Advertise

Thursday, February 29, 2024

 

যতীন্দ্ৰনাথ দুৱৰা, কথা-কবিতা আৰু কিছু কথা


                                                                                                                       পৰিণীতা বৰা

    “চাকিৰ হয়তো ইচ্ছা নহয় যে জাকে জাকে চগাই আহি তাৰ ৰূপৰ জুইত আত্ম-বলিদান কৰেহি, কিন্তু চগাই এই আত্মদানকেই জীৱনৰ ধ্ৰুৱ সত্য বুলি মানি লৈছে৷” (ব্যৰ্থতা)

    এবাৰ হেনো স্কুলত বঙালী শিক্ষক এজনে মাতৃভাষা কি বুলি কৰা এটি প্ৰশ্নৰ উত্তৰত এজন ছাত্ৰই  হুকহুকাই কান্দি কৈছিল কেঁচুৱাই মাকৰ কোলাত শুই গাখীৰ খাই থাকোঁতে পোনতে যি ভাষাৰে আই বুলি মাতিবলৈ শিকে সেয়ে মাতৃভাষা, দুখৰ বিষয় সেই মাতৃভাষাৰপৰা বঞ্চিত সেই সময়ত শিৱসাগৰৰ চৰকাৰী স্কুলৰ বাৰ-তেৰ বছৰীয়া সেই ছাত্ৰজনৰ কান্দোনৰ বিনিময়ত বঙালী শিক্ষকজনে ক’লে বাছা শোক নকৰিবা তুমি এদিন তোমাৰ মাতৃভাষাৰ মুখ উজ্জ্বল কৰিবাশিক্ষকজনৰ এই আৰ্শীবাদকে শিৰত লৈ মৃত্যুপৰ্যন্ত সাহিত্যই মোৰ আজন্ম সাধনা বুলি বুকু ডাঠ কৰি কোৱা সাহিত্যিকজনেই হ’ল কবি যতীন্দ্ৰনাথ দুৱৰা কবি দুৱৰা এজন কবিয়ে নহয়, তেওঁৰ জীৱনটোৱেই এটা দীঘলীয়া কবিতা দুৱৰাৰ সৰুৰেপৰা কবিতা লিখাৰ হেঁপাহ আছিল স্কুলীয়া কালতে তেওঁ টুইংকল টুইকলং লিটল ষ্টাৰ নামৰ ইংৰাজী কবিতাটো অসমীয়া ভাঙনি কৰি বেণুধৰ ৰাজখোৱাক দেখুৱায় তেঁৱেই প্ৰথম দুৱৰাক লিখিবলৈ প্ৰেৰণা যোগাইছিল অৱশ্যে সাহিত্যৰ ক্ষেত্ৰখনত লক্ষ্মীনাথ বেজবৰুৱা তেওঁৰ দীক্ষাগুৰু আছিল তেওঁৰ কাব্যকলাই বেজবৰুৱাৰ বাঁহী আলোচনীৰ জৰিয়তে পৰিপূৰ্ণতা লাভ কৰিছিল বেজবৰুৱাই তেওঁক লিখিবলৈ যথেষ্ট উদ্‌গনি যোগাই কৈছিল ‘‘লিখি যোৱা, লিখি যোৱা, ভাল হ’লে ৰৈ যাব বেয়া হ’লে হাতৰ খজুৱতি পলাব’’তেওঁ বেজবৰুৱাৰ লগতে চন্দ্ৰকুমাৰ আগৰৱালা, তৰুণৰাম ফুকন আদিৰ দৰে বহুকেইজন লোকৰপৰা সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনত পৃষ্ঠপোষকতা পাইছিল চন্দ্ৰকুমাৰ আগৰৱালাই দুৱৰাক মৰমতে যদু নাম দি মাতিছিল ‘যদুকবি’ দুৱৰাৰ পোছাকী সম্বোধন আছিল তেওঁৰ প্ৰকাশিত প্ৰথমখন পুথি হ’ল ওমৰ তীৰ্থ (১৯২৫) স্কুলীয়া অৱস্থাতে বিহাৰী সহপাঠী এজনৰ সৌজন্যতে তেওঁ পাৰস্যৰ জ্যোতিৰ্বিদ কবি ওমৰ খয়ামৰ ৰুৱায়ত নামৰ কিতাপখন পঢ়াৰ সুবিধাকণ লাভ কৰিলে তাৰ পাছতে তেওঁ ফিটজাৰেল্ড, হুইটফিল্ডৰ ইংৰাজী সংস্কৰণ আৰু আন পাৰ্চীয় সাহিত্য সম্পৰ্কে খৰচি মাৰি অধ্যয়ন কৰে ইয়াৰ পাছতহে তেওঁ অনুবাদৰ কামত হাত দিয়ে দুৱৰাৰ এনে কামৰ প্ৰেৰণাৰ মূল উৎস আছিল লক্ষ্মীধৰ শৰ্মা

    বিশ্বকবি ওমৰৰ মতে বৰ্তমানেই সৰ্বস্ব ক’ৰ পৰা আহিছো, ক’লৈ যাম জীৱনৰ কোনো স্থায়িত্ব নাই, আমাৰ জীৱন আন্ধাৰ ভৱিষ্যতৰ হাতত, কোনে জানে কোন মুহুৰ্তত জীৱন শেষ হৈ যাব পাৰে৷৷ যিসকলে  দুৱৰাৰ কবিতা পঢ়িছে তেওঁলোকে নিশ্চয়কৈ জানে যে তেওঁৰ কবিতাৰ মূল সুৰেই হ’ল আত্মকেন্দ্ৰিক, কিন্তু আত্মকেন্দ্ৰিকতা কাৰুণ্যৰে ভৰপূৰ তেওঁ নিজৰ ভাবতে বিভোৰ সেয়ে তেওঁ কৈছিল- মোৰ গান ময়ে গাও, শুনি শুনি ময়ে তল যাওঁ অনুভূতিৰ তীব্ৰতা, প্ৰকাশভংগীৰ গীতিধৰ্মিতা, ছন্দৰ সাৱলীল গতি দুৱৰাৰ কবিতাৰ অন্যতম বৈশিষ্ট্যনদী, নাৱৰীয়া, বাটৰুৱা আদি যথোচিত প্ৰতীকৰ ব্যৱহাৰে বহু কবিতাক কৰি তুলিছে চিত্ৰধৰ্মী কবিয়ে আকৌ কৈছে –

