ভাৱান্তৰ: পৰিনীতা বৰা
১৮৭০ চনত এক
সম্ভ্ৰান্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা ইভান বুনিন হ’ল বিংশ শতিকাৰ ন’বেল বঁটা বিজয়ী
প্ৰথমজন ৰুছ সাহিত্যিক | বুনিন একাধাৰে কবি, ঔপন্যাসিক আৰু গল্পকাৰ আছিল |
সাংবাদিক আৰু কেৰাণীৰ কাম কৰি থকাৰ সময়তে বুনিনে কবিতা ৰচনা আৰু অনুবাদ কৰিছিল |
তেওঁৰ প্ৰথমখন কবিতাপুথি প্ৰকাশ পাইছিল ১৮৯১ চনত | বুনিনক ১৯০৩ চনত H.W.
Longbellow ৰ “Hiawatha” নামৰ কবিতাপুথিখন অনুবাদৰ বাবে ৰুছ অকাডেমীয়ে “পুষ্কাৰ
বঁটা” প্ৰদান কৰে | বুনিনে ঝাইৰণৰ “Manbred” আৰু “Cain” নামৰ গ্ৰন্থ দুখনো অনুবাদ
কৰিছিল | ১৯১৬ চনত “Gospodin iz san Frantsisko” (The Gentleman from san
Francisco) নামৰ গল্পটোৰ জৰিয়তে গল্পকাৰ হিচাপে খ্যাতি অৰ্জন কৰে | তেওঁৰ শ্ৰেষ্ঠ
গল্পসমূহৰ ভিতৰত “Sunstroke”, “Light Breathing”, “The last Rendezvous”, “Tania”
আদি উল্লেখযোগ্য | তেওঁৰ ৰচিত জীৱনী দুখন হ’ল “Okayannyedni ”, (1926, The Accused
Days) আৰু “Vospominaniya”, (1950, Memories And Portraits)| ১৯১৭ চনৰ অক্টোবৰৰ
বিপ্লৱৰ সময়ত তেওঁ দেশ ত্যাগ কৰি পেৰিছলৈ গুচি আহে আৰু মৃত্যুৰ সময়লৈকে পেৰিছতে
স্থায়ীভাৱে বাস কৰে |
বুনিনৰ ৰচিত এটা
শ্ৰেষ্ঠ প্ৰেমৰ গল্প হ’ল “শৰতৰ এটা চেঁচা সন্ধিয়া” “On An Autmn Evening’’ দ্বিতীয়
বিশ্বযুদ্ধৰ পটভূমিত ৰচিত গল্পটোৰ বিষয়বস্তু হৈছে- প্ৰেমৰ স্মৃতি | এই বিশ্বযুদ্ধৰ
আগমুহূৰ্তত চাৰজেভোত ২৮ জুনৰ দিনা অষ্ট্ৰিয়াৰ যুৱৰাজ ফাৰ্ডিনাণ্ড কোনো আততায়ীৰ
হাতত নিহত হৈছে | ১২ জুলাই তাৰিখে ছেইণ্ট পিটাৰৰ পৰৱৰ দিনাই গল্পটোৰ কথক (এগৰাকী
মহিলা)ৰ বিয়াৰ দিন ঘোষণা কৰা হৈছে | কিন্তু পিছৰ মাহৰ অৰ্থাত্অ ১ আগষ্টৰ
দিনাই ৰাছিয়াৰ বিৰুদ্ধে জাৰ্মানীৰ যুদ্ধ ঘোষণা কৰাত তেওঁলোকৰ আনন্দ আৰু আশাত
চেঁচাপানী পৰে | কিয়নো কথকৰ ভাবী স্বামী যুদ্ধলৈ যাবলগীয়া হয় | প্ৰথম পুৰুষত
