰাৰ চেষ্টা কৰিছে৷

             ৰাতুল চেতিয়া ফুকনৰ মৃত পৃথিৱীৰ ভবিষ্যৎ বাণী’ (অঙ্গন) নামৰ কবিতাটিৰ মাজেৰে কবিয়ে বিৱৰ্তনীয় সমাজজীৱন, মানৱীয় চেতনাৰ প্ৰাণোজ্জ্বল হাহাকাৰ, অপ্ৰাপ্তিৰ অন্তৰ্কথন প্ৰকাশ কৰাত সফল হৈছে৷ আশংকা আৰু আত্মচেতনাই কবিতাটিক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ দ্বন্দ্ব আৰু দোমোজাত কবি অভ্যস্ত৷ কবিয়ে বুজে অনুভূতিহীন হৃদয়ৰ নিৰ্মম সত্যক৷ হিংসা-প্ৰতিহিংসাত আজিৰ মানৱীয় মূল্যবোধ তেনেই ঠুনুকা৷ কবিয়ে চিন্তাৰ দোমোজাত পৰি সুধিব নোৱাৰে মানুহৰ মনৰ খবৰ৷ কবিয়ে লিখিছে এনেদৰে: ‘‘সৌৱা প্ৰতিহিংসাৰ বানত উটি যায়/ কোলাৰ কেঁচুৱা/ কোন মুখেৰে সুধোঁ/ তোমালোকৰ ভালনে বুলি’’ (ফুকন শাৰী ৫-৮)৷

             দাৰ্শনিক দৃষ্টিৰে বিবেক বিশ্লেষণ আৰু সোচ্চাৰ চেতনা কবিতাটিৰ নান্দনিক দিশ৷ অন্ধকাৰ ভৱিষ্যতলৈ আঙুলিয়াই কবিয়ে কৈছে: ‘‘দত মেলি থোৱা আন্ধাৰবোৰ/ শুকান খৰৰ দৰে ক্ৰমে বাঢ়িবলৈ ধৰিছে/ তীক্ষ্ণ নখে যিমানেই আঁচুৰিছে/ সিমানেই বাঢ়িছে’’ (ফুকন শাৰী ৯-১২)৷ চেতন অনুভূতিৰে কবিয়ে চাৰিওফালে অন্ধকাৰ দেখিছে৷ কবিয়ে ভাবে যে সময় এতিয়া বিকলাঙ্গ হৈছে৷ কবিয়ে এতিয়া কেৱল অন্ধকাৰ, মৃত পৃথিৱীৰ ভৱিষ্যত কঢ়িয়াই ফুৰিছে৷ সেয়ে কৈছে: বিকলাঙ্গ সময়ৰ দস্তাবেজ পঢ়ি/ নদীবোৰ এতিয়া তেজেৰে বৈছে’’ (ফুকন শাৰী ১৩-১৪)৷

             শূন্যতা আৰু বেদনাৰ প্ৰতিফলনৰ লগে লগে স্মৃতি-ৰোমন্থন ৰিংকুমণি বড়াৰ বিলাপ’ (কাব্যকানন) কবিতাটিৰ সাৰমৰ্ম৷ জীৱন-স্ৰোতৰ খৰ-খেদাত উলটি চাই দেখা উকা শেতেলী, মনলৈ অহা তাহানিৰ কথাবোৰে কবিক বিষাদগ্ৰস্ত কৰি তোলে৷ পাৰ হৈ যোৱা এছোৱা সময় মনত পেলাই নষ্টালজিক কবি৷ কবিয়ে ঘূৰাই পাব নোৱাৰা সেই সময়ৰ কাতৰ ৰোমন্থনতে লিখিছে:

উৰুঙা ৰাতি উকা শেতেলিত
… … …
ডাৱৰবোৰ চকুপানী (বড়া শাৰী ১-৭)

             সযতনে সাঁচি ৰখা লৰালিৰ আটোমটোকাৰি চিত্ৰপট আৰু বুজি উঠা আচল জীৱনৰ মাদকতা কবিয়ে মৰ্মে-মৰ্মে উপলব্ধি কৰিছে৷ জীৱনমুখী মনৰ আহ্বানত কবিয়ে পুনৰ সেই সোঁৱৰণিৰ দিনবিলাকত জী উঠিব খোজে৷ মধুৰ সেই মন-সোঁৱৰণত কবিয়ে লিখিছে:

সেই দিনবোৰ যে কিমান ভাল আছিল
… … …
এটা ৰঙা বেলি হৈ পৰিছিল (বড়া শাৰী ৮-১৩)

