-পৰিনীতা বৰা
আলোচনা :
“প্ৰসিদ্ধ সমালোচক এচ. এ. ব্ৰুকে কৈছিল- Ode to the West Wind - এ অকলেই শ্বেলীক আন
সকলো ইংৰাজ গীতিকবিৰ পৰা
নিলগত সুকীয়া আসনত নিগাজীকৈ
বহুৱাবলৈ সক্ষম৷ কবি হিচাপে
শ্বেলীৰ সৰ্বোচ্চ প্ৰতিভা আৰু লগতে তেওঁৰ
সমস্ত কাব্যভাৱনা - এই কবিতাটোতে এক
হৈ কেন্দ্ৰীভূত হৈছে৷ ভাৱনাৰ সৈতে
প্ৰকাশভংগী একাকাৰ হৈ যোৱাকৈ
ইমান শক্তিসম্পন্ন, ইমান আবেগমণ্ডিত আৰু
অন্তদৃষ্টিযুক্ত দ্বিতীয় এটা কবিতা ইংৰাজী
সাহিত্যত বিচাৰি পোৱা নাযায়৷”১
সাহিত্যৰ মাজেদি ব্যক্তিৰ লোকমন
প্ৰতিভাত হোৱাৰ দৰেই কবিতাৰ
মাজেদিও কবিজনৰ ব্যক্তিগত চেতনা,
ভাব-অনুভূতি, দৰ্শন আদিয়ে আত্মপ্ৰকাশ
কৰে৷ ইংৰাজী ৰোমান্টিক সাহিত্যৰ জনপ্ৰিয়
কবিসকলৰ ভিতৰত পি. বি. শ্বেলীয়েও কাব্যচৰ্চাৰ মাধ্যমেৰেই এক নিজা দৰ্শন
গঢ়ি তুলিছিল৷ কবি হিচাপে তেওঁৰ
বিশেষ সাফল্য গীতিকবিতাসমূহ(lyrics)৷ তেওঁক তীব্ৰভাৱে
কল্পনাপ্ৰৱণ আৰু সংবেদনশীল যেন
লাগে কিয়নো এনে প্ৰকৃতিৰ
কাৰণেই হয়তু তেওঁ ব্যক্তিনিষ্ঠ আৰু
নৈব্যৰ্ক্তিক-এই দুয়োধৰণৰ কবিতা
ৰচনাতে দক্ষতাৰ পৰিচয় দিছিল বুলি
উল্লেখ পোৱা যায়৷ “To a skylark’’ কবিতাটোক
শ্বেলীৰ গীতিপ্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন বুলি কোৱা হয়
যদিও তেওঁৰ আটাইতকৈ জনপ্ৰিয়
কবিতাটো হ’ল Ode to the
West Wind৷ এই কবিতাটোৰ মাজেদি
শ্বেলীয়ে ক্ৰমে গীতিকবি, সমাজ-সংস্কাৰক, আদৰ্শবাদী আৰু নতুন যুগৰ
সৃষ্টিৰ প্ৰতি আগ্ৰহী হিচাপে
আত্মপ্ৰকাশ কৰিছে৷ ১৮২০ চনত
ৰচিত এই কবিতাটি প্ৰকাশ
হৈছিল তেওঁৰ প্ৰখ্যাত গীতি-নাট “প্ৰমিথিউছ আনবাউণ্ড”(১৮২০)ৰ
লগত৷ ১৮১৯ চনত তেওঁ
ইটালীৰ ফ্লুৰেন্স নগৰৰ ওচৰৰ
আৰ্ণ নদীৰ পাৰত এদিন
ঘূৰি ফুৰোঁতে হঠাৎ এজাক প্ৰচণ্ড
ধুমুহা আহিছিল৷ এই পচোৱাজাকেই শ্বেলীৰ
কবিমনৰ অন্তৰ জগততো এক
প্ৰচণ্ড আলোড়ন আনিছিল৷ যাৰ পৰিণতিত
সৃষ্টি হৈছিল Ode to the West
Wind নামৰ
কালজয়ী কবিতাটিৰ৷
Ode to the
West Wind এই কবিতাটোৰ গীতিধৰ্মীতাৰ বিষয়ে উল্লেখ কৰি
অধ্যাপক ব্ৰুকে কৈছে-“এই
কবিতাটো লিৰিকৰ ওপৰতো লিৰিক৷
আমি বসবাস কৰা নিজৰ
পৃথিৱীখন সম্পৰ্কেই ই এটি গীত৷
দক্ষ সংগীতজ্ঞই এই কবিতাটো সুন্দৰকৈ
গাব পাৰিব, কিন্তু সেই
সংগীতজ্ঞজন বিথোভনৰ দৰে প্ৰতিভা থাকিব
লাগিব৷”২
পাঁচটা স্তৱকত বিভক্ত
