Advertise

Saturday, February 29, 2020

অসমৰ লোক-ঔষধ


                                                          -পৰিনীতা বৰা

লোক-সংস্কৃতিৰ এক অবিচ্চেদ্য অংগ পৰম্পৰাগত চিকিৎসা পদ্ধতি৷ অসমত লোক-ঔষধৰ  ব্যৱহাৰৰ পৰম্পৰা প্ৰাচীন৷ প্ৰাগ্‌-ঐতিহাসিক সময়ৰপৰাই মানুহে লোক-ঔষধৰ মাধ্যমেৰে বিভিন্ন ৰোগৰ চিকিৎসা কৰি আহিছে৷ লোক-ঔষধৰপৰাই আধুনিক আয়ুৰ্বেদ চিকিৎসা পৰম্পৰাৰে ৰোগ নিৰাময় প্ৰক্ৰিয়াৰো আৰম্ভণি ঘটে৷ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰে অন্যতম অংগ জৰা-ফুকা এই পদ্ধতিৰে আলম লৈয়েই অসমীয়া সমাজত বিভিন্ন তন্ত্ৰ-মন্ত্ৰ গা কৰি উঠিছিল৷ অতীজতে মায়ং অঞ্চল এনে তন্ত্ৰ-মন্ত্ৰ বিদ্যাৰ বাবে চহকী আছিল৷ বৰ্তমানেও অসমত মুখলগা ভঙা, বীৰাজৰী আদি বিভিন্ন ৰোগত মন্ত্ৰৰ প্ৰচলন ঠায়ে ঠায়ে প্ৰচলিত হৈ আছে৷

অসমৰ প্ৰাকৃতিক পৰিৱেশ বিচিত্ৰতাপূৰ্ণ৷ অসমৰ হাবিত  মানিমুনি, জালুক, মছন্দৰী, চজিনা, লাইজাবৰি, পনৌনোৱা, ভেদাইলতা, থেকেৰা, দুপৰটেঙা, ব্ৰাহ্মী শাক , আদা, আম, আমলখি, -টেঙা, নেফাফু, পদিনা, ছালকুঁৱৰী, তুলসী, নৰসিংহ, পচতীয়া, শতমূল, অজুৰ্ন, তেতেলী, নহৰু, নিলাজীবন, পাণ, দালচিনি, শেৱালী, সৰিয়হ, বেল আদি নানা ধৰণৰ ঔষধি গুণযুক্ত উদ্ভিদ পোৱা যায়৷ এই প্ৰত্যেকবিধ উদ্ভিদৰে ৰোগ আৰোগ্য কৰিব পৰা নিজা ক্ষমতা আছে৷ বৰ্তমান বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগতো অসমৰ বিভিন্ন স্থানৰ লোকে প্ৰাথমিক চিকিৎসাৰ বাবে অসমৰ হাবিত উপলব্ধ বিভিন্ন ঔষধি উদ্ভিদৰপৰা লোক-ঔষধ তৈয়াৰ কৰি ঘৰুৱা চিকিৎসা আৰম্ভ কৰে৷ ভাৰতৰ চিকিৎসা বিজ্ঞানত ব্যৱহৃত প্ৰায় দুহেজাৰ বিধ ঔষধ প্ৰায় পোন্ধৰশ বিধ বনৌষধিৰ পৰা প্ৰস্তুত কৰা হৈছে বুলিব পাৰি৷ সেয়েহে অসমৰ বিভিন্ন লোক-ঔষধ সম্পৰ্কে আলোচনা কৰাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা অপৰিসীম৷

