পৰিণীতা বৰা
অসমীয়া নাট্য সাহিত্যৰ বুৰঞ্জীত শংকৰদেৱে
পোনপ্ৰথম নাট্য সাহিত্যৰ প্ৰৱৰ্তন কৰাৰ পাছৰেপৰা অসমীয়া নাটকে সময়ে সময়ে
গতি-প্ৰকৃতি সলনি কৰি আহি বৰ্তমানৰ অৱস্থা পায়হি৷ অৰুণোদয় আৰু জোনাকী যুগত অসমীয়া
নাট্য সাহিত্যই আধুনিকতাৰ বোল সানি আত্মপ্ৰকাশ আৰু বিকাশ লাভ কৰিছিল যদিও
জ্যোতিপ্ৰসাদৰ হাতত নতুন আংগিক সমৃদ্ধিৰে আৰু ভাৱবস্তুৰ নতুনত্ব তথা গভীৰতাৰে
অসমীয়া নাট্যসাহিত্যক বিশ্বজনীন মূল্যবোধ সম্পন্ন কৰি তুলিলে৷ আধুনিক অসমীয়া নাট্য
সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদৰ নাটকক এক মাইলৰ খুটি হিচাপে বিবেচনা কৰিব
পাৰি৷ জ্যোতিপ্ৰসাদৰ পূৰ্বসুৰী আৰু সমসাময়িক নাট্যকাৰসকলৰ নাটকসমূহ বাঙালী নাটকৰ
প্ৰভাৱমুক্ত আৰু যথাৰ্থ নাট্যগুণধৰ্মী নাছিল৷ তেওঁৱেই প্ৰথম অসমীয়া নাটকক
প্ৰভাৱমুক্ত মৌলিক চিন্তাৰে মঞ্চ আৰু অভিনয়ৰ উপযোগী কৰি তোলাৰ লগতে নাটকক
কাব্যগুণসম্পন্ন কৰি তোলাৰ ক্ষেত্ৰত নতুন চিন্তাৰ পথ প্ৰদৰ্শন কৰিলে৷ বিষয়,
আংগিক আৰু সমাজমুখী
বাস্তৱ দৃষ্টিভংগীৰে তেওঁ অসমীয়া নাটকক এক নতুন নাট্য ৰীতি দান কৰে৷ শোণিত
কুঁৱৰী নাটকৰ জৰিয়তে প্ৰথমতে অসমীয়া নাটকত মঞ্চ-নিদেৰ্শনাৰ প্ৰয়োগ কৰাৰ লগতে
প্ৰথম ইবচেনীয় ঠাঁচত সামাজিক সমস্যাপ্ৰধান নাটক কাৰেঙৰ লিগিৰী ৰচনা কৰে৷
তলত তেওঁৰ নাটককেইখনৰ চমু পৰিচয় দিয়া হ’ল -
শোণিত কুঁৱৰী : ১৯২৫ চনত
প্ৰকাশিত জ্যোতিপ্ৰসাদৰ শোণিত কুঁৱৰী অসমীয়া নাট্য সাহিত্যৰ এক উল্লেখযোগ্য
কৃতি৷ এই নাটকৰ মাজেদিয়েই তেওঁ পৌৰাণিক বিষয়বস্তুক নতুন বোল সানি নাটকক নতুন ৰূপত
প্ৰতিষ্ঠা কৰালে৷ তেওঁৰ হাতত ভাৱবস্তুৰ লগতে বিষয়বস্তুৰো ৰূপান্তৰ সাধন ঘটিল৷
বৈষ্ণৱ কবি আৰু ধৰ্ম গুৰুসকলে প্ৰাধান্য দিয়া বিষ্ণুৰ মাহাত্ম্য আৰু হৰিহৰৰ
যুদ্ধতকৈ অধিক প্ৰাধান্য আৰোপিত হ’ল ঊষা-অনিৰুদ্ধৰ
প্ৰেম আৰু মিলনতহে৷ এইখন নাটকতে জ্যোতিপ্ৰসাদে গীত আৰু নৃত্যৰ ক্ষেত্ৰত অসমীয়া সুৰ
আৰু নৃত্যক নাটকত প্ৰয়োগ কৰে৷
কাৰেঙৰ লিগিৰী : ১৯৩৬ চনত
প্ৰকাশিত জ্যোতিপ্ৰসাদৰ কাৰেঙৰ লিগিৰী নাটকখনত দ্বন্দ্ব আৰু সংঘাতৰ লগতে