শ্বেলীৰ Ode to the West
Wind ত সুৰধৰ্মিতা, ছন্দস্পন্দন আৰু শব্দমাধূৰ্য লগ-লাগি কবিতাটোত অপৰূপ
গীতিমাধূৰ্যৰ সৃষ্টি কৰিছে৷ প্ৰথম
তিনিটা স্তৱকত কবিয়ে ধুমুহা
বতাহজাকৰ প্ৰভাৱ দৃশ্যমান জগতৰ
ওপৰত প্ৰদৰ্শন কৰি অন্তিম দুটা
স্তৱকত নিজৰ জীৱনৰ বেদনাবিহ্বল
আনুভূতিক ছবি এখন চিত্ৰিত
কৰাৰ লগতে শেষত এক
চৰম আশাবাদী দৃষ্টিভংগী প্ৰকাশ কৰিছে৷ কবিতাটোত
প্ৰকৃতিৰ জীৱন্ত চিত্ৰ অংকিত
কৰি পচোৱা বতাহজাকক চৰিত্ৰৰ
নিচিনা, পশ্চিমা বতাহক Destroyer (বিনাশকাৰী,ধ্বংসকাৰী), preserver (ৰক্ষাকাৰী) আখ্যা দিয়াৰ
লগতে তেওঁৰ দৃষ্টিত পশ্চিমা
বতাহজাক কেৱল বতাহেই নহয়,
ই এটি প্ৰচণ্ড শক্তি
-
Wild Spirit, Which art moving everywhere
Destroyer and
Preserver: hear, O
hear!
পচোৱা বতাহে ধ্বংসকৰ্তা
আৰু সৃষ্টিকৰ্তা দুয়োটা ভূমিকাই পালন
কৰিছে৷ শ্বেলীৰ মতে প্ৰকৃতিৰ বিভিন্ন
বস্তুৰো মানুহৰ দৰে এক
বাস্তৱ সত্তা একোটা আছে৷
যাৰ বাবে কবিৰ দৃষ্টিত
ভূমধ্য সাগৰ হৈ পৰিছে
নিদ্ৰামগ্ন৷ সাগৰীয় গছ-গছনি,
ফুল-পাত আদিকো ভীতিগ্ৰস্ত
বুলি কোৱা হৈছে৷ কবিতাত
পচোৱা বতাহজাক কেৱল এক প্ৰাকৃতিক
শক্তিয়েই নহয়, ই মানুহৰ
অদম্য, অপৰাজেয় শক্তিৰো প্ৰতীক৷ কবিৰ ব্যক্তিগত জীৱনৰ
প্ৰতিফলনে কবিতাটিক এক অনন্য মধুৰতা
প্ৰদান কৰিছে৷ চতুৰ্থ স্তৱকটো
সম্পূৰ্ণৰূপে ব্যক্তিনিষ্ঠ আৰু আত্মবৃত্তান্তমূলক য’ত
প্ৰকাশিত হৈছে কবিৰ দুখানুভূতি৷
কবিয়ে নিজকে পৰাজিত অনুভৱ
কৰিছে যদিও আত্মবিশ্বাস হেৰুওৱা নাই৷
Oh, lift me as a wave, a leaf,
a cloud
I fall upon the
thorns of life! I bleed!
A heavy weight of hours has
chained and bowed
One too like thee,
tameless and Swift, and proud
সাম্য আৰু মৈত্ৰীৰ
ভিত্তিত এখন নতুন সমাজ
সৃষ্টি হ’ব বুলি তেওঁৰ গভীৰ
আশা আৰু বিশ্বাস৷ তেওঁ
বিশ্বাস কৰিছিল যে অন্যায়-অধৰ্ম, শোষণ-নিগ্ৰহ
আদিৰে ভৰা সমাজখন এদিন
ধ্বংস হ’ব আৰু তাৰ ঠাইত
সৃষ্টি হ’ব এখন নতুন সমাজ৷
য’ত অটুট থাকিব মানুহৰ
পূৰ্ণ স্বাধীনতা আৰু সুখ-সমৃদ্ধি৷
কবিতাৰ
শেষৰ স্তৱকত উল্লেখ কৰা
শাৰীকেইটাই কবিক দ্ৰষ্টা বা
ভৱিষ্যদ্বত্তা আৰু আদৰ্শবাদী হিচাপে পৰিচয় দিয়ে৷
তেওঁ দ্ৰষ্টাৰ ভূমিকা পালন কৰি
এক ভৱিষ্যতবাণী কৰিছে যে-
If Winter Comes, Can Spring be far behind?
