Advertise

Sunday, June 10, 2018


“ৰাজপথ ”-এক আলোচনা



                                                            মূল-ভৱানন্দ দত্ত

                                                            ভাৱান্তৰ-পৰিনীতা বৰা
            
     ভৱানন্দ দত্তৰ ৰাজপথ কবিতাটিত এফালে সমাজৰ আঢ্যৱন্ত শ্ৰেণীৰ ফোঁপোলা আভিজাত্য আৰু আনফালে শ্ৰমজীৱি দৰিদ্ৰ শ্ৰেণীৰ জীয়াই থকাৰ তাড়নাত সৃষ্ট জীৱন-সংগ্ৰামৰ অন্তঃদ্বন্দ্ব প্ৰকাশ পাইছে|কবিয়ে আধুনিক যান্ত্ৰিক সভ্যতাই আধুনিক সমাজ জীৱ্নত কিদৰে প্ৰভাৱ পেলাইছে সেয়া য্থাৰ্থ ৰূপত প্ৰকাশৰ চেষ্টা কৰিছে|কলিকতা মহানগৰীৰ চাক্ষুস অভিজ্ঞতাৰ ভিত্তিত কবিয়ে নগৰীয়া জীৱনৰ জীয়া ছবি এখন তুলি ধৰাৰ যত্ন কৰিছে|দ্বিতীয় মহাসমৰে কঢ়িয়াই অনা বিভীষিকা আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত সংঘটিত বিভিন্ন সাম্প্ৰদায়িক সংঘৰ্ষ, বিদ্ৰোহ, হত্যা, হিংসাৰ সাক্ষী বহন কৰে কলিকতা মহানগৰীয়ে|ইয়াৰ লগে লগে দুৰ্ভিক্ষ, মহামাৰী, দৰিদ্ৰতাই সৰ্বসাধাৰণ শ্ৰেণীৰ জীৱনক কৰি তুলিলে অধিক ভয়াৱহ| মহানগৰীৰ ৰাজপথৰ একাষে জিলিকিছে সম্ভ্ৰান্ত শ্ৰেণীৰ ওখ ওখ অট্টালিকাৰ শাৰী য’ত অহৰহ ৰিণিকি ৰিণিকি শুনা যায় সুমধুৰ সুৰৰ মূৰ্চ্চনা, আনফালে সেই দালানৰ দাঁতিতে ভিক্ষাৰ শূণ্য-পাত্ৰ লৈ ফুটপাথত আশ্ৰয়্হীন সৰ্বহাৰা সৰ্বস্বান্ত শ্ৰেণী|এফালে আছে হতাশাগ্ৰস্ত আৰু ক্ষয়িষ্ণু নগৰীয়া জীৱন-যাত্ৰাৰ মাজত একাংশ শ্ৰমজীৱিৰ জীয়াই থকাৰ তাড়না আৰু আন একাংশৰ “গোপন অভিসাৰৰ লিপ্সা”-
 “ব্লেক আউটৰ অন্ধকাৰময় হে ৰাজপথ!
 কত ট্ৰাম,বাছ,টেক্সি,ৰিক্সা চলে
 তোমাৰ উদাৰ বুকুৰ ওপৰেদি
 কত ব্যগ্ৰ ৰজনীৰ উদ্ভ্ৰান্ত প্ৰেমৰ
 গোপন অভিসাৰ চলে
 তোমাৰ প্ৰ্শান্ততাৰ সুবিধা লৈ|”