ধৰা প্ৰিয়তম প্ৰাণৰ পিয়লা

জীৱন মদিৰা ভৰাই দিয়া

অতীত ভৱিষ্য শোক-দুখ ভয়

আজিৰ ভাৱনা উটাই দিয়া

আজিয়েই দিয়া কালিলৈ কিয়

কোনে জানে মোৰ কালি কি হ’ব

হাজাৰ হাজাৰ বছৰ বিয়পা

হয়তো অতীতে সামৰি থব

    কবিৰ মিলনৰ সুৰ পুথিখন পঢ়িলেও আমি তাত চুফীতত্ত্ব, চুফীৰহস্যবাদ আৰু অতীন্দ্ৰিয়বাদৰ স্বকীয় বৈশিষ্ট্যৰে সহজ সৰল প্ৰকাশ ঘটা দেখা পামদুৱৰাৰ দ্বিতীয় প্ৰকাশিত কবিতাৰ পুথিখনৰ নামেই হ’ল কথা-কবিতা (১৯৩৩) তেওঁৰ কথা-কবিতা ৰচনাৰ মূলতেই আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু আনন্দচন্দ্ৰ আগৰৱালা কথা-কবিতা ঊনবিংশ শতিকাৰ সৃষ্টি কথা-কবিতা বা poems in proseক ৰুচদেশীয় ঔপন্যাসিক আইভান টুৰ্গেনিভৰ মৃত্যু-শয্যাৰপৰা জগতবাসীলৈ দি যোৱা এক অভিনৱ দান বুলি কোৱা হয় বাণীকান্ত কাকতিয়ে কথা-কবিতাৰ প্ৰসংগত কৈছিল যে ‘‘কথা-কবিতা নোহোৱা নোপোজা কবিতাৰ পুথি চিৰকালেই কবিতা পদ্যত লিখা হৈ আহিছে ধ্বনি কবিতাৰ এটা বিশিষ্ট অংগ গদ্যত কবিতা সৃষ্টি হ’ব পাৰে তাৰ নিদৰ্শন কথা-কবিতা’’ টুৰ্গেনিভৰ কথা-কবিতাৰ পুথি চনিলীয়াই বিশ্ব সাহিত্যত আলোড়ন তোলাৰ দৰেই আমি ক’ব পাৰো দুৱৰাৰ কথা-কবিতায়ো অসমীয়া সাহিত্যত নতুন চেতনা-স্ৰোতৰ সূচনা কৰে অৱশ্যে দেখা যায় আংগিক আৰু উপস্থাপন ৰীতি ক্ষেত্ৰতহে দুৱৰা টুৰ্গেনিভৰ উত্তৰ সাধক আছিল তেওঁৰ কথা-কবিতাসমূহৰ বিষয়বস্তু নিৰ্বাচন আছিল কবিৰ সম্পূৰ্ণ নিজৰ তেওঁ টুৰ্গেনিভৰপৰা টেকনিক বা ৰচনাশৈলী ধাৰ কৰিছিল হয় কিন্তু আমি ক’ব পাৰো বিষয়বস্তু কবিৰ নিজা হোৱাৰ বাবে কবিতা আৰু কথা-কবিতাৰ মাজত যি অঙ্গাঙ্গী সম্বন্ধ সেয়া সুন্দৰকৈ প্ৰতিফলিত হৈছে এইখিনিতে উল্লেখ্য যে কবিতাৰ দৰেই কথা-কবিতাও কবিৰ ব্যক্তিগত জীৱনৰ পাণ্ডুলিপি এতিয়া আহো কথা-কবিতানো কি? যতীন্দ্ৰনাথ দুৱৰাৰ কথা-কবিতাৰ জৰিয়তে আমি কিদৰে কথা-কবিতাৰ বৈশিষ্ট্য নিৰ্ধাৰণ কৰিম?

    কোনো আৱেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয় হিচাপে লৈ গদ্যত লিখা নাতিদীৰ্ঘ ৰচনাক আমি কওঁ কথা-কবিতা প্ৰথম কথা হ’ল একোটি কেন্দ্ৰস্থ ভাৱক ভেটি কৰি কথা-কবিতা ৰচিত হয়দুৱৰাৰ কথা-কবিতা পঢ়িলেও এনে লাগে যেন তেওঁৰ কথা-কবিতাৰ কেন্দ্ৰস্থ ভাৱৰ অন্তৰালতো এটি ওৰণি লোৱা ভাৱ লুকাই আছেকবিতা বাঙ্ময় গীত, গীতৰ স্পন্দন ছন্দৰ হেন্দোলনিত পোৱা যায় কিন্তু কবিতা বাঙ্ময় চিত্ৰও হ’ব পাৰে ছন্দৰ সহায় নহ’লেও চিত্ৰক ভাষাময় কৰি তুলিব পৰা যায় কথা-কবিতা এবিধ কবিতাই যদিও কথা-কবিতা আৰু কবিত্বময়ী কথাক কিন্তু আমি একে বুলিব নোৱাৰো কথা-কবিতা কবিত্বময়ী কথা লিখাৰ ভংগী বা ভাষাৰ ৰীতিহে মাথোন কথা-কবিতাত কবিতাৰ দৰেই কবিৰ ব্যক্তিগত জীৱনৰ হা-হুমুনিয়াহ, ব্যথা-বেদনাৰ কৰুণ সুৰেই পৰিগণিত হৈছেকবিৰ মতে মৃত্যুতকৈও হেনো প্ৰেম ডাঙৰ, মৰণৰ ভয়তকৈও প্ৰেমৰ শকতি প্ৰবল ভাৱময় জীৱনত আদৰ্শ আৰু সৌন্দৰ্যৰ কি ঘাত-প্ৰতিঘাত হয় সেয়া ভাবুকত বাজে আনে তাক উপলব্ধি কৰিব নোৱাৰে কবি ভৱিষ্যতৰ প্ৰতি আশাবাদী সেয়ে হয়তো পোহৰ নামৰ কথা-কবিতাটিত কৈছে –এদিন দেখিব মোৰ কথা ফলিয়াব পোহৰ পৰি আপোনাৰ ৰাজ্য সুন্দৰ হৈ পৰিবতেতিয়াহে বুজিব মই বলিয়া নহওঁ