নবীনচন্দ্ৰ শৰ্মাই লোক-চিকিৎসাত দুই ধৰণৰ লোক-ঔষধৰ কথা উল্লেখ কৰিছে -
() প্ৰাকৃতিক লোক-চিকিৎসা : যি মূলতঃ বনৌষধিক কেন্দ্ৰ কৰি গঢ় লৈ উঠা একপ্ৰকাৰ চিকিৎসা পদ্ধতি৷
() যাদুবিদ্যাগত ধৰ্মীয় লোক-চিকিৎসা : অতীজৰে পৰা প্ৰাকৃতিক চিকিৎসাৰ উপৰি লোক-বিশ্বাসৰ আধাৰত নানা পূজা-উপাসনা, তন্ত্ৰ-মন্ত্ৰ আদিকো চিকিৎসা পদ্ধতি ৰূপে প্ৰয়োগ কৰি আহিছে৷ প্ৰধানতঃ ধৰ্মীয় বিশ্বাসৰ ভেটিত গঢ় লোৱা এক প্ৰকাৰৰ চিকিৎসা পৰম্পৰা হিচাপে ইয়াক গ্ৰহণ কৰা হয়৷

অসমৰ হাবিত উপলব্ধ বিভিন্ন ঔষধি গছসমূহৰ প্ৰত্যেকৰে ঔষধি গুণ সুকীয়া হোৱা হেতুকে এই ঔষধৰ প্ৰস্তুত প্ৰণালী আৰু  ব্যৱহাৰ পদ্ধতি উভয়ৰে পাৰ্থক্য আছে৷ লোক-ঔষধসমূহৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তেহে বিভিন্ন ৰোগৰ পৰা উপশম পাব পাৰি৷ এই লোক-ঔষধসমূহৰ ব্যৱহাৰৰ জৰিয়তে গ্ৰহণী, পেটৰ বিষ, কুষ্ঠৰোগ, অনিদ্ৰা, জ্বৰ, কাঁহ, নিউমোনিয়া, পঁয়ালগা, কষ্টকৰ ঋতুস্ৰাৱ, বেচু, খজুৱতী, যকৃত, হাঁপানি, এলাৰ্জি, কৃৰ্মি, যক্ষ্মা, মেলেৰীয়া আদি বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ তলত বিভিন্ন বনৌষধিৰ ঔষধি গুণ সম্পৰ্কে উল্লেখ কৰা -