বিফল প্ৰেমৰ কৰুণ প্ৰকাশ ঘটিছে৷ এই নাটকতেই মানুহৰ গতানুগতিক আৰু প্ৰাচীন মূল্যবোধ
তথা ধ্যান-ধাৰণাৰপৰা আঁতৰি আহি এক বিদ্ৰোহৰ সূচনা কৰিলে নায়ক সুন্দৰ কোঁৱৰে৷
নাটকখনত এক মৌলিক সমস্যাক নতুন ৰূপত দাঙি ধৰাৰ চেষ্টা পৰিলক্ষিত হয়৷ সেইবাবেই যুগ
যুগ ধৰি সমাজৰ বুকুত চলি অহা পৰম্পৰাৰ বিৰুদ্ধে তেওঁৰ বিপ্লৱী মনৰ প্ৰতিভূ সুন্দৰ
কোঁৱৰে চিঞৰি উঠিছে৷
‘‘তুমি আৰু মোক আমনি নকৰিবা৷ মোৰ বিবাহৰ কাৰণে
এনেকৈ আমনি কৰিলে মই কাৰেং ৰাজ্য এৰি গুচি যাম৷’’
(কাৰেঙৰ লিগিৰী, প্ৰথম অংক প্ৰথম দৰ্শন)
নাট্যকাৰে ‘‘কাল্পনিক নাট’’ আখ্যা দিয়া নাটকখনিত মধ্যযুগীয়া পটভূমিত এক
বৈপ্লৱিক চিন্তাক উপস্থাপন কৰিছে৷ নাটকখনৰ জৰিয়তে সামাজিক সমস্যামূলক নাটকৰ চৰিত্ৰ
প্ৰকাশ পাইছে৷
ৰূপালীম : ১৯৩৬ চনত ৰচিত
জ্যোতিপ্ৰসাদৰ ৰূপালীম নাটকত প্ৰচলিত সমাজ ব্যৱস্থাই ঢুকি নোপোৱা এক কাল্পনিক দেশৰ
বিষয়বস্তুক নাটকীয় ৰূপ দি তেওঁ এক ভিন্নমুখী ৰস আস্বাদন কৰিলে৷ বিয়োগাত্মক নাটক
ৰূপালীম জনজাতীয় পটভূমিত ৰচিত৷ ৰাজশক্তি, স্বাৰ্থপৰ, পুৰুষৰ সন্মুখত
অসহায় নাৰী ৰূপালীম, ঈষা আৰু
দেশপ্ৰেমৰ প্ৰতিভূ ইতিভেন, ৰাজশক্তিৰ প্ৰতীক
মণিমুগ্ধ, প্ৰকৃতিৰ সহজ-সৰল
ৰূপ মায়াব’ক লৈ এক জটিল
সম্পৰ্কেৰে কাহিনী গ্ৰন্থিত হৈছে৷
লভিতা : ১৯৪৮ চনত
প্ৰকাশিত জ্যোতিপ্ৰসাদৰ লভিতা তেওঁৰ সাহসিকতম সৃষ্টি৷ অসমীয়া জাতিক পটভূমি
ৰূপে চিত্ৰিত কৰা লভিতা নাটকত বৰ্ণিত হৈছে - সংগ্ৰামৰ মাজেদি আগবাঢ়ি যোৱা
এজনী অসমীয়া যুৱতীৰ সাহস আৰু স্বদেশানুৰাগৰ কাহিনী৷ লভিতাত তেওঁ আংগিকৰ
পৰীক্ষা-নিৰীক্ষাৰে অসমীয়া নাট্যসাহিত্যক এক নতুন দিশৰ সন্ধান দিয়ে৷
নিমাতী কইনা : ‘‘বুঢ়ী আইৰ সাধু’’ৰ প্ৰচলিত সাধুকথাৰ জোলোঙাৰপৰা যদিও নিমাতী কইনা
(১৯৩৫, ৰচনা)ৰ জন্ম তথাপিও এইখন জ্যোতিপ্ৰসাদৰ নাট্যজীৱনৰ
অমৰ সৃষ্টি৷ “নিমাতী কইনা
জ্যোতিপ্ৰসাদৰ বিপ্লৱী মনৰ শিল্পসাধনাৰ বিমূৰ্ত্ত প্ৰকাশ’’ এক ৰূপকধৰ্মী গীতিনাট্য৷ নিমাতী কইনাৰ মাত
নোলোৱাত বিভিন্ন দেশৰ ৰাজকোঁৱৰ, ওজা, পণ্ডিত মাত উলিয়াবৰ কাৰণে আহিল মাত নোলাল৷ এজন
বীণব’ৰাগীৰ গীতৰ সুৰত নিমাতীৰ