ইয়াৰপৰা বুজিব পাৰি যে
বৰ্তমানৰ অশান্ত, হতাশাজৰ্জৰ শীতৰ শেষত পুনৰ
শান্তি, ভাতৃত্ববোধ আৰু প্ৰগতিৰ স্বাক্ষৰ
সম্বলিত বসন্তৰ আগমন ঘটিব৷
এইদৰেই ৰোমান্টিক চেতনাজনিত আশাবাদৰ
মাজেদি নৱপ্ৰজন্মৰ যুৱশক্তিৰ আশা আৰু দৃঢ়
বিশ্বাস প্ৰতিফলিত হৈছে বুলি ক’ব
পাৰি৷
ভাববস্তুৰ দিশৰপৰা চাবলৈ গ’লে দেখা যায়
যে কবিতাটোৰ প্ৰথম তিনিটা স্তৱকত
কবিয়ে পশ্চিমৰ ধুমুহাজাকৰ প্ৰচণ্ড শক্তি প্ৰকাশ কৰি
পৰিদৃশ্যমান জগতৰ ওপৰত ইয়াৰ
প্ৰভাৱ সম্পৰ্কে কৈছে৷ এই তিনিটা
স্তৱকৰ প্ৰসংগত Graham Hough-এ মন্তব্য কৰিছে
যে - These three Stanzas are Something like the octave of a Sonnet
announcing and elaborating a theme. অৱশ্যে
এই তিনিটা স্তৱকত শ্বেলীয়ে
কেৱল দৃশ্যমান জগতৰ ওপৰত পচোৱা
বতাহজাকৰ প্ৰভাৱ অংকন কৰিছে
বুলি ক’লে ভুল কোৱা হ’ব৷
ইয়াত এই বতাহজাকক প্ৰাচীন,
মৃত বস্তুবোৰৰ ধ্বংসকাৰী আৰু নতুন প্ৰজন্মৰ
সংৰক্ষণকাৰী বুলি প্ৰতিষ্ঠা কৰাহে
কবিৰ প্ৰধান লক্ষ্য৷
চতুৰ্থ আৰু পঞ্চম
স্তৱকত কবিগৰাকী ব্যক্তিনিষ্ঠ হৈ পৰিছে৷ চতুৰ্থ
স্তৱকত বৰ্তমানৰ দুৰ্বল, হতাশাগ্ৰস্ত অৱস্থাৰ লগত কৈশোৰৰ প্ৰাণ
চঞ্চলতাৰ তুলনা কৰিছে৷ শ্বেলীয়ে
ৰোমান্টিক ভাৱনাৰে পচোৱা
বতাহজাকৰ লগত একাত্ম হৈ
মানৱ সমাজত তেওঁৰ ব্যক্তিগত
বিষাদবোধক আধাৰ হিচাপে লৈ
এক নতুন চেতনাৰ প্ৰবাহ
আনিবলৈ বিচাৰিছে৷ তেওঁৰ মতে হতাশা
জৰ্জৰিত শীতৰ পাছত নতুনত্বৰ
অংগীকাৰ বহন কৰা এক
বসন্তৰ আগমনৰ উমান পাব
পাৰি৷
ৰূপবস্তুৰ দিশৰপৰাও
Ode to the West Wind এক অনন্যসাধাৰণ গীতিকবিতা৷ কবিতাটোৰ
প্ৰথম তিনিটা স্তৱকত যি
প্ৰাকৃতিক বৰ্ণনা দাঙি ধৰা
হৈছে সি বাস্তৱ আৰু
জীৱিত ৰূপ ধাৰণ কৰিছে৷
সেইদৰে চতুৰ্থ স্তৱকত কবিৰ
ব্যক্তিগত জীৱনৰ যি বেদনা-বিহ্বল অৱস্থাৰ বৰ্ণনা
দিছে,সিয়ো সংবেদনশীল পাঠকৰ
হৃদয় স্পৰ্শ কৰি যায়৷
সেইদৰে চিত্ৰকল্প, ৰূপক আৰু উপমাৰ ব্যৱহাৰেও
কবিতাটোক অধিক মনোমোহা কৰি