à মছন্দৰী নিয়মীয়াকৈ খালে দৃষ্টি শক্তি বৃদ্ধি পায় আৰু স্নায়ু সবল হয়৷ মছন্দৰী পাত
        পাতত দি খালে গ্ৰহণী, পেটচলা, পেট খামোচ মাৰি ধৰা আদি ৰোগ প্ৰতিৰোধ হয়৷
à শৰীৰৰপৰা নিৰ্গত দুৰ্গন্ধ আঁতৰাবলৈ আৰু ভোক লাগিবলৈ ৰাতিপুৱা মানিমুনি খাব লাগে৷ মানিমুনিৰ ৰস গ্ৰহণী, কুষ্ঠৰোগ, অনিদ্ৰা, স্নায়ৱিক দুৰ্বলতা আদি ৰোগত দৰকাৰী৷
à  টেঙামৰা শাক নিয়মীয়াকৈ খালে অভোক দূৰ হয়, গাৰ ছাল নিমজ হয়, পেটৰ বিষ উপশম  হয় আৰু উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ হয়৷
à  পনৌনোৱা পাতৰ ৰসে অনিদ্ৰা আঁতৰ কৰাৰ লগতে নিম্ন ৰক্তচাপ, কাঁহ(ব্ৰংকাইটিছ) আদি ৰোগৰ প্ৰতিকাৰ কৰে৷
à -টেঙাই পেট খোলোচা কৰাৰ লগতে ইয়াৰ ৰসত চেনি মিহলাই পানীয় ৰূপত খালে শৰীৰৰ শক্তি বৃদ্ধি পায়৷
à শিলিখাই ভোক বৃদ্ধি কৰাৰ লগতে শুকান শিলিখা ১০/১২ ন্টা পানীত তিয়াই থৈ পানীখিনি খালে পেটৰ বিভিন্ন ৰোগৰ পৰা প্ৰতিকাৰ পাব পাৰি৷ পেলু, এজ্মা, অৰ্শ আদি ৰোগত শিলিখা খোৱাটো ভাল৷
à কেঁচুমূৰীয়া ৰোগত দুপৰটেঙা পাত খুন্দি প্ৰলেপ লগালে এই ৰোগৰ প্ৰতিৰোধ হয়৷ দুপৰটেঙা বৃক্কৰ দোষত হোৱা কঁকালৰ বিষ, পাথৰি, প্ৰমেহ, মুত্ৰকৃচ্ছ, মুত্ৰাঘাত আদি ৰোগত সুপথ্য৷ ইয়াৰ পাত খুন্দি চুলিত প্ৰলেপ দিলে ওকণি মৰে৷
à বন আমলখি গছৰ পাত আৰু কুমলীয়া ডালৰ ৰস জণ্ডিচ ৰোগৰ মহৌষধ৷ শিপাৰ ৰস খালে জ্বৰ ভাল হয়৷
à আকন গছৰ ৰস, ফুলৰ ৰস হাঁপানি ৰোগৰ ঔষধ৷ ইয়াৰ পাত, ছাল আদি পানীলগা, সন্নিপাত জ্বৰৰ ঔষধ৷
à অৰ্জুন গছৰ ছালৰ ৰস প্ৰস্ৰাৱ আৰু ৰক্তপিণ্ড ৰোগ, হৃদপিণ্ডৰ ৰোগৰ বাবে দৰকাৰী৷
à তুলসী পাতৰ ৰস ব্ৰংকাইটিছ, চৰ্দি, কাঁহ আৰু অজীৰ্ণতাৰ বাবে উপকাৰী৷ গাত বগা চোম পৰিলে তুলসী পাতৰ ৰস, কেঁচা হালধিৰ ৰস আৰু মৌ মিহলি কৰি লগাব লাগে৷ তুলসী পাতৰ তেল বীজাণু আৰু কীট-পতংগ নাশক৷ কলীয়া তুলসীৰ লগত নেমু মিহলি কৰি লগালে দেহৰ লা দাগ পৰিলে ভাল হয়৷
à জালুকে গাৰ বিষ উপশম কৰে, স্মৃতিশক্তি প্ৰখৰ কৰে, জ্বৰ, কাঁহ, নিউমোনিয়া আদিৰ প্ৰতিকাৰ কৰে৷ / টা জালুক পিহি গৰুৰ ঘিঁউৰ সৈতে লগালে সকলো প্ৰকাৰৰ খজুৱতী নোহোৱা হয়৷
à স্বৰভংগ ৰোগত মৌজোলৰ লগত ব্ৰাক্ষ্মী শাকৰ ৰস খোৱাব লাগে৷ ধাতু দুৰ্বল ৰোগ, উচ্ছ ৰক্তচাপ, মৃৰ্গী ৰোগত ব্ৰাক্ষ্মী শাক উপকাৰী৷ স্নায়ৱিক দুৰ্বলতা নাশ কৰিবলৈ আঞ্জা হিচাপে বা গাখীৰৰ লগত দিনে ১০০ গ্ৰামকৈ খালে প্ৰতিকাৰ পাব পাৰি৷