    চুম্বকত্বক কথা-কবিতাৰ অন্যতম ধৰ্ম বুলি কোৱা হয় দুৱৰাৰ কথা-কবিতাত কিন্তু আমি চুম্বকত্বৰ অভাৱ দেখো তেওঁৰ বহু কেইটা কথা-কবিতা বৰ্ণনা বহুল আৰু ৰূপকধৰ্মী চুটিগল্প বুলিবই পাৰি অৱশ্যে এইক্ষেত্ৰত দুৱৰাক দোষাৰোপ কৰিব নোৱাৰি কিয়নো তেওঁ কথা-কবিতা লিখিবৰ সময়ত টুৰ্গেনিভৰ কথা-কবিতাৰ বাহিৰে একো আৰ্হিও নাছিলসাধাৰণতে ছন্দোময়ী কবিতাৰ প্ৰধান লক্ষ্য হ’ল গীত বা শ্ৰাব্য বিষয়ক মূৰ্ত্ত কৰি তোলাকিন্তু কথা-কবিতাৰ প্ৰাথমিক উদ্দেশ্য কিন্তু চিত্ৰ, ইয়াত ধ্বনি হ’ল ভাষাৰ মাথোন ব্যঞ্জনাহে এতিয়া ব্যঞ্জনা মানেনো কি? ব্যঞ্জনা হ’ল কাব্য বা সাহিত্যত শব্দৰ অভিধেয় অৰ্থৰ বাহিৰে অন্য অৰ্থ প্ৰকাশ কৰিব পৰা শকতি বা গুণ এনে ৰচনাৰ বাবে লেখকৰ মননশীলতা বা চিন্তাশীলতা, অনুভূতিশীলতা বা অনুভূতিপ্ৰৱণতা আৰু লেখকৰ ভাষাৰ ক্ষেত্ৰত দখল থাকিব লাগিবইকথা-কবিতাত ৰূপৰ সমাৱেশ থাকে, ই প্ৰায়েই ৰূপকাত্মক ৰূপ বা দৃশ্যবস্তুত সজীৱতা আৰোপেই কথা-কবিতাৰ উদ্দেশ্য বা লক্ষ্য বাণীকান্ত কাকতিয়ে কোৱাৰ দৰে কথা-কবিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ৰ যদিও ইয়াৰ সমানেই কিন্তু চিত্ৰৰ ভাৱানুষংগ আৰু তাৰ প্ৰগাঢ়তা বা নিবিড়তাও গুৰুত্বপূৰ্ণ