তুলিছে৷ শ্বেলীৰ কবিতাৰ চিত্ৰকল্পসমূহ সাধাৰণতে
মেঘ, জান-জুৰি, গুহা-গহ্বৰ, ভূত-প্ৰেত, চৰাই-চিৰিকটি,
জাহাজ আদিৰপৰা আহৰণ কৰা৷
প্ৰথম স্তৱকত থকা
যাদুকৰৰ অদৃশ্য শক্তি আৰু
জগতখন নতুন আৰু ভিন্ন
ৰঙৰ ফুলেৰে সুশোভিত হৈ
পৰাৰ ছবিখন বণৰ্নাৰ বাবে
ব্যৱহাৰ কৰা বাইবেলসন্মত উপমা
আৰু গ্ৰাম্য উপমা আৰু দ্বিতীয়
স্তৱকৰ উন্মত্ত মেনাদৰ চিত্ৰখনে কবিগৰাকীৰ
অধ্যয়ন তথা দৃষ্টিভংগীৰ বিশালতাৰ
উমান দিয়ে৷ উদাহৰণস্বৰূপে-কবিয়ে
ক’লা-ডাৱৰক কোনো “মেনাদ”ৰ আউলি-বাউলি চুলিকোচাৰ
লগত ৰিজাইছে৷ পৌৰাণিক গ্ৰীক সাহিত্যত “মেনাদ” হৈছে
সুৰাৰ বেক্কাচৰ আৰাধিনী৷ সেইদৰে তৃতীয় স্তৱকত
স্বপ্নালু হৈ পৰা ভূমধ্য
সাগৰৰ আৰু পচোৱা বতাহৰ
প্ৰভাৱত অশান্ত হৈ পৰা
আটলান্টিক মহাসাগৰৰ ছবিখনো
অত্যন্ত জীৱন্ত হৈ উঠিছে৷ চিত্ৰধৰ্মিতাইও
কবিতাটো অধিক সৌন্দৰ্যময় কৰি
তোলা দেখা গৈছে৷
“শ্বেলীয়ে কবিতাটো Terza rime ছন্দত ৰচনা কৰিছে৷৩
এইধৰণৰ ছন্দৰীতি প্ৰথমে মহাকবি ডান্টে-এ তেওঁৰ ডিভাইন কমেডিয়া
ত ব্যৱহাৰ কৰিছিল৷ ইংৰাজী সাহিত্যত প্ৰথম
ব্যৱহাৰ কৰিছিল ছাৰ টমাছ
ৱাইটে৷ ৱাইটে আমদানি কৰি
অনা এই ছন্দৰীতিয়ে শ্বেলীৰ
এই কবিতাটোত এক নতুন মাত্ৰা
লাভ কৰিলে বুলি ক’ব
পাৰি৷
উপসংহাৰ
Ode to the
West Wind কবিতাটোত শ্বেলীয়ে ৰোমান্টিক কল্পনাৰে প্ৰকৃতিজগতৰ
এক মনোমোহা ছবি অংকন কৰিছে৷
সেইদৰে ৰূপবস্তুৰ দিশতো চিত্ৰকল্প, উপমা,
ছন্দ-ৰীতিৰ গীতিধৰ্মিতা আদিয়ে
কবিতাটোত অধিক গতিময় আৰু
মনোজ্ঞ কৰি তুলিছে৷ কবিতাটো
পাঁচটা স্তৱকত বিভক্ত আৰু
প্ৰত্যেকটো স্তৱক চৈধ্য শাৰীযুক্ত৷
শ্বেলী আছিল এজন
আদৰ্শবাদী কবি৷ তেওঁ সদায়
কল্পনা আৰু বাস্তৱৰ মাজত
দুলি থাকে৷ এই আদৰ্শবাদ
ব্যক্তিগত স্বাৰ্থজড়িত আদৰ্শবাদ নহয়, এই আদৰ্শবাদ
সামূহিক স্বাৰ্থজড়িত আদৰ্শবাদ৷ মানৱজাতিৰ কল্যাণৰ বাবে শান্তিৰ অপেক্ষাত
কবি যেন ৰৈ আছে,
আদৰ্শবাদ আৰু মানৱতাবাদৰ সংমিশ্ৰণত