পৃথিৱীৰ ,৫০,০০০ বিধ উদ্ভিদৰ ভিতৰত প্ৰায় ৮০,০০০ বিধ উদ্ভিদেই ঔষধিযুক্ত উদ্ভিদ৷ পৃথিৱীৰ প্ৰায়বোৰ দেশতে এইবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ভিত্তিতেই  প্ৰতিষ্ঠিত৷ এই বিশ্বাস প্ৰজন্মৰপৰা প্ৰজন্মলৈ মৌখিক বা লিখিত ভাৱে প্ৰৱাহিত হৈ আহিছে৷ চীনাসকলেই প্ৰথমে ঔষধি উদ্ভিদৰ উপকাৰিতাৰ সদ্ব্যৱহাৰ জানিছিল আৰু এই  বিষয়ে অধ্যয়ন কৰিছিল৷ বৰ্তমান বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ সময়তো প্ৰাথমিক চিকিৎসা হিচাপে অসমৰ বিভিন্ন ঠাইৰ লোকসকলে, বিশেষকৈ যিসকল লোকে তৎকালে বা আৰ্থিক অভাৱ-অনাটনৰ বাবে এলপেথিক চিকিৎসকৰ সহায় পাব নোৱাৰে তেওঁলোক লোক-ঔষধৰ ব্যৱহাৰত বহুখিনি নিৰ্ভৰশীল৷ লগতে এই ঔষধৰ পাশ্বৰ্ক্ৰিয়া আনবোৰ ঔষধৰ তুলনাত কম হোৱা বাবে ইয়াৰ প্ৰতি প্ৰায়বোৰ লোক বেছি আকৰ্ষিত হয়৷ অসমৰ পৰ্বত-ভৈয়ামত সহজলভ্য ঔষধি উদ্ভিদসমূহৰ পাত, কাণ্ড, ছাল, ফল, বীজ আৰু শিপাৰপৰা ঔষধ প্ৰস্তুত কৰা হয়৷ এই লোক-ঔষধসমূহৰ কিছুমানৰ ছালৰ বা শিপাৰ ৰস, কিছুমানৰ ফুল বা কাণ্ড খুন্দি পানীয় ৰূপত খোৱা হয়৷ বিভিন্ন লোক-ঔষধ ব্যৱহাৰৰ জৰিয়তে প্ৰতিকাৰ পাব পৰা ৰোগ সম্পৰ্কে তলত উল্লেখ কৰা -

বিষৰ লোক-ঔষধ

à       ভেদাইলতাৰ পাত -দহ খিলাৰ লগত তিনিটা জালুক খুন্দি ৰস উলিয়াই অলপ গৰম কৰি পুৱা খালে বিষ ভাল হয়৷
à       বেল পাতৰ চাৰি চামুচ ৰস এচামুচ মৌজোলৰ লগত মিহলাই ৰাতিপুৱা খালে বিষ ভাল হয়৷
à       বিষলতা এডাল ভগৱানৰ নামত একে উশাহে পিন্ধিলে কঁকালৰ বিষ ভাল হয়৷
à       সৰিয়হ তেল, নেমুৰ ৰস আৰু অলপ নিমখ মিহলি কৰি দাঁত মাজিলে পৰিষ্কাৰ হয়, দাঁতৰ বীজাণু নাশ হয় আৰু দাঁতৰ বিষ ভাল হয়৷
à       আদা এটুকুৰা নিমখ লগাই চোবাই খালে নাইবা কুমলীয়া এচাৰি [জাতি বাঁহৰ] জুইত সেকি দাঁতেৰে কামুৰি ধৰি থাকিলে বিষ নাইকীয়া হয়৷
à       পুৰণি কুঁহিয়াৰৰ ৰস আধা চামোচ বা আমলখি বাটি আঞ্জা কৰি খালে নাইবা পঞ্চাছ গ্ৰাম নৰসিংহ পাতৰ ৰস উলিয়াই তাত ঠাণ্ডা পানী মিহলাই খালে পেটৰ যিকোনো ৰোগ ভাল হয়৷
à       নহৰুৰ ৰস উলিয়াই অলপ নিমখ দি খালে বা পিয়াঁজৰ ৰসৰ লগত অলপ চেনি মিশ্ৰণ কৰি খালে পেটৰ কামোৰণি ভাল হয়৷
à       ভেদাইলতাৰ পাত শিঙি বা মাগুৰ মাছৰ লগত ৰান্ধি খালে বাত বিষ ভাল হয়৷
à       কেঁচা হালধিৰ ৰস দিনে ১০ গ্ৰাম খালে নাইবা শাওলতাৰ ৰস দিনে দুবাৰকৈ খালে বাত বিষত ভাল৷              