Wednesday, April 8, 2020

হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলী

                                                                                                                    পৰিণীতা বৰা

অসমীয়া সাহিত্যৰ সুদীৰ্ঘ পৰিক্ৰমাত মধ্যযুগৰ সাহিত্যৰাজিৰ গুৰুত্ব অপৰিসীম৷ মধ্যযুগৰ সাহিত্যৰাজিৰ ভিতৰত চৰিত সাহিত্য, ব্যৱহাৰিক জ্ঞান-শাস্ত্ৰমূলক সাহিত্য, বুৰঞ্জী সাহিত্য, বিবিধ গীত-পদ আৰু কাব্য-সাহিত্য, অংকীয়া নাট আৰু বিবিধ বিষয় সম্বলিত অন্যান্য সাহিত্যৰাজি উল্লেখযোগ্য৷ এই সকলো শ্ৰেণীৰ সাহিত্যৰ ভিতৰত চৰিত সাহিত্য আৰু বুৰঞ্জী সাহিত্যই সমান্তৰালভাৱে দুটা সুকীয়া ধাৰা সৃষ্টি কৰি মধ্যযুগটোক সমৃদ্ধ কৰি তুলিলে৷ এই যুগতে আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত বুৰঞ্জী সাহিত্যৰ চৰ্চা হোৱাৰ লগতে ব্যৱহাৰিক জ্ঞান-বিষয়ক পুথি, জ্যোতিষ চিকিৎসা আৰু নীতি-বিষয়ক পুথি ৰচিত হবলৈ লয়৷ আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ ৰাজত্বকালতো ‘‘অসমৰ বুৰঞ্জীৰ যুগ’’ বুলিব পাৰি৷ তেওঁলোকে মোগলক অসমৰপৰা একেবাৰে খেদি দি কছাৰী, জয়ন্তীয়া ৰজাক বশ কৰি প্ৰায় অসমক আহোমৰ অধীনলৈ আনে আৰু অসমৰ ঐক্য-সংহতি স্থাপনত সুবিধা হয়৷ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ দিনতে চিত্ৰাংকন বিদ্যাৰ যথেষ্ট প্ৰসাৰ হয়৷ ধৰ্মপুৰাণ, শংখচূড়বধ, গীতগোবিন্দ, হস্তিবিদ্যাৰ্ণৱ, আনন্দলহৰী আদি গ্ৰন্থৰ চিত্ৰসমূহ অসমীয়া চিত্ৰাঙ্কনৰ অপূৰ্ব নিদৰ্শন৷
           হস্তিবিদ্যাৰ্ণৱ পুথি খনৰ মুখ্য বিষয়বস্তু হল - হস্তিকথা৷ পুথিখন মহাৰজা শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাথে ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰে৷ ইয়াত গ্ৰন্থাকাৰ, চিত্ৰকৰ দিলবৰ আৰু দোষায়, স্বৰ্গদেউ শিৱসিংহ , বৰকুঁৱৰী অম্বিকাদেৱী আৰু তেওঁলোকৰ সন্তান উগ্ৰসিংহ কোঁৱৰৰ চিত্ৰ অংকিত হৈছে৷ তেওঁ যাৱতীয় হাতী বিষয়ক সংস্কৃত গ্ৰন্থ, অসমত প্ৰচলিত হাতী বিষয়ক কেতবোৰ পুথি, দাঁতি-কাষৰীয়া ৰাজ্যত প্ৰচলিত হাতীৰ ব্যাধিৰ প্ৰতিকাৰ আদি ধৰণৰ হাতী বিষয়ক জ্ঞানক একত্ৰিত কৰি কাহিনীৰ বিষয়বস্তু ৰক্ষিত কৰিছে৷ পুথিখনত বিভিন্ন হাতীৰ বৰ্ণনা আৰু বিভিন্ন ৰোগৰ নিৰাময়ৰ উপায় আদিৰ উল্লেখ আছে৷ গদ্যত ৰচিত পুথিখনৰ ৰচনাশৈলী ওজঃগুণযুক্ত৷ হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলী তলত দিয়া ধৰণৰ -
[] বিভিন্ন ধ্বনিৰ পৰিৱৰ্তন হস্তিবিদ্যাৰ্ণৱ পুথিৰ অন্যতম বৈশিষ্ট্য৷ ধ্বনিতত্ত্বৰ ক্ষেত্ৰত স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি প্ৰয়োগত দেখা বিশেষত্বসমূহ - ধ্বনিৰ লৈ পৰিৱৰ্তন৷ যেনে - নৰিয়া > নুৱৰিয়া, লা > কলা, হয় > হুই আদি৷
[] অঙ্গুলি, দাঙ্গি, ভিন্দি, ৰঙ্গ, টাঙ্গোন, স্নিগ্ধ আদি যুক্ত ব্যঞ্জনৰ প্ৰয়োগ অন্য এক মনকৰিবলগীয়া দিশ৷ যেনে - স্নিগ্ধ ড্ৰব্য৷
[] একেটা কৰ্তাৰ সৈতে কেইবাটাও ক্ৰিয়া যুক্ত কৰি বাক্য ৰচনা কৰাৰ ভংগী হস্তিবিদ্যাৰ্ণৱ পুথিত ভালেমান দেখা যায়৷ যেনে -‘‘ইন্দ্ৰ বংশ সৰোবৰৰ পদ্মপুষ্পৰ তুল্য হৈছে যি মহাৰাজা নীতিবিদ্যৰো আনন্দিত হুই বৃহস্পতিক উপালম্ভ কৰিছে যি মহাৰাজা  আৰু গম্ভীৰ ধাৰ্মিকসকলৰ মধ্যত শ্ৰেষ্ঠতৰ সৌমাৰ পীঠৰ ঈশ্বৰ শ্ৰীযুক্ত শ্ৰীমন্ত শিৱসিংহ যি মহাৰাজা, আপোনাৰ ছন্দৰ বিলাস বিদগ্ধতা ভাৱেৰে পৃথিৱীত সকলো সুন্দৰী গনৰ গৰ্বকচুৰ কৰিছে যি মহাদেৱীয়ে সেই কাৰণে অতিশয় বিৰাজমান হৈছে যি শ্ৰী শ্ৰী অম্বিকানাম মহাদেৱী, সেই দুজনাৰ আজ্ঞাৰত্ন মালাক শিৰত ধৰি সুকুমাৰ বৰকাথে এই হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ কৰি ৰচিল৷’’
