Advertise

Tuesday, March 17, 2020

জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ এক অৱলোকন

                                                                                                                                                                                                                                                                                                    পৰিণীতা বৰা
               
               অসমীয়া নাট্য সাহিত্যৰ বুৰঞ্জীত শংকৰদেৱে পোনপ্ৰথম নাট্য সাহিত্যৰ প্ৰৱৰ্তন কৰাৰ পাছৰেপৰা অসমীয়া নাটকে সময়ে সময়ে গতি-প্ৰকৃতি সলনি কৰি আহি বৰ্তমানৰ অৱস্থা পায়হি৷ অৰুণোদয় আৰু জোনাকী যুগত অসমীয়া নাট্য সাহিত্যই আধুনিকতাৰ বোল সানি আত্মপ্ৰকাশ আৰু বিকাশ লাভ কৰিছিল যদিও জ্যোতিপ্ৰসাদৰ হাতত নতুন আংগিক সমৃদ্ধিৰে আৰু ভাৱবস্তুৰ নতুনত্ব তথা গভীৰতাৰে অসমীয়া নাট্যসাহিত্যক বিশ্বজনীন মূল্যবোধ সম্পন্ন কৰি তুলিলে৷ আধুনিক অসমীয়া নাট্য সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদৰ নাটকক এক মাইলৰ খুটি হিচাপে বিবেচনা কৰিব পাৰি৷ জ্যোতিপ্ৰসাদৰ পূৰ্বসুৰী আৰু সমসাময়িক নাট্যকাৰসকলৰ নাটকসমূহ বাঙালী নাটকৰ প্ৰভাৱমুক্ত আৰু যথাৰ্থ নাট্যগুণধৰ্মী নাছিল৷ তেওঁৱেই প্ৰথম অসমীয়া নাটকক প্ৰভাৱমুক্ত মৌলিক চিন্তাৰে মঞ্চ আৰু অভিনয়ৰ উপযোগী কৰি তোলাৰ লগতে নাটকক কাব্যগুণসম্পন্ন কৰি তোলাৰ ক্ষেত্ৰত নতুন চিন্তাৰ পথ প্ৰদৰ্শন কৰিলে৷ বিষয়, আংগিক আৰু সমাজমুখী বাস্তৱ দৃষ্টিভংগীৰে তেওঁ অসমীয়া নাটকক এক নতুন নাট্য ৰীতি দান কৰে৷ শোণিত কুঁৱৰী নাটকৰ জৰিয়তে প্ৰথমতে অসমীয়া নাটকত মঞ্চ-নিদেৰ্শনাৰ প্ৰয়োগ কৰাৰ লগতে প্ৰথম ইবচেনীয় ঠাঁচত সামাজিক সমস্যাপ্ৰধান নাটক কাৰেঙৰ লিগিৰী ৰচনা কৰে৷ তলত তেওঁৰ নাটককেইখনৰ চমু পৰিচয় দিয়া হল -
                শোণিত কুঁৱৰী : ১৯২৫ চনত প্ৰকাশিত জ্যোতিপ্ৰসাদৰ শোণিত কুঁৱৰী অসমীয়া নাট্য সাহিত্যৰ এক উল্লেখযোগ্য কৃতি৷ এই নাটকৰ মাজেদিয়েই তেওঁ পৌৰাণিক বিষয়বস্তুক নতুন বোল সানি নাটকক নতুন ৰূপত প্ৰতিষ্ঠা কৰালে৷ তেওঁৰ হাতত ভাৱবস্তুৰ লগতে বিষয়বস্তুৰো ৰূপান্তৰ সাধন ঘটিল৷ বৈষ্ণৱ কবি আৰু ধৰ্ম গুৰুসকলে প্ৰাধান্য দিয়া বিষ্ণুৰ মাহাত্ম্য আৰু হৰিহৰৰ যুদ্ধতকৈ অধিক প্ৰাধান্য আৰোপিত হল ঊষা-অনিৰুদ্ধৰ প্ৰেম আৰু মিলনতহে৷ এইখন নাটকতে জ্যোতিপ্ৰসাদে গীত আৰু নৃত্যৰ ক্ষেত্ৰত অসমীয়া সুৰ আৰু নৃত্যক নাটকত প্ৰয়োগ কৰে৷
              কাৰেঙৰ লিগিৰী : ১৯৩৬ চনত প্ৰকাশিত জ্যোতিপ্ৰসাদৰ কাৰেঙৰ লিগিৰী নাটকখনত দ্বন্দ্ব আৰু সংঘাতৰ লগতে বিফল প্ৰেমৰ কৰুণ প্ৰকাশ ঘটিছে৷ এই নাটকতেই মানুহৰ গতানুগতিক আৰু প্ৰাচীন মূল্যবোধ তথা ধ্যান-ধাৰণাৰপৰা আঁতৰি আহি এক বিদ্ৰোহৰ সূচনা কৰিলে নায়ক সুন্দৰ কোঁৱৰে৷ নাটকখনত এক মৌলিক সমস্যাক নতুন ৰূপত দাঙি ধৰাৰ চেষ্টা পৰিলক্ষিত হয়৷ সেইবাবেই যুগ যুগ ধৰি সমাজৰ বুকুত চলি অহা পৰম্পৰাৰ বিৰুদ্ধে তেওঁৰ বিপ্লৱী মনৰ প্ৰতিভূ সুন্দৰ কোঁৱৰে চিঞৰি উঠিছে৷