ফোঁহাৰ লোক-ঔষধ

à       বিহ ফোঁহাত জালুকৰ গুড়িত থু দি, সেপ দি দাঁতিয়ে দাঁতিয়ে সানিব লাগে৷ মূৰটো বগা লে চেপা মাৰি উলিয়াই দিলে ভাল হয়৷ তিল বা তুলসীৰ পাত নাইবা জালুক বটি প্ৰলেপ দিলে বিহ ফোঁহা আঁতৰ হয়৷
à       পকা ভেকুৰি, বঙালী এৰা, নেফাফু তিনিওটা বটি লিপিলে ফোঁহা ভাল হয়৷
à       জেতুকা পাতৰ ৰসেৰে ফোঁহা ধূলে ফোঁহা ভাল হয় নাইবা ভোট জলকীয়া পকা বিহ ফোঁহাৰ মূৰত লগাব লাগে৷
à       সিজুৰ কেঁচা ঠাৰি থেতেলিয়াই প্ৰলেপ দিলে ফোঁহা বহি যায়৷

প্ৰস্ৰাৱৰ ৰোগৰ লোক-ঔষধ

            প্ৰস্ৰাৱৰ দোষ লে-
à       ছালকুঁৱৰীৰ চাৰি আঙুল, তালমিচিৰি অকণমান, একে বৰণীয়া গৰুৰ গাখীৰৰ লগত খাব লাগে৷
à       দুপৰটেঙাৰ পাতৰ ৰস খালে প্ৰস্ৰাৱ ভাল , নৰসিংহৰ পাত, পুৰণি শিলিখা বটি ছাগলী গাখীৰৰ লগত খাব লাগে৷
à       হেলচিৰ খাৰ খালেও ভাল নাইবা আগীয়া চম্পাৰ ৰস এৱাঁ গাখীৰৰ লগত খাব লাগে৷
à       কেঁচুৰ ৰস, পুৰণি গুৰ, মেথিগুটি সমানে লৈ খালে ভাল হয়৷
à       আকলবীৰৰ ৰস গাখীৰৰ লগত খালে প্ৰস্ৰাৱৰ ৰোগ ভাল হয়৷
à       ডালিমৰ শিপাৰ ছালৰ ৰস এপোৱা গাখীৰৰ লগত খালে ভাল৷

টনচিল আৰু পিঠা খোৱা ৰোগৰ লোক-ঔষধ

à       টনচিল লে দোৰোণ শাক পাতত দি বা তৰকাৰী কৰি খাব লাগে নহলে মাটি কঁঠালৰ কুমলীয়া কলি, তুঁহ  জুইত পুৰি পিছদিনা তাৰ ৰস মিচিৰিৰ সৈতে মিহলাই খালে ভাল হয়৷
à       সুৱগা এটা, অমৰা গুটি এটা, শিলিখা এটা, কেঁচা হালধি এটুকুৰা খুন্দি ৰস উলিয়াই এসপ্তাহ কুলকূলি কৰিলে ভাল হয়৷
à       তৰুৱা কদমৰ ২০০ গ্ৰাম ওজনৰ ছাল খুন্দি দাঁতৰ আলু আৰু টনচিল হোৱা বাহিৰফালে প্ৰলেপ দি আধাঘণ্টা ৰাখিলে ভাল হয়৷
à       মৰাণ আদা খুন্দি প্ৰলেপ দিলে বা চজিনাৰ শিপাৰ ছালৰ সম পৰিমাণে সৰিয়হ দি বটি প্ৰলেপ দিলে পিঠা খোৱা ৰোগ ভাল হয়৷

অৰুচি বা আভোক আৰু পানী লগা জ্বৰৰ লোক-ঔষধ

à       পদিনাৰ ৰস মৌজোলৰ লগত মিহলাই খালে ভাল হয়৷ ত্ৰিফলা গৰম পানীত মিলাই কিছুদিন খালে ভাল৷
à       ডালিম লা নিমখ আৰু মৌজোল মিলাই কিছু সময় মুখত ৰাখিলে অৰুচি আঁতৰ হয়৷
à       মূলা কেঁচা পাতৰ ৰস ২৫ গ্ৰাম খালে আভোক দূৰ হয়৷
à       মৌজোলৰ লগত কেইটামান লং পিহি খালে পানী লগা ভাল হয়৷
à       পদিনাৰ ৰস অলপ পানী মিহলি কৰি সামান্য নিমখ দি খালে জ্বৰ-চৰ্দিৰ বাবে ভাল৷
à       পানীৰ ৰসৰ লগত সামান্য মৌ মিহলাই দিনে দুবাৰকৈ খালে জ্বৰৰ পৰা সোনকালে উপশম পাব পাৰি৷