মাত ওলাল৷ নাটকখনৰ আন এটা নাম ৰূপকোঁৱৰ৷ নাটকখনত নাট্যকাৰে ঘূণেধৰা সমাজৰ
দানৱীয় অৱস্থাৰ পৰা মানৱাত্মাৰ মুক্তিৰ পথ কাব্যিক অনুভূতিৰ মাজত দেখুওৱা হৈছে৷
নিমাতী কইনাৰ মাত উলিওৱা বীণব’ৰাগী ৰূপকোঁৱৰৰ
আধাৰ৷ এই আধাৰৰ মাজেৰেই জ্যোতি দৰ্শনৰ প্ৰকাশ ঘটিছে৷
সোণ-পখিলী : নিমাতী কইনা ৰ সমধৰ্মী এখন নাট সোণ-পখিলী৷ এই অসম্পূৰ্ণ
নাটকখনত এক কাব্যিকসুলভ আৰম্ভণিৰে কবিতা কুমাৰ, চিন্তা কুমাৰ আৰু মনিষা কুমাৰে সোণপখিলীক পাব
বিচাৰিছে৷
খনিকৰ : খনিকৰ
নাটকখন ১৯২৯ চনৰ পৰা ১৯৪০ চনলৈকে লিখিছে৷ নাটকখনৰ সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাই
উল্লেখ কৰিছে -
‘‘এই নাটকখনৰ প্ৰধান চৰিত্ৰ বা নায়কৰ পৰিকল্পনাৰ অন্তৰালত
আছে আগৰৱালা পৰিয়ালৰ এটি শোকাৱহ ঘটনা৷
চন্দ্ৰকুমাৰ
আগৰৱালাৰ মাজু ল’ৰা অৰুণ কুমাৰে বিলাতলৈ যাবলৈ নাপায়
আত্মহত্যা কৰে৷’’
জ্যোতিপ্ৰসাদ ৰচনাৱলী, পাতনি, পৃষ্ঠা ১২
এই অৰুণ কুমাৰকে আলম কৰি নাটকখন ৰচিত হৈছে৷
অসমৰ পটভূমিত আৰম্ভ হোৱা নাটকখনৰ ঘটনাক্ৰম পেৰিচলৈকে বিস্তৃত৷ নবীনৰ ভাস্কৰ্য
শিল্প সাধনাত হোৱা কৃতকাৰ্যতা নাটকখনৰ মূল বিষয়৷ অৱশ্যে নাটকখনত এক নিটোল কাহিনী
গ্ৰন্থন পোৱা নাযায়৷
কনকলতা : জ্যোতিপ্ৰসাদৰ
কনকলতা নাটখনিও সম্পূৰ্ণ নহয়৷ এক ঐতিহাসিক ঘটনাক আলম হিচাপে লৈ নাটকখন ৰচনা কৰিব
বিচৰা হৈছিল৷ এখন ঐতিহাসিক দলিল হ’ব পৰা সম্ভাৱনা অৱশ্যে নাটকখনৰ মাজত আছিল৷
সুন্দৰ কোঁৱৰ : এই নাটকখন এখন
কাল্পনিক নাটক৷ ৰূপান্তৰ চেতনাযুক্ত নাটকখনিত কাৰেঙৰ লিগিৰীৰ সুন্দৰ
কোঁৱৰৰ বিদ্ৰোহে যেন তীব্ৰ ৰূপত আত্মপ্ৰকাশ কৰিব বিচাৰিছিল৷ নাটকখনে সম্পূৰ্ণ ৰূপ
পোৱা হ’লে ই অধিক স্পষ্ট
হ’লহেঁতেন৷
বিংশ শতিকাৰ দ্বিতীয় দশকত নাট্য সাহিত্যত হাত
দিয়া জ্যোতিপ্ৰসাদে যিকেইখন নাটক ৰচনা কৰিলে, সেইকেইখন নাটকে অসমীয়া নাট্য চিন্তাৰ নতুন পথ
প্ৰতিষ্ঠা কৰিলে৷ এই নাটকসমূহত নাট্যৰীতিৰ কৌশল, চৰিত্ৰৰ দ্বন্দ্ব আৰু দ্বন্দ্বমুখৰ অৱস্থাত
চৰিত্ৰৰ চিন্তা ভাৱনা প্ৰকাশত নাট্যকাৰৰ আধুনিক দৃষ্টিভংগী লক্ষ্য কৰা যায়৷
No comments:
Post a Comment