[] গদ্য জনজীৱনৰ ওচৰ চপা৷ ইয়াত অহেতুক কৃত্ৰিমতা নাই৷ মানুহৰ মুখৰ ভাষাৰ দৰে ইয়াৰ ভাষাও সৰল৷ আনহাতে সৰল আৰু বস্তুনিষ্ঠ হলেও ইয়াৰ ভাষাত সাহিত্যিক সৌন্দৰ্যৰ মাধূৰ্য বিদ্যমান৷
[] বাক্যৰীতিৰ ক্ষেত্ৰত সৰল, কোমল আৰু পোনপটীয়া বাক্যৰ প্ৰয়োগৰ লগতে মাজে মাজে সংস্কৃত বাক্যৰ প্ৰয়োগ লক্ষ্য কৰা যায়৷
[] শব্দৰ ক্ষেত্ৰত তৎসম, তদ্ভৱ আদি শব্দৰ উপৰি কামৰূপী উপভাষাৰ শব্দৰ প্ৰাধান্য আছে৷ তত্ৰিত’, ‘মোতে’, ‘মই’, ‘আমৰা’, ‘সিহঁত’, ‘তাক’, ‘আপুনিআদি সৰ্বনামৰ প্ৰয়োগ দেখা যায়৷
[] -খন, -টো, -টা, -গজ, - জোৰ, -থোকা আদি নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু বা, কোনো, লাখ-বিলাখ আদি অনিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ প্ৰয়োগ দেখা যায়৷  যেনে -
                -জোৰ - কুকুৰী দসজোৰ৷
                -থোকা - তামোল তিনিথোকা৷
                 বা - অঠাৰ একুৰি বা নখ৷
                 লাখ-বিলাখ - অনেক লাখ-বিলাখ হাতী হল৷
[] কেতিয়াবা অন্তঃস্থ ধ্বনিৰ ব্যৱহাৰ নহয়৷ যেনে - তিঅঁহ [তিয়হ]৷ আনহাতে কেতিয়াবা অন্তঃস্থ ধ্বনিৰ ঠাইত ’-ৰ ব্যৱহাৰ হয়৷ যেনে - ধনিঞাঁ [ধনিয়া]৷
[] আধুনিক অসমীয়া ভাষাৰ দৰে শব্দৰ আদি স্থানত ’ - ৰ ব্যৱহাৰ পোৱা নাযায়৷ মধ্য আৰু অন্ত্য স্থানত সংযুক্ত আৰু একক দুয়ো ধৰণে ’-ৰ ব্যৱহাৰ হৈছে৷
[১০] স্বৰসংগতিৰ আৰু সমীভৱনৰ প্ৰভাৱত বিশিষ্ট ধ্বনিৰ পৰিৱৰ্তন অন্যতম বিশেষত্ব৷যেনে-যেতিয়া >জেতিয়া [স্বৰসংগতি] আৰু এঘাৰ > আঘাৰ[সমীভৱন]৷
                                বিভিন্ন তথ্যাদিৰ পৰা প্ৰাচীন কালৰ পৰাই যে পশু চিকিৎসাৰ ব্যৱস্থা আছিল সেই কথা জানিব পাৰি৷ সেই সময়ত যাতায়তৰ সুবিধাৰ বাবে হাতীৰ ব্যাপক প্ৰচলন আছিল৷ মহাভাৰত তথা কলিকা পুৰাণ অনুসৰি যুদ্ধত ব্যৱহাৰ হোৱা ৰথসমূহো হাতীয়েই টানিছিল৷ বব্ৰুবাহনৰ বিশাল সেনাবাহিনীটো কেইবালাখো হাতীৰ লগতে ঘোঁৰাই টনা ৰথ আছিল বুলি কোৱা হয়৷ সেয়েহে নি(য়কৈ কব পৰা যায় যে তেতিয়াৰেপৰা হাতী-ঘোঁৰাৰ চিকিৎসাৰ ব্যৱস্থা আছিল৷ প্ৰধানকৈ লিখিত ৰূপত হাতীৰ চিকিৎসা ব্যৱস্থা সম্বলিত তথ্যাদি পোৱা যায় বিজ্ঞানসন্মত ৰূপত ৰচিত হস্তিবিদ্যাৰ্ণৱ পুথিত৷ সংস্কৃত ভাষা সকলোৰে বোধগম্য নোহোৱাত অসমীয়া ভাষাত ৰচিত হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনে সাধাৰণ জনগণকো হাতীৰ চিকিৎসা সম্বন্ধে অৱগত হোৱাত সহায় কৰে৷ অসমৰে ভিন ভিন হাবি-জংঘলত পোৱা ঔষধি উদ্ভিদ আৰু বন-দৰৱেৰে হাতীৰ বিভিন্ন ৰোগ আৰু আঘাতৰ চিকিৎসাৰ নিদান দিয়া হৈছে৷ ভিন্ন পৰিৱেশত হাতীক কিদৰে চিকিৎসা আগবঢ়াব লাগে গ্ৰন্থখনত বিতংভাৱে আলোচনা কৰিছে৷ ১৪৮ বিধ মখনা আৰু ১৭ বিধ মাখুন্দী হাতীৰ বিষয়ে গ্ৰন্থখনত পঢ়িবলৈ পোৱা যায়৷ আহোম ৰজাৰ ৰাজত্বকালত ৰজা আৰু ৰাজবিষয়াসকলে হাতীৰ লালন-পালনক লৈ বিশেষভাৱে গুৰুত্ব দিছে৷ কিয়নো সেই সময়ত সকলো স্তৰতে হাতীৰ প্ৰয়োজনীয়তা আছিল৷ তেওঁলোকে যাতায়ত, আমোদ-প্ৰমোদৰ বাবে হাতী ব্যৱহাৰ কৰিছিল৷ যুদ্ধক্ষেত্ৰত ৰণুৱাসকলে হাতীত উঠি যুদ্ধ কৰাৰ লগতে হাতীয়ে যুদ্ধক্ষেত্ৰলৈ বিভিন্ন অস্ত্ৰ-শস্ত্ৰও কঢ়িয়াব লাগিছিল৷ সেয়েহে আহোম স্বৰ্গদেউসকলে হাতীক অতি মূল্যৱান সম্পদৰূপে গণ্য কৰিছিল৷