নিমনীয়া আৰু পবা বা গঁঠিয়া ৰোগৰ লোক-ঔষধ

à       মেটেকাৰ আলু   আঙুল, চেঙামৰা আলু প্ত আঙুল, মৰাণ আদা বড়ি কৰি খালে নিমনীয়া ৰোগ উপশম হয়৷
à       সিজুৰ ঠাৰি খুন্দি আঙুলিত পিন্ধিলে পবা ভাল হয়৷
à       লা বা বগা চিতাৰ শিপা বটি বান্ধি দিলে গাঁথিয়া ভাল হয়৷
à       সোণবৰিয়ালৰ আলু, ভাং দুয়োকে বটি খালে পবা ৰোগ ভাল হয়৷ আদি

অসমৰ পৰ্বত-ভৈয়াম উভয়তে সহজলভ্য ঔষধি উদ্ভিদসমূহৰ জৰিয়তে বিভিন্ন ৰোগৰ প্ৰতিকাৰ কৰিব পৰা যায়৷ ঔষধি উদ্ভিদসমূহৰ উচিত আৰু উপযুক্ত ব্যৱহাৰৰ যোগেদি বিভিন্ন ৰোগ নিৰ্মূল কৰিব পাৰি৷ বিশ্বায়নৰ যুগত চিকিৎসা বিজ্ঞানৰ অত্যধিক জনপ্ৰিয়তাই পৰম্পৰাগত লোক-ঔষধৰ প্ৰতি মানুহৰ আগ্ৰহ কমাই অনা সততে পৰিলক্ষিত হৈছে৷ প্ৰাকৃতিক চিকিৎসাৰ লগত জড়িত বনৌষধিসমূহৰ উপযুক্ত চিনাক্তকৰণ আৰু সংৰক্ষণে লোক-ঔষধ প্ৰয়োগত সৃষ্টি হোৱা সমস্যাসমূহ হ্ৰাস কৰিব৷ বৰ্তমানলৈকে অসমৰ লোক-ঔষধ বা বন-দৰৱসমূহৰ বিষয়ে দুই-এখন গ্ৰন্থ তথা গৱেষণাধৰ্মী লেখা প্ৰকাশ পাইছে যদিও এই আলোচনাকে যথেষ্ট বুলিব নোৱাৰি ভৱিষ্যতেও অসমৰ লোক-ঔষধ সম্পৰ্কে আলোচনা তথা গৱেষণাৰ জৰিয়তে - বিভিন্ন দিশ পোহৰলৈ অহাৰ যথেষ্ট থল আছে৷ এনে আলোচনাই  অসমৰ লোক-ঔষধ সম্পৰ্কীয় আলোচনাক এক নতুন মাত্ৰা প্ৰদান কৰাৰ সম্ভাৱনা আছে৷

গ্ৰন্থপঞ্জী
() খনিকৰ, গুণাৰাম          : সহজলভ্য বন-দৰৱৰ গুণ
() দাস,ধ্ৰুবানন্দ                 : অসমৰ স্বাস্থ্য পৰম্পৰা(প্ৰথম ভাগ),অৰুণোদয় প্ৰেছ
                          শিলপুখুৰী,গুৱাহাটীপ্ৰথম প্ৰকাশ-১৯৯৪
() দাস,নাৰায়ণ                  :অসমীয়া সংস্কৃতি-কোষ, জ্যোতি প্ৰকাশন,পাণবজাৰ
                          প্ৰথম-মাৰ্চ,২০০৯



No comments:

Post a Comment

  যতীন্দ্ৰনাথ দুৱৰা , কথা-কবিতা আৰু কিছু কথা                                                                                               ...