এডাল বিৰিণা
মূল-''The Weed''-অমৃতা প্ৰীতম
ভাৱান্তৰ- পৰিনীতা বৰা
এগৰাকী কমবয়সীয়া নববধু আংগুৰীক কেন্দ্ৰ কৰি ৰচিত গল্পটোয়ে চুটিগল্পৰ আকস্মিকতা
সুন্দৰকৈ ৰক্ষা কৰিছে | গল্পটোৰ আৰম্ভণিৰ
বাক্যটোত ব্যৱহৃত MY শব্দটোৱে কথক গৰাকীকে বুজাইছে যি এগৰাকী চিন্তা-চৰ্চা কৰিবপৰা বিদূষী মহিলা | আনফালে চুটি-চাপৰ, গাঠঁলু চেহেৰাৰ, সোলোক ঢোলোক দাঁতেৰে বৄদ্ধপ্ৰভাতীৰ ফুলকুমলীয়া পত্নী আংগুৰীৰ মানসিক ব্যক্তিত্বতো প্ৰচলিত সমাজখনৰ ধ্যান-ধাৰণা, অন্ধবিশ্বাস, লোক-বিশ্বাস
আদিবোৰ এৰাব নোৱাৰাকৈ সাঙোৰ খাই আছে|গল্পটোত উল্লেখ অনুসৰি সেই সময়ছোৱাৰ কিছুসংখ্যক ভাৰতীয় গাওঁত ছোৱালী বিয়া দিয়াটো অতি কঠিন কামেই আছিল |যাৰ বাবে দেউতাকে ছোৱালীজনীৰ পাঁচ- ছয় বছৰ পূৰ নহওঁতেই কোনোবা এজন পুৰুষৰ পদযুগলত ফুল আৰু টকাৰ নৈবেদ্য যাঁচি ছোৱালীজনীক বিয়া দি থোৱা পৰিলক্ষিত
হয় | আংগুৰীও কিন্ত্ত তাৰ ব্যতিক্ৰম নাছিল | তাইকো অতি কম বয়সতেই দেউতাকে বিপত্নীক বৃদ্ধ প্ৰ্ভাতীৰ লগত বিয়া দি ৰাখিছিল | সেই সময়ৰ গাওঁবোৰত পৰম্পৰাগতভাৱে এটা বিশ্বাস চলি আহিছিল যে কোনোবা পুৰুষে যদি পাণ বা মিঠাইৰ মাজত একপ্ৰকাৰ অপতৃণ বা বিৰিণা গাভৰু
এগৰাকীক খাবলৈ দিয়ে সেই বিৰিণা খোৱাৰ পাছত গাভৰুজনী ক’ব নোৱাৰাকৈয়ে পুৰুষজনৰ প্ৰেমত পৰে| বিৰিণাডাল খোৱাৰ পাছতেই ছোৱালীজনীয়ে ওৰে ৰাতি গীত গাবলৈ ধৰে, চুলি নফণিয়ায় আৰু এদিন ঘৰ এৰি তেওঁৰ লগত পলায় যাবলৈ
বাধ্য হয় | যাৰ ফলস্বৰূপে আংগুৰীকো মাকে কোনো লোকে পাণ বা মিঠাই দিলে খাবলৈ বাধা দিছিল|তথাপিও দেউতাকে কিন্ত্ত আন বহুতৰ দৰেই কন্যা
দায়বদ্ধতাৰপৰা হাত সাৰিবলৈ অশিক্ষিতা, সদা- হাস্যময়ী আংগুৰীক প্ৰভাতীক গতাই দিলে|
গল্পটোত আজিৰ দিনটো অন্ধবিশ্বাসে ঘেৰি ৰখা গাওঁবোৰত পুৰূষতান্ত্ৰিক সমাজখনে নাৰীক কৰা অবিচাৰ, অবিবেচক কিছুমান সিদ্ধান্তৰ
প্ৰতিফলন ঘটিছে | য’ত নেকি নাৰীৰ জীৱ্নৰ আটাইতকৈ মহত্ব্পূৰ্ণ সিদ্ধান্তটোও পুৰুষেহে লোৱা দেখা গৈছে| গাওঁবোৰৰ কোনো এগৰাকী গাভৰুৱেই স্ব- ইচ্ছা অনুসৰি পচ্ছন্দ কোনো যুৱ্কৰ লগত বিয়া হ’ব পৰা নাই|আনকি বিয়াৰ পাছতো তেওঁলোকে স্বামীৰ পৰা পাবলগা মৰম-চেনেহকণো নাপায় | আংগুৰীয়েও বিয়াৰ
পাছ্ত স্বামীৰপৰা আঁতৰত থাকিব লগা হোৱাত তায়ো
স্বামীৰ পৰা প্ৰা্প্য মৰমৰ পৰা বঞ্চিত হ’ব লগাত পৰিছিল|দেউতাকৰ
দৰে প্ৰ্ভাতীও আছিল একেখন পুৰুষতান্ত্ৰিক সমাজৰে প্ৰতিনিধি|ই যেন এক পিতৄতান্ত্ৰিক ব্যৱ্স্থাহে ! এওঁলোকে পুৰুষে পুৰুষে সংস্কাৰৰ নামত নাৰীৰ মনৰ ভাব আৰু অধিকাৰবোৰ প্ৰকাশ কৰিব নিদিয়ে|
গল্পকাৰে পুৰুষতান্ত্ৰিক সমাজখনৰ শোষণৰ এক পৰিচয় দাঙি ধৰিছে