Tuesday, March 17, 2020

জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ এক অৱলোকন

                                                                                                                                                                                                                                                                                                    পৰিণীতা বৰা
               
               অসমীয়া নাট্য সাহিত্যৰ বুৰঞ্জীত শংকৰদেৱে পোনপ্ৰথম নাট্য সাহিত্যৰ প্ৰৱৰ্তন কৰাৰ পাছৰেপৰা অসমীয়া নাটকে সময়ে সময়ে গতি-প্ৰকৃতি সলনি কৰি আহি বৰ্তমানৰ অৱস্থা পায়হি৷ অৰুণোদয় আৰু জোনাকী যুগত অসমীয়া নাট্য সাহিত্যই আধুনিকতাৰ বোল সানি আত্মপ্ৰকাশ আৰু বিকাশ লাভ কৰিছিল যদিও জ্যোতিপ্ৰসাদৰ হাতত নতুন আংগিক সমৃদ্ধিৰে আৰু ভাৱবস্তুৰ নতুনত্ব তথা গভীৰতাৰে অসমীয়া নাট্যসাহিত্যক বিশ্বজনীন মূল্যবোধ সম্পন্ন কৰি তুলিলে৷ আধুনিক অসমীয়া নাট্য সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদৰ নাটকক এক মাইলৰ খুটি হিচাপে বিবেচনা কৰিব পাৰি৷ জ্যোতিপ্ৰসাদৰ পূৰ্বসুৰী আৰু সমসাময়িক নাট্যকাৰসকলৰ নাটকসমূহ বাঙালী নাটকৰ প্ৰভাৱমুক্ত আৰু যথাৰ্থ নাট্যগুণধৰ্মী নাছিল৷ তেওঁৱেই প্ৰথম অসমীয়া নাটকক প্ৰভাৱমুক্ত মৌলিক চিন্তাৰে মঞ্চ আৰু অভিনয়ৰ উপযোগী কৰি তোলাৰ লগতে নাটকক কাব্যগুণসম্পন্ন কৰি তোলাৰ ক্ষেত্ৰত নতুন চিন্তাৰ পথ প্ৰদৰ্শন কৰিলে৷ বিষয়, আংগিক আৰু সমাজমুখী বাস্তৱ দৃষ্টিভংগীৰে তেওঁ অসমীয়া নাটকক এক নতুন নাট্য ৰীতি দান কৰে৷ শোণিত কুঁৱৰী নাটকৰ জৰিয়তে প্ৰথমতে অসমীয়া নাটকত মঞ্চ-নিদেৰ্শনাৰ প্ৰয়োগ কৰাৰ লগতে প্ৰথম ইবচেনীয় ঠাঁচত সামাজিক সমস্যাপ্ৰধান নাটক কাৰেঙৰ লিগিৰী ৰচনা কৰে৷ তলত তেওঁৰ নাটককেইখনৰ চমু পৰিচয় দিয়া হল -
                শোণিত কুঁৱৰী : ১৯২৫ চনত প্ৰকাশিত জ্যোতিপ্ৰসাদৰ শোণিত কুঁৱৰী অসমীয়া নাট্য সাহিত্যৰ এক উল্লেখযোগ্য কৃতি৷ এই নাটকৰ মাজেদিয়েই তেওঁ পৌৰাণিক বিষয়বস্তুক নতুন বোল সানি নাটকক নতুন ৰূপত প্ৰতিষ্ঠা কৰালে৷ তেওঁৰ হাতত ভাৱবস্তুৰ লগতে বিষয়বস্তুৰো ৰূপান্তৰ সাধন ঘটিল৷ বৈষ্ণৱ কবি আৰু ধৰ্ম গুৰুসকলে প্ৰাধান্য দিয়া বিষ্ণুৰ মাহাত্ম্য আৰু হৰিহৰৰ যুদ্ধতকৈ অধিক প্ৰাধান্য আৰোপিত হল ঊষা-অনিৰুদ্ধৰ প্ৰেম আৰু মিলনতহে৷ এইখন নাটকতে জ্যোতিপ্ৰসাদে গীত আৰু নৃত্যৰ ক্ষেত্ৰত অসমীয়া সুৰ আৰু নৃত্যক নাটকত প্ৰয়োগ কৰে৷
              কাৰেঙৰ লিগিৰী : ১৯৩৬ চনত প্ৰকাশিত জ্যোতিপ্ৰসাদৰ কাৰেঙৰ লিগিৰী নাটকখনত দ্বন্দ্ব আৰু সংঘাতৰ লগতে বিফল প্ৰেমৰ কৰুণ প্ৰকাশ ঘটিছে৷ এই নাটকতেই মানুহৰ গতানুগতিক আৰু প্ৰাচীন মূল্যবোধ তথা ধ্যান-ধাৰণাৰপৰা আঁতৰি আহি এক বিদ্ৰোহৰ সূচনা কৰিলে নায়ক সুন্দৰ কোঁৱৰে৷ নাটকখনত এক মৌলিক সমস্যাক নতুন ৰূপত দাঙি ধৰাৰ চেষ্টা পৰিলক্ষিত হয়৷ সেইবাবেই যুগ যুগ ধৰি সমাজৰ বুকুত চলি অহা পৰম্পৰাৰ বিৰুদ্ধে তেওঁৰ বিপ্লৱী মনৰ প্ৰতিভূ সুন্দৰ কোঁৱৰে চিঞৰি উঠিছে৷
                                                ‘‘তুমি আৰু মোক আমনি নকৰিবা৷ মোৰ বিবাহৰ কাৰণে
                                                এনেকৈ আমনি কৰিলে মই কাৰেং ৰাজ্য এৰি গুচি যাম৷’’
                                                                                                                (কাৰেঙৰ লিগিৰী, প্ৰথম অংক প্ৰথম দৰ্শন)
                 নাট্যকাৰে ‘‘কাল্পনিক নাট’’ আখ্যা দিয়া নাটকখনিত মধ্যযুগীয়া পটভূমিত এক বৈপ্লৱিক চিন্তাক উপস্থাপন কৰিছে৷ নাটকখনৰ জৰিয়তে সামাজিক সমস্যামূলক নাটকৰ চৰিত্ৰ প্ৰকাশ পাইছে৷