       এটি ৰাজপথক কেন্দ্ৰ কৰি কবিয়ে দিনৰ পোহৰত ট্ৰাম, বাছ, টেক্সি, ৰিক্সা আদি বাহনে গতিশীল কৰি তোলা ৰাজপথৰ ৰাতিৰ অন্ধকাৰৰ সুযোগ বুজি উদ্ভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰত লিপ্ত তথাকথিত এচাম ভদ্ৰ-বণিতা আৰু অফিচ-হোটেলত কৰ্মৰত কেৰাণী আদিৰ জৰিয়তে মানৱীয় মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰ সমাজৰ দৃষ্টিগোচৰ কৰিছে|নিশাৰ আন্ধাৰত পথচাৰীৰ অনুপস্থিতিৰ সুযোগ লৈ জীৱিকাৰ সন্ধানতেই হওক অথবা যৌন-বাসনা চৰিতাৰ্থ কৰাৰ জঘন্য উপায় অৱলম্বনৰ খাতিৰতেই হওক যিসকল তথাকথিত ভদ্ৰ লোকে সমাজৰ চকুত ধূলি দি সেই গোপন অভিসাৰত লিপ্ত হয় সেই সকলৰো চৰণাঘাত ৰাজপথটিয়েই সহ্য কৰিবলগাত পৰে|
 কবিতাটিত কবিয়ে বাস্তৱবাদী দৃষ্টিভংগীৰে সমাজৰ শোষিত,অৱহেলিত,নিপীড়িত,লাঞ্চিতসকলৰ দুখ-দুদৰ্শাৰ প্ৰগতিবাদী চিন্তা-চেতনাৰ উন্মেষ ঘটাইছে|এফালে সুউচ্চ অট্টালিকাত বিলাসী জীৱ্ন-যাপন কৰা ধনতান্ত্ৰিক সমাজ ব্যৱস্থাৰ চিত্ৰ আনফালে আকৌ অট্টালিকাৰ তলতেই ফুটপাথত ভিক্ষাৰ শূণ্য পাত্ৰ লৈ শুই পৰা সৰ্বহাৰা শ্ৰেণীটোৰ জীৱ্ন-ধাৰণৰ কাৰণে কঠোৰ সংগ্ৰাম আৰু জীৱনৰ নৈৰাশ্যবোধ প্ৰকাশ পাইছে| কবিতাটিত প্ৰতীকৰূপী “ৰাজপথ”ৰ অপাৰ লীলা প্ৰকাশিত হৈছে|
    কবিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱপুষ্ট তথাকথিত আধুনিক নগৰীয়া সভ্যতাৰ অন্ত:সাৰশূণ্য সামাজিক ছবিখনক “ব্লেক আউট” শব্দটিৰ জৰিয়তে সুন্দৰৰূপত দাঙি ধৰিছে| আধুনিক ধনতান্ত্ৰিক সভ্যতাই সৃষ্টি কৰা শ্ৰেণী দুটাৰ এচামে ভোগ-বিলাসৰ মাজেৰে মহা আড়ম্বৰে জীৱন-যাপন কৰিছে আৰু আনচামে যথা-সৰ্বস্ব হেৰুৱাই ভিকহুত পৰিণত হৈছে| ৰাজপথত কবিয়ে ভগ্নপ্ৰায় সমাজৰ নিৰ্মমতা আৰু প্ৰেম-আশাৰ সলনি যৌনবিকাৰ-নৈৰাশ্যৰ ইংগিত দিছে| আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপো কবিতাটিত প্ৰতিফলিত হৈছে| সমসাময়িক জীৱনৰ বিভীষিকাৰে পৰিপূৰ্ণ নগৰীয়া জীৱনত আন্ধাৰ নিশাৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দি ৰাজপথৰ দাঁতিতেই কিমান যে নাৰকীয় কাণ্ড সংঘটিত হয় তাৰ হিচাপ কৰোঁতা নাই বা হিচাপ ৰখাটোও অসম্ভৱ| ৰাজপথটি যেন হৈ পৰে অভিসাৰী প্ৰেমিক-প্ৰেমিকাৰ গোপন মিলন-ক্ষেত্ৰ| ৰাতিৰ আন্ধাৰৰ সুযোগতেই এচাম ভদ্ৰ-বণিতাই দেহ বিক্ৰীৰ অভিযান চলাই নিয়ে| আধুনিক সভ্যতাৰ সৃষ্টি দেহোপজীৱিনীৰ সঘন আহ-যাহ আন্ধাৰ ৰাতিৰ প্ৰশান্ত ৰাজপথত সততে পৰিদৃশ্যমান হোৱা দেখা যায়|
       ৰাজপথৰ একাষে শাৰী-শাৰী অট্টালিকাত ৰেডিঅ’ৰ গান, অৰ্গেনত ৰবীন্দ্ৰ সংগীতৰ সুৰ---এনে সুমধুৰ সংগীতৰ মূৰ্চ্চনাৰ মাজত এচামে ডবল তলিচাযুক্ত মেহগনি পালেঙত আলসুৱা দেহটি এৰি দি বিৰহত কাতৰ হৈ পৰে আৰু ধন-সম্পদৰ প্ৰাচুৰ্যতাৰ মাজতেই জীৱনৰ পৰিপূৰ্ণতাৰ সন্ধান কৰে| ইয়াতে আকৌ কলেজীয়া ছোৱালীবোৰে কৰ্তব্যবোধ পাহৰি বিৰহ-কাতৰা হৈ অসত্‍অভিসাৰত লিপ্ত হয়| আনকাষে আকৌ ৰাজপথৰ ওখ ওখ অট্টালিকাৰ তলৰ ফুটপাথকে জীৱনৰ শেষ আশ্ৰয়স্থল বুলি ভবা এচাম মৃতপ্ৰায় কংকালৰ শাৰী, যিসকল গৃহহীন, সম্বলহীন আৰু অধিকাৰহীন| যাৰফলত ভগ্নপ্ৰায় সমাজৰ দস্যুতাৰ ছাইনপোষ্ট স্বৰূপ হৈ তেওঁলোকে ৰাজপথকেই জীৱনৰ যথা-সৰ্বস্ব আশ্ৰয় বুলি মানি লয়| সমাজৰ দৃষ্টিত তেওঁলোক বঞ্চিত অথচ তেওঁলোকৰো জীৱন জীয়াৰ কিছু বাঞ্চা নথকা নহয়| সেয়েহে ৰাজপথত আঁৰি ৰখা ফলক-স্তম্ভ নাইবা ছাইন-পোষ্টৰ দৰে এটা ৰাজপথৰপৰা বঞ্চিত হ’লেও অন্য এটা ৰাজপথকে শেষ আশ্ৰয়স্থল হিচাপে স্বীকাৰ কৰি কেৱল জীয়াই থকাৰ স্বাৰ্থতেই তেওঁলোক জীয়াই আছে|
     ভৱানন্দ দত্তৰ “ৰাজপথ” কবিতাটিত ৰোমাণ্টিক কবিৰ বাস্তৱ-বিমুখ ভাবাবেগৰ বিপৰীতে সামাজিক চেতনাকহে বিশেষ অগ্ৰাধিকাৰ দিছে| কবিয়ে পুৰণি ভাববাদী ৰোমাণ্টিক ভাবধাৰাৰপৰা আঁতৰি নব্য চিন্তাধাৰাৰে বাস্তৱবাদী ভাবধাৰাৰ প্ৰতিফলন ঘটাইছে| কবিয়ে কবিতাটিৰ জৰিয়তে আধুনিক অসমীয়া কবিতালৈ এক বৈপ্লৱিক ভাবধাৰা প্ৰবাহিত কৰিছে|

No comments:

Post a Comment

  যতীন্দ্ৰনাথ দুৱৰা , কথা-কবিতা আৰু কিছু কথা                                                                                               ...