বৰ্ণিত ইভান বুনিনৰ এই গল্পটোৰ জৰিয়তে যুদ্ধই মানুহৰ জীৱনলৈ অনা পৰিৱৰ্তন অৰ্থাত্যুদ্ধই
মানুহৰ জীৱনৰ স্বাভাৱিক গতি কিদৰে ব্যাহত কৰে তাৰ আভাস দাঙি ধৰিছে | এই যুদ্ধখনেই
মহিলাগৰাকীৰ জীৱনলৈ সংঘাত কঢ়িয়াই অনা এক চৰিত্ৰৰূপে থিয় দিছে | তেওঁৰ ভাবী স্বামীৰ
যুদ্ধক্ষেত্ৰত মৃত্যু হৈছে | তাৰ পিছৰেপৰা তেওঁ কঠোৰ সংগ্ৰামৰ মাজেৰে জীৱন
অতিবাহিত কৰিবলগীয়া হৈছে | কিন্তু এই জীৱন সংগ্ৰামৰ মাজতো যুদ্ধলৈ যোৱাৰ আগদিনা
শৰতৰ সেই বিশেষ সন্ধিয়াটোত তেওঁৰ ভাবী স্বামীৰ সৈতে শেষ কথা-বতৰাৰ মধুৰ স্মৄতিয়ে
তেওঁক আমনি দিয়ে | দৰাচলতে ইয়াৰ জৰিয়তে গল্পকাৰে মানৱিক সম্পৰ্কৰ এক দিশ প্ৰকাশ
কৰিছে |
কোনো মানুহে
তেওঁৰ জীৱনৰ আটাইতকৈ প্ৰিয়জন হেৰাই যোৱাৰ পিছতো জীৱনটো যাপন কৰিবলৈ বাধ্য |
মানুহগৰাকীৰ ক্ষেত্ৰতো একে কথাই খাটিছে | তেওঁ মানি লৈছে নিজৰ জীৱনটো | প্ৰিয়জন
নহ’লেও জীয়াই থাকিব নোৱাৰিম বুলি কোৱা মানুহগৰাকীয়ে তেওঁৰ মৄত্যুৰ পিছতো কঠোৰ
শ্ৰমেৰে জীৱন অতিবাহিত কৰিছে | মাক-দেউতাক ঢুকোৱাৰ পিছত মহিলাগৰাকী মস্কোলৈ গৈছে
আৰু তাত স্মলেনস্ক বজাৰৰ এজনী মাছপোহাৰীৰ ঘৰৰ ভাড়া ঘৰা কোঠা এটাত থাকি আন বহুতৰ
দৰে সৈন্যবোৰৰ মাজত আঙুঠি, ক্ৰুছ চিহ্ন আদি বিক্ৰী কৰা কাম কৰিছে | এজন
অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ লগত তেওঁৰ বৈবাহিক সম্বন্ধ স্থাপন হৈছে | কিন্তু
দুবছৰমানৰ পিছত সিহঁতো ৰেংগলৰ সৈন্য দলত ভৰ্তি হ’বলৈ গুচি যায় আৰু কোনোদিনেই উলটি
অহা নাই | সাতমহীয়া ছোৱালীজনীৰ লগতে তেওঁ কঠোৰ শ্ৰম কৰি পেটৰ ভাতমুঠি যোগাৰ কৰি
জীয়াই থাকিবলগীয়া হৈছে | কিন্তু এই জীৱন পৰিক্ৰমাৰ মাজতো মহিলাগৰাকীয়ে তেওঁৰ ভাবী
স্বামীৰ সৈতে কটোৱা শৰতৰ বিশেষ সন্ধিয়াটোৰ কথা পাহৰি যোৱা নাই | সেই স্মৃতি তেওঁৰ
মনত সজীৱ হৈ আছে | গল্পটোৰ বিষয়বস্তু মূলত : প্ৰেম যদিও প্ৰেমৰ স্মৃতিয়ে গল্পটোক
আৰম্ভণিৰ পৰা শেষলৈকে নিয়ন্ত্ৰণ কৰিছে |
বু্নিনৰ “On An
Autumn Evening” গল্পটোৰ মটিফ হৈছে স্মৃতি | প্ৰথম পুৰুষত বৰ্ণিত গল্পটোত কথকজনে