                ৰূপালীম : ১৯৩৬ চনত ৰচিত জ্যোতিপ্ৰসাদৰ ৰূপালীম নাটকত প্ৰচলিত সমাজ ব্যৱস্থাই ঢুকি নোপোৱা এক কাল্পনিক দেশৰ বিষয়বস্তুক নাটকীয় ৰূপ দি তেওঁ এক ভিন্নমুখী ৰস আস্বাদন কৰিলে৷ বিয়োগাত্মক নাটক ৰূপালীম জনজাতীয় পটভূমিত ৰচিত৷ ৰাজশক্তি, স্বাৰ্থপৰ, পুৰুষৰ সন্মুখত অসহায় নাৰী ৰূপালীম, ঈষা আৰু দেশপ্ৰেমৰ প্ৰতিভূ ইতিভেন, ৰাজশক্তিৰ প্ৰতীক মণিমুগ্ধ, প্ৰকৃতিৰ সহজ-সৰল ৰূপ মায়াবক লৈ এক জটিল সম্পৰ্কেৰে কাহিনী গ্ৰন্থিত হৈছে৷
                লভিতা : ১৯৪৮ চনত প্ৰকাশিত জ্যোতিপ্ৰসাদৰ লভিতা তেওঁৰ সাহসিকতম সৃষ্টি৷ অসমীয়া জাতিক পটভূমি ৰূপে চিত্ৰিত কৰা লভিতা নাটকত বৰ্ণিত হৈছে - সংগ্ৰামৰ মাজেদি আগবাঢ়ি যোৱা এজনী অসমীয়া যুৱতীৰ সাহস আৰু স্বদেশানুৰাগৰ কাহিনী৷ লভিতাত তেওঁ আংগিকৰ পৰীক্ষা-নিৰীক্ষাৰে অসমীয়া নাট্যসাহিত্যক এক নতুন দিশৰ সন্ধান দিয়ে৷
                নিমাতী কইনা : ‘‘বুঢ়ী আইৰ সাধু’’ৰ প্ৰচলিত সাধুকথাৰ জোলোঙাৰপৰা যদিও নিমাতী কইনা (১৯৩৫, ৰচনা)ৰ জন্ম তথাপিও এইখন জ্যোতিপ্ৰসাদৰ নাট্যজীৱনৰ অমৰ সৃষ্টি৷ নিমাতী কইনা জ্যোতিপ্ৰসাদৰ বিপ্লৱী মনৰ শিল্পসাধনাৰ বিমূৰ্ত্ত প্ৰকাশ’’ এক ৰূপকধৰ্মী গীতিনাট্য৷ নিমাতী কইনাৰ মাত নোলোৱাত বিভিন্ন দেশৰ ৰাজকোঁৱৰ, ওজা, পণ্ডিত মাত উলিয়াবৰ কাৰণে আহিল মাত নোলাল৷ এজন বীণবৰাগীৰ গীতৰ সুৰত নিমাতীৰ মাত ওলাল৷ নাটকখনৰ আন এটা নাম ৰূপকোঁৱৰ৷ নাটকখনত নাট্যকাৰে ঘূণেধৰা সমাজৰ দানৱীয় অৱস্থাৰ পৰা মানৱাত্মাৰ মুক্তিৰ পথ কাব্যিক অনুভূতিৰ মাজত দেখুওৱা হৈছে৷ নিমাতী কইনাৰ মাত উলিওৱা বীণবৰাগী ৰূপকোঁৱৰৰ আধাৰ৷ এই আধাৰৰ মাজেৰেই জ্যোতি দৰ্শনৰ প্ৰকাশ ঘটিছে৷
                সোণ-পখিলী :    নিমাতী কইনা ৰ সমধৰ্মী এখন নাট সোণ-পখিলী৷ এই অসম্পূৰ্ণ নাটকখনত এক কাব্যিকসুলভ আৰম্ভণিৰে কবিতা কুমাৰ, চিন্তা কুমাৰ আৰু মনিষা কুমাৰে সোণপখিলীক পাব বিচাৰিছে৷
                খনিকৰ : খনিকৰ নাটকখন ১৯২৯ চনৰ পৰা ১৯৪০ চনলৈকে লিখিছে৷ নাটকখনৰ সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাই উল্লেখ কৰিছে -
                                          ‘‘এই নাটকখনৰ প্ৰধান চৰিত্ৰ বা নায়কৰ পৰিকল্পনাৰ অন্তৰালত
                                                আছে আগৰৱালা পৰিয়ালৰ এটি শোকাৱহ ঘটনা৷ চন্দ্ৰকুমাৰ
                                                আগৰৱালাৰ মাজু লৰা অৰুণ কুমাৰে বিলাতলৈ যাবলৈ নাপায়
                                                আত্মহত্যা কৰে৷’’
                                                                                                      জ্যোতিপ্ৰসাদ ৰচনাৱলী, পাতনি, পৃষ্ঠা ১২
             এই অৰুণ কুমাৰকে আলম কৰি নাটকখন ৰচিত হৈছে৷ অসমৰ পটভূমিত আৰম্ভ হোৱা নাটকখনৰ ঘটনাক্ৰম পেৰিচলৈকে বিস্তৃত৷ নবীনৰ ভাস্কৰ্য শিল্প সাধনাত হোৱা কৃতকাৰ্যতা নাটকখনৰ মূল বিষয়৷ অৱশ্যে নাটকখনত এক নিটোল কাহিনী গ্ৰন্থন পোৱা নাযায়৷
                কনকলতা : জ্যোতিপ্ৰসাদৰ কনকলতা নাটখনিও সম্পূৰ্ণ নহয়৷ এক ঐতিহাসিক ঘটনাক আলম হিচাপে লৈ নাটকখন ৰচনা কৰিব বিচৰা হৈছিল৷ এখন ঐতিহাসিক দলিল হব পৰা সম্ভাৱনা অৱশ্যে নাটকখনৰ মাজত আছিল৷
                সুন্দৰ কোঁৱৰ : এই নাটকখন এখন কাল্পনিক নাটক৷ ৰূপান্তৰ চেতনাযুক্ত নাটকখনিত কাৰেঙৰ লিগিৰীৰ সুন্দৰ কোঁৱৰৰ বিদ্ৰোহে যেন তীব্ৰ ৰূপত আত্মপ্ৰকাশ কৰিব বিচাৰিছিল৷ নাটকখনে সম্পূৰ্ণ ৰূপ পোৱা হলে ই অধিক স্পষ্ট হলহেঁতেন৷
                বিংশ শতিকাৰ দ্বিতীয় দশকত নাট্য সাহিত্যত হাত দিয়া জ্যোতিপ্ৰসাদে যিকেইখন নাটক ৰচনা কৰিলে, সেইকেইখন নাটকে অসমীয়া নাট্য চিন্তাৰ নতুন পথ প্ৰতিষ্ঠা কৰিলে৷ এই নাটকসমূহত নাট্যৰীতিৰ কৌশল, চৰিত্ৰৰ দ্বন্দ্ব আৰু দ্বন্দ্বমুখৰ অৱস্থাত চৰিত্ৰৰ চিন্তা ভাৱনা প্ৰকাশত নাট্যকাৰৰ আধুনিক দৃষ্টিভংগী লক্ষ্য কৰা যায়৷