বিৰিণাডাৰ জৰিয়তে|যিডাল বিৰিণা কেৱ্ল পুৰু্ষেহে গাভৰু
গৰাকীক খুৱায়| কিয়নো পুৰু্ষজনে যিজনী ছোৱালীক
ভাল দেখে তাইক বশ কৰিবলৈ অথবা লাভ কৰিবলৈ বিৰিণাডাল ছোৱালীজনীক খাবলৈ দিয়ে|কিন্ত্ত তেওঁলোকে কেতিয়াও তাইৰ মনৰ হাবিয়াস,ইচ্ছা-অনিচ্ছাৰ বিষয়ে জানিবলৈ চেষ্টা নকৰে|এইদৰেই এনে
সমাজ-ব্যৱস্থাত যুগ যুগ ধৰি নাৰী অৱ্দমিত,শোষিত হৈ আহিছে |
কিন্ত্ত হঠাতে এদিন আংগুৰী
জীৱনলৈ প্ৰভাতীৰ পৰিৱৰ্তে আন এজন পুৰুষৰ আগমন ঘটিছে|আংগুৰীৰ মনৰ যি
বিশ্বাস,সংস্কাৰ সকলোবোৰকে এদিন ধূলিসাত কৰি পেলাইছে ৰামতাৰা নামৰ গাখীৰ দিবলৈ অহা
মানুহজনৰ প্ৰতি উদয় হোৱা ভালপোৱাই| ৰামতাৰাৰ
অনুপস্থিতিয়ে তাইক দুখী কৰি তুলিছে,যাৰ কাৰণে তাই
খাব, শুব পৰা নাই|ৰামতাৰাৰ প্ৰতি উপজি উঠা এই প্ৰেমে
বিৰিণা খালেহে যে প্ৰেম হ্য় সেই প্ৰচলিত ধাৰণা সম্পূৰ্ণভাৱে নস্যাত কৰি পেলাইছে | প্ৰ্ভাতীৰ অধিকাৰসমূহে তাইৰ লাস্যময়ী জীৱ্নটোক যেন এটা নৰককুণ্ডত পৰিণত কৰি
পেলালে | গল্পটোত বিৰিণা নোখোৱাকৈও যে কাৰোবাৰ প্ৰেমত পৰিব পাৰি ই হ’ল এক নতুন আৱিস্কাৰৰ সোপান | কথনভংগীৰ সাৱ্লীলতা, ভাষাৰ লালিত্য, বিষয়ব্স্তৰ গভীৰতাই গল্পটোক এক অনন্য মাত্ৰা দান কৰিছে | প্ৰথম পুৰুষত ৰচিত হোৱা বাবে গল্পটোত পাঠক আৰু লেখক একাকাৰ হৈ পৰা দেখা গৈছে|গল্পটোক কিন্ত্ত সম্পূৰ্ণৰূপে নাৰীবাদী বুলিবও নোৱাৰি | কিয়নো ইয়াত নাৰীৰ অধিকাৰৰ কাৰণে প্ৰয়োজনীয় সংস্কাৰ কম |আনফালে আকৌ আংগুৰীয়েও পুৰুষক আঁতৰ কৰি জীৱ্নটোত আগুৱাই যাব খোজা নাই | বিচাৰিছে ৰামতাৰাৰ প্ৰেমৰ জৰিয়তে এক নতুন চেতনা গঢ়াৰ সপোন |
গল্পটোত মানৱীয় অনুভূতিৰ সুন্দৰ প্ৰ্কাশ ঘটিছে|লগতে সুখৰ আঁৰত লুকাই থকা দুখ, হাঁহিৰ আঁৰত থকা কান্দোনৰ ভগ্না্ৱশেষবোৰৰ চিত্ৰ্ণ সুন্দৰকৈ প্ৰতিভাত
হৈছে |বিৰিণাডালৰ অসাৰ্থকতাৰ কথা উপলব্ধি কৰি তাই পুৰণি সংস্কাৰাচ্ছ্ন্ন পৰিবেশটোৰ প্ৰতি যি ধাৰণা সকলো নস্যাট কৰি নতুন এখন সমাজ গঢ়াৰ সপোন দেখিছে|য’ত নাৰীয়ে নিজকে শিক্ষিত কৰি গঢ়ি তুলিব পাৰিব|ৰামতাৰাৰ
প্ৰতি ভালপোৱাৰ কথা অনুভৱ কৰাৰ লগে লগে প্ৰ্থমবাৰৰ বাবে আংগুৰীয়ে নিজৰ জীৱ্নৰ সাৰ্থকতা বিচাৰি পাইছে|পুৰু্ষৰ ইমান শাসনৰ পাছতো সমাজখনে কিন্ত্ত আংগুৰীক বান্ধি ৰাখিব পৰা নাই|তাই অনুভৱ কৰিছে যে তাইৰ মনটোৰ অধিকাৰ কেৱ্ল তাইহে|তাই নিজে ক’ব নোৱাৰাকৈয়ে পুৰুষজনৰ প্ৰতি আকৰ্ষিত হৈছে|যিয়ে এক নতুন প্ৰাপ্তি বা উত্তৰণৰ সূচনা কৰিছে|এজনী নাৰীৰো সদায় এটা মন আছে যিটোৰ অধিকাৰ তাই নিজেই|চুটিগল্পৰ
একমুখিতা, অনুভূতিৰ য্থাৰ্থ প্ৰয়োগ গল্পটোৰ মনকৰিবলগীয়া দিশ |
No comments:
Post a Comment