             বহুদূৰ আগবাঢ়ি আহি এতিয়া সেই দিনবোৰলৈ ঘূৰি যাব নোৱাৰি কবি আশাহত৷ কবিয়ে জানে এতিয়া আঙুলিৰে গণিব নোৱাৰাকৈ সময় নিথৰ, দীঘল ৰাতিবোৰ৷ মনৰ বিলাপত কবিৰ সপোনো এতিয়া মৰীচিকা৷ কবিয়ে লিখিছে এনেদৰে: আঙুলিৰ পাবত জুখিব নোৱাৰাকৈয়ে দীঘল এতিয়া ৰাতিবোৰ/ সময়বোৰ যেন এটি বৃদ্ধ কাছ/ টোপনিবোৰ মৰীচিকা” (বড়া শাৰী ১৯-২১)৷ চিন্তাৰ উগ্ৰতাই ৰোগগ্ৰস্ত কৰা শৰীৰ আৰু অৱচেতন কোলাহলত কবিয়ে ভাবিবলৈ লৈছে এই পৃথিৱীৰ কবিয়ে একমাত্ৰ ৰখীয়া৷ কবিয়ে ৰহস্যঘন আৱেষ্টনীত ভাবে তেওঁ যেন এন্ধাৰৰ মাজেৰে পোহৰৰ বাট কাটিবলৈ অকলশৰে ৰৈ যোৱা এটি জোনাকি পৰুৱাৰ পিছে পিছে ঘূৰি ফুৰা নিদ্ৰাৰত পৃথিৱীৰ মৌন বিলাপ৷ লিখিছে সেয়েঃ

এনে লাগিছে যেন
… … …
নিদ্ৰামগ্ন পৃথিৱীত এটা মৌন বিলাপ হৈ৷ (বড়া শাৰী ২৫-৩২)

             জাগতিক পৰিঘটনাত মৃত্যুও যে চিৰন্তন সত্য এই কথাই দেৱজিৎ হাজৰিকাৰ পোৰা মঙহৰ গোন্ধ’ (কাব্যকানন) কবিতাটিৰ সাৰবস্তু৷ জীৱনবোধৰ কথা কবলৈ গৈও সত্যৰ বাট কাটি লোভ-মোহ যে মায়াৰ কায়া এই কথাই কবিতাটিত তুলি ধৰিবলৈ চেষ্টা কৰিছে৷ জীৱন সামৰিবৰ পৰত তেজ-মঙহৰ ফটা কাপোৰ খুলি আত্মাই অনন্ত ধামলৈ গতি কৰিবই৷ কবিয়ে সেই পুৰাতন সত্যৰ কথাৰেই লিখিছে: এদিন হাবিখনৰ মাজেদি সি চোঁ মাৰি আহিব/ তেজ মঙহৰ ফটা কামিজৰ বুটামবোৰ খুঁটি খুঁটি খুলিব/ নাৰ্চিছাচ, ক্লিউপেট্ৰা ব্ৰেণ্ডৰ পুৰাতন জীৰ্ণ সাজযোৰ খুলি/ অকাই পকাই দেশ-দুনীয়া,পৰ্বত কন্দৰ পাৰ হৈ সি গুচি যাব” (হাজৰিকা শাৰী ১-৪)৷

             দিপাঙ্কৰ চৌধুৰীৰ বগা সাগৰ’(মণিকূট, ‘কাব্যশিল্প’)তো প্ৰকৃতি চেতনাৰে কাষ চপা অথচ ৰোমাণ্টিক কোমল জীৱনবোধৰ আভাস পোৱা যায়৷ ভাবৰ আকুল সৌন্দৰ্য আৰু একে সময়তে সংবেদনশীলতাৰ প্ৰশ্নবোধক ব্যাপ্তি কবিতাটিত অনুভৱ কৰিব পাৰি৷ কবিতাটিত প্ৰকৃতিৰ অনুপম ৰূপত অনুসন্ধিৎসু কবিৰ মনৰ ডগমগ প্ৰেমৰ উৎকণ্ঠা অনুভূত হৈছে৷ কবি হৈ উঠে ভাব-বিভোৰ, কবি-মন চঞ্চল, ৰোমাঞ্চিত হয় প্ৰকৃতিৰ মনোমোহা সন্মোহনত৷ শেৱালি কোমল ৰাতিৰ আৱাহনী মাতত কবি ব্যাকুল৷ শীতল নীলা আঁচল টানি টুকি থকা চকুৰ পানীয়ে কবিক চুই যায়৷ কোমল ৰাতি কবিৰ মনে লৰালিৰ স্মৃতি আৰু আশাৰ মাজত সাদৃশ্য কল্পনা কৰে৷ কবিয়ে সেয়ে লিখিছে: ‘‘চঞ্চল সুহুৰিবোৰত৷ শুই থকা লৰালিৰ ধেমালি৷ ওঁঠ ফালি বৈ আহে যেন৷ তোমাৰ সেওঁতাৰ ৰঙা নদী…’’ (চৌধুৰী শাৰী ১৫-১৮)৷ আচলতে কবিয়ে প্ৰকৃতিৰ শৰৎ সৌন্দৰ্যৰ বৰ্ণনাৰে মনৰ মাজৰ প্ৰেমৰ বুৰবুৰণিক নিটোল ৰূপত তুলি ধৰিব খুজিছে বুলি কলেও ভুল কোৱা নহব৷ কবিতাটিত বগা সাগৰক মনৰ বিচৰণ, ‘কোমল বতাহজাকক চুই যোৱা প্ৰেমিক আৱেগ তথা কঁকালৰ ভাঁজে ভাঁজে বতৰাই কামুক উৎকণ্ঠাক বুজাইছে৷ কবিয়ে লিখিছে এনেদৰে:

কহুৱা কোমল লিহিৰি বতাহজাকে
কঁকালৰ ভাঁজে ভাঁজে
বতৰা দিছে
এয়া শৰত
শৰত অসোণ...৷ (চৌধুৰী শাৰী ২২-২৬)

             উপৰিউক্ত আলোচনাৰ অন্তত কব পাৰি যে নব্য মাধ্যমত অসমীয়া কবিতাৰাজি পাঠ্য, শ্ৰব্য আৰু দৃশ্য-শ্ৰব্য আদি ভিন্ন ৰূপত প্ৰকাশ পাইছে৷ উদাহৰণস্বৰূপে, কৰবী ডেকা হাজৰিকাৰ চুলি নাবান্ধিবা যাজ্ঞসেনীপাঠ আকাৰে ইউনিকডত প্ৰকাশ পোৱাৰ লগতে কবিতাটিৰ আবৃত্তি দৃশ্য-শ্ৰব্য ৰূপতো উপলব্ধ৷ একেদৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাঞ্চনজংঘাৰ বুৰঞ্জীৰ পাঠ আৰু আবৃত্তি নীলা চৰাই(আবৃত্তি: মহেন্দ্ৰ কাকতি, ১৪ জানুৱাৰী ২০১৮)ত প্ৰকাশ পাইছে৷ অৰকূট, ফেচবুক, ৱাটছএপৰ দৰে সামাজিক নেটৱৰ্কিং ছাইট, ব্লগ তথা বৈদ্যুতিন আলোচনীৰ কবিতাবোৰ আচলতে প্ৰেমৰ কবিতাই নহয়, বৰঞ্চ সামাজিক ভূমিকা গ্ৰহণ কৰিব পৰা বিধৰ৷ এইসমূহত ৰাজনৈতিক, আৰ্থ-সামাজিক, লোককথা নাইবা বুৰঞ্জীৰ পুনৰ্নিৰ্মাণ, ৰোমাণ্টিকতা, ঐতিহ্য, জাতীয় তথা বাস্তৱ চেতনা আদি দিশ প্ৰতিফলিত হৈছে৷ অন্য ধৰণে কবলৈ গলে কবিতা সদায় কবিতাই৷ ছপা মাধ্যমত প্ৰকাশিত সকলো কবিতা যিদৰে উৎকৃষ্ট নহয়, একেদৰে নব্য মাধ্যমৰো সকলো কবিতা উৎকৃষ্ট নহয়৷ ছপা মাধ্যম নাইবা নব্য মাধ্যম যিয়েই নহওক কিয়, এই মাধ্যমসমূহ বহু কবিৰ কাব্যচৰ্চাৰ আখৰাথলী৷ বৈদ্যুতিন আলোচনী তথা কেতবোৰ ব্লগৰ বাহিৰে ফেচবুক, ৱাটছএপ ইত্যাদি সামাজিক ছাইটত কোনো সম্পাদনা সমিতি নথকাৰ ফলত দুই-এক সুন্দৰ তথা উৎকৃষ্ট কবিতাৰ উপৰি বহু নিম্নমানৰ কবিতাও প্ৰকাশিত হৈছে৷ ইয়াৰ অন্যতম মূল কাৰণ কবিসকলৰ অধ্যয়নৰ অভাৱ৷ কবিতাৰ ৰসাস্বাদন কৰিবলৈ হলে নাইবা ভাল কবিতা লিখিবলৈ হলে প্ৰচুৰ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে৷ ফেচবুকৰ কিছু সংখ্যক কবিৰ কবিতা পঢ়িলে ভাব হয় যেন বহুতে কবিতা লিখাটো আটাইতকৈ সহজ বুলি এক উপৰুৱা ধাৰণা কৰিহে যেন কবিতা ৰচনাত হাত দিছে৷ অৱশ্যে গঠনমূলক আলোচনা-সমালোচনাই এনে সমস্যাসমূহ দূৰ কৰাত অৰিহণা যোগাব বুলি আমি আশাবাদী৷

[এই আলোচনাত উল্লিখিত ফেচবুক গোট, ব্লগ, ৱেবছাইট, বৈদ্যুতিন আলোচনীসমূহক মুখ্য উৎসৰূপে গ্ৰহণ কৰা হৈছে৷]

গ্ৰন্থপঞ্জী
বৰা, পৰিণীতা. নব্য মাধ্যমত সাহিত্য তত্ত্ব আৰু বিচাৰ. পূৰ্বায়ণ প্ৰকাশন. ডিচেম্বৰ, ২০২৪.

নব্য মাধ্যমত অসমীয়া কবিতাৰ চৰ্চা

ড০   পৰিণীতা বৰা   পূৰ্ব-প্ৰকাশ : Poetry without Fear, Issue: Vol. IV, No. 1, May-July, 2025   ( https://poetrywithoutfear.com/nabya...