Friday, March 6, 2020

অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱ্হাৰ


-পৰিণীতা বৰা

     অসমীয়া বৰ্ণমালাৰ এটা অপৰিহাৰ্য ধ্বনি হ’ল চন্দ্ৰবিন্দু| ই স্বৰৰ অনুনাসিকতা বুজায়| অনুনাসিকতা ধ্বনিৰ এক গুণ| ধ্বনি উচ্চাৰণৰ সময়ত, বিশেষকৈ স্বৰধ্বনি উচ্চাৰণৰ সময়ত কোমল তালুখন তললৈ নমাই নাসিকাবিবৰেদি হাওঁফাওঁৰপৰা ওলাই অহা বায়ুৰ প্ৰৱেশ পথ মুকলি কৰিব পাৰি| তেতিয়া বৰ্হিগামী বায়ুপ্ৰবাহৰ এভাগ নাকেৰে ওলাই যায়| এইদৰে নাকেৰে কিছু পৰিমাণে বায়ুপ্ৰবাহ উলিয়াই দি ধ্বনি উচ্চাৰণ কৰা গুণকে অনুনাসিকতা বোলে|
      
      অনুনাসিকতাৰ কাৰণে শব্দৰ উচ্চাৰণ আৰু অৰ্থৰ পাৰ্থক্য ঘটে| লিখিত অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ সহায়ত অনুনাসিকতা চিহ্নিত কৰা হ্য়| যেনে – কাঁহ, সাঁচ আদি| অসমীয়া ভাষাত স্বৰধ্বনিৰ ক্ষেত্ৰত হোৱা অনুনাসিকতাক ‘লঘু’ আৰু ‘গুৰু’ দুইধৰণে ভাগ কৰা হয়| অনুনাসিক ধ্বনিৰ পৰৱৰ্তী সকলো স্বৰধ্বনিয়ে পূৰ্বস্থ ধ্বনিৰ প্ৰ্ভাৱত কিছু অনুনাসিকতা লাভ কৰিলে তাক লঘু অনুনাসিকতা বোলে| যেনে-“মানুহ” শব্দত ‘ম’ৰ পৰৱৰ্তী ‘আ’ আৰু ‘ন’ৰ পৰৱৰ্তী ‘উঁ’ ধ্বনিয়ে লঘু অনুনাসিকতা লাভ কৰে| বিশিষ্ট বা বৰ্ণগত অনুনাসিক ধ্বনিবোৰৰ অনুনাসিকতাক গুৰু অনুনাসিকতা বোলা হ্য়| যেনে- অঙ্কন>অঁকা, কম্পন>কঁপনি আদি|
      
     চন্দ্ৰবিন্দুক গাইগুটীয়াকৈ উচ্চাৰণ কৰিব নোৱাৰি, স্বৰ নাইবা য়, ৱ, হ, ৰ, ল আদি ধ্বনিৰ সৈতেহে ই উচ্চাৰিত হয়| স্বৰধ্বনিৰ লগত উচ্চাৰিত হোৱা হেতুকে ইয়াক উপাহিত ধ্বনিও বোলে| যিবোৰ ধ্বনি বা বৰ্ণক একাদিক্ৰমে ভাগ ভাগ কৰি দেখুৱাব নোৱাৰি অৰ্থাত্‍ বৰ্ণৰ ক্ৰম নিৰ্ণয় কৰিব নোৱাৰি তেনেবোৰ বৰ্ণকে উপাহিত বৰ্ণ বোলে| এনেক্ষেত্ৰত শ্বাসাঘাত, সুৰ, অনুনাসিক আদিৰো ক্ৰম নিৰ্দেশ কৰিব নোৱাৰাৰ বাবে এইবোৰক অসমীয়া ভাষাত উপাহিত বৰ্ণ বুলি ধৰা হয়| যেনে – খাওঁ শব্দটোৰ বৰ্ণ ক্ৰম কৰিলে, খাওঁ = খ-আ-ও-ঁ নে খ-আ-ঁ-ও হ’ব তাক ক্ৰম কৰি দেখুৱাব নোৱাৰি| সেয়ে ‘চন্দ্ৰবিন্দু’ক উপাহিত বৰ্ণ বোলে|
    
    চন্দ্ৰবিন্দুৱে শব্দৰ অৰ্থগত পাৰ্থক্যও নিৰ্দেশ কৰে| এনে অৰ্থত চন্দ্ৰবিন্দু বিশিষ্ট ধ্বনি; উদাহৰণস্বৰূপে-‘শো’ মানে টোপনি যা, কিন্তু সোঁ মানে বাওঁৰ বিপৰীত ফাল| অসমীয়া ভাষাত কোনো ব্যক্তিৰ নামৰ আগত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰি ব্যক্তিজন মৃত বুলি বুজোৱা হয়| যেনে – ঁলক্ষ্মীনাথ বেজবৰুৱা|
    
     বৰ্তমান আৰু অতীত কালৰ প্ৰথম পুৰুষৰ সকলো ক্ৰিয়াপদতে পুৰুষবাচক ক্ৰিয়াবিভক্তি ‘ওঁ’ অপৰিহাৰ্য| যেনে- মই ভাত খালোঁ| সম্ভাৱ্য ভূতকালৰ ‘হেঁতেন’ পৰসৰ্গতো ‘হেঁ’ৰ ওপৰত চন্দ্ৰবিন্দু ব্যৱহাৰ হয়|
        
   নামপদৰ বহুবচন বুজোৱা ‘-হঁত’(দেউতাহঁত, তহঁত আদি)আৰু ক্ৰিয়াপদৰ বহুবচন বুজোৱা ‘হঁক’(যাবিহঁক, কৰিবিহঁক আদি)প্ৰত্যয়তো চন্দ্ৰবিন্দুৰ প্ৰয়োগ হয়| অধিকাংশ অসমীয়া তদ্ভৱ শব্দত চন্দ্ৰবিন্দু সংস্কৃত শব্দত থকা ন,ং, ঙ, ণ, ম নাসিক্য ধ্বনিৰ পৰিৱৰ্তিত ৰূপ| যেনে – দন্ত>দাঁত, পঞ্চ>পাঁচ আদি|
      
      ক্ৰিয়াৰ অসমাপিকা ৰূপত ব্যৱহৃত ‘-ওঁতে’(কৰোঁতে, খাওঁতে আদি) আৰু ‘-ওঁতা’(যাওঁতা, কৰোঁতা আদি)প্ৰত্যয়তো চন্দ্ৰবিন্দুৰ ব্যৱহাৰ অপৰিহাৰ্য|
      
      অসমীয়া ভাষাৰ নিজা উচ্চাৰণ-বৈশিষ্ট্যৰ বাবে কেতবোৰ শব্দত চন্দ্ৰবিন্দুৰ আপোনা-আপুন চন্দ্ৰবিন্দুৰ প্ৰয়োগ হয়| যেনে – পেঁচ, ভোঁ ভোঁ, দাঁতি আদি| মূল সংস্কৃত নথকা সত্ত্বেও কেতবোৰ তদ্ভৱ শব্দত স্বত:স্ফূৰ্ত নাসিক্যিভৱনৰ বাবে চন্দ্ৰবিন্দুৰ ব্যৱহাৰ ঘটে| যেনে- আঁঠু(অস্থিবত্‍), সঁচা(সত্য) আদি|

     উত্‍স : পুথিগত তথ্য

  যতীন্দ্ৰনাথ দুৱৰা , কথা-কবিতা আৰু কিছু কথা                                                                                               ...