(মহিলাগৰাকী) স্মৃতিতেই গল্পটো আৰম্ভ কৰিছে আৰু স্মৃতিতেই সেষ কৰিছে | ভাবী
স্বামীক শেষ বাৰৰ বাবে লগ পোৱা শৰতৰ সেই বিশেষ সন্ধিয়াটোৱেই তেওঁৰ জীৱনৰ প্ৰাপ্তি
| জীৱনত ঘটি যোৱা বাকীবোৰ ঘটনা
মহিলাগৰাকীৰ বাবে সাময়িক আৰু অৰ্থহীন | এইবোৰৰ স্থান তেওঁৰ জীৱনত গৌণ হৈ পৰিছে |
গল্পটোৰ জৰিয়তে স্মৃতিময় কাব্যিক সংবেদনশীলতাৰ প্ৰকাশ পাইছে আৰু গল্পটোৰ ভাষাই কথক
আৰু পাঠকৰ মাজত এক সম্পৰ্ক গঢ়ি তুলিছে |
ইভান বুনিনৰ “On An Autumn
Evening” গল্পটোত সময় অপৰিৱৰ্তনশীল ৰূপত আছে | মহিলাগৰাকী ভাবী স্বামীৰপৰা বিচ্ছেদ
হোৱাৰ ত্ৰিশ বছৰৰ পিছতো তেওঁৰ জীৱনৰ গতি প্ৰবাহমান হৈ আছে | গল্পটোত এটা মাত্ৰ
লহমা অথবা মুহূৰ্তত মহিলাগৰাকীয়ে শেষবাৰৰ বাবে তেওঁৰ ভাবী স্বামীক লগ পাইছিল | সেই
মুহূৰ্তটোৱে গল্পটোত এটা আকৰ্ষণ আনি দিছে | কিয়নো তেওঁৰ জীৱনটোলৈ নামি অহা কাব্যিক
পৰিৱৰ্তনবোৰৰ স্বত্বেও সেই বিশেষ মুহূৰ্তটোৰ স্মৃতিক মনত কঢ়িয়াই লৈ ফুৰিছে- “তেওঁ
যুদ্ধত নিহত হোৱাৰ সময়ৰে পৰা এতিয়ালৈকে মোৰ জীৱনৰ সকলোবোৰ ঘটনাই মোৰ চকুৰ আগত জলজল
পটপট | প্ৰায়েই নিজকে সুধি চাওঁ মই এতিয়া : প্ৰকৃতাৰ্থত জীৱনে মোক কি দিলে বাৰু ?
লগে লগে উত্তৰ পাওঁ মই : কেৱল শৰতৰ সেই এটা চেঁচা সন্ধিয়া | মোৰ জীৱনলৈ সচাঁকৈয়ে
আহিছিলনে বাৰু সেই সন্ধ্যাটো ?” (বৰা, প্ৰাণজিত : অনুদিত গল্প “শৰতৰ এটা চেঁচা
সন্ধিয়া” – ইভান বুনিন পৃষ্ঠা : ২২)
গল্পটোৰ সম্পৰ্কে
১৯৪৩ চনৰ ১ জানুৱাৰীত বুনিনে তেওঁৰ ডায়েৰীত লিখিছিল যে “A cold Autumn Evening” is
a very moving story. যুদ্ধই মানুহৰ জীৱনলৈ অনা পৰিৱৰ্তন, বিভীষিকা আৰু মানুহৰ
জীৱনৰ কঠোৰ শ্ৰম আদিৰ ছবি গল্পটোত প্ৰতিফলিত হৈছে | গল্পটোৰ কথকে যুদ্ধত নিজৰ
প্ৰেম আৰু ভাবী স্বামীক হেৰুৱাই পেলাইছে যদিও জীৱনত যেন তেওঁ অপৰিহাৰ্যভাবে জীয়াই
আছে, কেৱল শেষবাৰৰ বাবে ভাবী স্বামীক লগপোৱা সেই বিশেষ দিনটোৰ স্মৃতিক লৈ |