কবিতাটোৰ সৌন্দৰ্যতা প্ৰকাশ পাইছে৷
এই আলোচনাৰপৰা এক
সিদ্ধান্তত উপনীত হ’ব পাৰি যে
সংহাৰকৰ্তা আৰু সৃষ্টিকৰ্তা বতাহজাকৰ
লগত কবিৰ নিবিড় সম্পৰ্ক
আছে৷ তেওঁ বতাহজাকক O
Wind বুলি সম্বোধন কৰি আত্মীয়তাৰ ভাৱ
যেন পোষণ কৰিছে৷ কবিতাটোত
ভাববোধক বা আশ্বৰ্যজনক, প্ৰশ্নবোধক
আদি চিনবোৰ ব্যৱহাৰ কৰিছে
যদিও এইবিলাকে অবিশ্বাস, কুণ্ঠাবোধ আদিক প্ৰতিনিধিত্ব
কৰা নাই৷ তাৰ পৰিৱৰ্তে
ই কবিৰ প্ৰত্যাহ্বান, ভীতিগ্ৰস্ততা,
মানসিক অৱসাদ, যন্ত্ৰণা আদিক
নেওচি মানুহে জীৱনক অতিক্ৰম
কৰাটোৱেই কবিতাটোৰ মূল বক্তব্য৷
শেষত জে এইচ
ফউলাৰে কৰা মন্তব্যটোৰ জৰিয়তে
কবিতাটোৰ সৌন্দৰ্যৰ উৎসক আমি অনুসন্ধান
কৰিব পাৰোঁ- ‘‘গোটেই কবিতাটোতেই একধৰণৰ
বন্য উদ্দামতাৰে উপমাৰ পাছত উপমা,
অলংকাৰৰ পাছত অলংকাৰ আহি
যুক্ত হৈছে আৰু আটাইবোৰ
সেই নিৰ্দিষ্ট এক দিশত ধাৱমান
হৈছে৷ বাক্যবোৰতো আনকি যেন বতাহজাকৰে
সোঁ-সোঁৱনি - প্ৰতিটো চৰণেই আৰম্ভ হোৱাৰ
পাছত তাৰ যি বেগ
তাক বাধা দিবলৈ ক’তো
এটাও ফুল-ষ্টপ পাবলৈ
নাই-প্ৰতিটো চৰণৰ শেষৰ সম্বোধনবোধক
চিহ্নটোৱে আগুৰি ৰখা ঠাইডোখৰো
আনকি উশাহ ঢুকিবৰ বাবে
লগা সময়তকৈও যেন তেনেই চুটি৷
এই স্বতঃস্ফুৰ্ততা নিঃসন্দেহে কবিতাটোৰ সামগ্ৰিক সৌন্দৰ্যৰ অন্যতম উৎস৷”৪
সহায়ক
গ্ৰন্থপঞ্জী
(১)বৰুৱা,মৌচুম, পাশ্চাত্য সাহিত্যৰ
সুবাস,
প্ৰকাশক-বনলতা,নতুন বজাৰ,ডিব্ৰুগড়,প্ৰকাশ-অক্টোবৰ,২০০৩
(২)শৰ্মা,
বসন্তকুমাৰ, পাশ্চাত্য
সাহিত্য
: কবিতা ,প্ৰকাশক-জাৰ্ণাল এম্পৰিয়াম,নলবাৰী,প্ৰথম প্ৰকাশ- ফেব্ৰুৱাৰী,১৯৯৭
প্ৰসংগ টীকাঃ
১. “এটা
আমেৰিকান প্ৰেম-কাহিনী আৰু
অন্যান্য প্ৰৱন্ধ”, প্ৰাণজিৎ
বৰা, জোনালী পাটোৱাৰী,পৃঃ৮৯
২. “পাশ্চাত্য সাহিত্য : কবিতা”, বসন্তকুমাৰ
শৰ্মা, পৃঃ২২৫
৩. পাশ্চাত্য সাহিত্যৰ
সুবাস,মৌচুম বৰুৱা,পৃঃ৩৩
৪.“এটা আমেৰিকান প্ৰেম-কাহিনী আৰু অন্যান্য
প্ৰৱন্ধ”, প্ৰাণজিৎ বৰা,জোনালী পাটোৱাৰী,পৃঃ৮৯
No comments:
Post a Comment