                                                ‘‘তুমি আৰু মোক আমনি নকৰিবা৷ মোৰ বিবাহৰ কাৰণে
                                                এনেকৈ আমনি কৰিলে মই কাৰেং ৰাজ্য এৰি গুচি যাম৷’’
                                                                                                                (কাৰেঙৰ লিগিৰী, প্ৰথম অংক প্ৰথম দৰ্শন)
                 নাট্যকাৰে ‘‘কাল্পনিক নাট’’ আখ্যা দিয়া নাটকখনিত মধ্যযুগীয়া পটভূমিত এক বৈপ্লৱিক চিন্তাক উপস্থাপন কৰিছে৷ নাটকখনৰ জৰিয়তে সামাজিক সমস্যামূলক নাটকৰ চৰিত্ৰ প্ৰকাশ পাইছে৷
                ৰূপালীম : ১৯৩৬ চনত ৰচিত জ্যোতিপ্ৰসাদৰ ৰূপালীম নাটকত প্ৰচলিত সমাজ ব্যৱস্থাই ঢুকি নোপোৱা এক কাল্পনিক দেশৰ বিষয়বস্তুক নাটকীয় ৰূপ দি তেওঁ এক ভিন্নমুখী ৰস আস্বাদন কৰিলে৷ বিয়োগাত্মক নাটক ৰূপালীম জনজাতীয় পটভূমিত ৰচিত৷ ৰাজশক্তি, স্বাৰ্থপৰ, পুৰুষৰ সন্মুখত অসহায় নাৰী ৰূপালীম, ঈষা আৰু দেশপ্ৰেমৰ প্ৰতিভূ ইতিভেন, ৰাজশক্তিৰ প্ৰতীক মণিমুগ্ধ, প্ৰকৃতিৰ সহজ-সৰল ৰূপ মায়াবক লৈ এক জটিল সম্পৰ্কেৰে কাহিনী গ্ৰন্থিত হৈছে৷
                লভিতা : ১৯৪৮ চনত প্ৰকাশিত জ্যোতিপ্ৰসাদৰ লভিতা তেওঁৰ সাহসিকতম সৃষ্টি৷ অসমীয়া জাতিক পটভূমি ৰূপে চিত্ৰিত কৰা লভিতা নাটকত বৰ্ণিত হৈছে - সংগ্ৰামৰ মাজেদি আগবাঢ়ি যোৱা এজনী অসমীয়া যুৱতীৰ সাহস আৰু স্বদেশানুৰাগৰ কাহিনী৷ লভিতাত তেওঁ আংগিকৰ পৰীক্ষা-নিৰীক্ষাৰে অসমীয়া নাট্যসাহিত্যক এক নতুন দিশৰ সন্ধান দিয়ে৷
                নিমাতী কইনা : ‘‘বুঢ়ী আইৰ সাধু’’ৰ প্ৰচলিত সাধুকথাৰ জোলোঙাৰপৰা যদিও নিমাতী কইনা (১৯৩৫, ৰচনা)ৰ জন্ম তথাপিও এইখন জ্যোতিপ্ৰসাদৰ নাট্যজীৱনৰ অমৰ সৃষ্টি৷ নিমাতী কইনা জ্যোতিপ্ৰসাদৰ বিপ্লৱী মনৰ শিল্পসাধনাৰ বিমূৰ্ত্ত প্ৰকাশ’’ এক ৰূপকধৰ্মী গীতিনাট্য৷ নিমাতী কইনাৰ মাত নোলোৱাত বিভিন্ন দেশৰ ৰাজকোঁৱৰ, ওজা, পণ্ডিত মাত উলিয়াবৰ কাৰণে আহিল মাত নোলাল৷ এজন বীণবৰাগীৰ গীতৰ সুৰত নিমাতীৰ মাত ওলাল৷ নাটকখনৰ আন এটা নাম ৰূপকোঁৱৰ৷ নাটকখনত নাট্যকাৰে ঘূণেধৰা সমাজৰ দানৱীয় অৱস্থাৰ পৰা মানৱাত্মাৰ মুক্তিৰ পথ কাব্যিক অনুভূতিৰ মাজত দেখুওৱা হৈছে৷ নিমাতী কইনাৰ মাত উলিওৱা বীণবৰাগী ৰূপকোঁৱৰৰ আধাৰ৷ এই আধাৰৰ মাজেৰেই জ্যোতি দৰ্শনৰ প্ৰকাশ ঘটিছে৷
                সোণ-পখিলী :    নিমাতী কইনা ৰ সমধৰ্মী এখন নাট সোণ-পখিলী৷ এই অসম্পূৰ্ণ নাটকখনত এক কাব্যিকসুলভ আৰম্ভণিৰে কবিতা কুমাৰ, চিন্তা কুমাৰ আৰু মনিষা কুমাৰে সোণপখিলীক পাব বিচাৰিছে৷
                খনিকৰ : খনিকৰ নাটকখন ১৯২৯ চনৰ পৰা ১৯৪০ চনলৈকে লিখিছে৷ নাটকখনৰ সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাই উল্লেখ কৰিছে -
                                          ‘‘এই নাটকখনৰ প্ৰধান চৰিত্ৰ বা নায়কৰ পৰিকল্পনাৰ অন্তৰালত
                                                আছে আগৰৱালা পৰিয়ালৰ এটি শোকাৱহ ঘটনা৷ চন্দ্ৰকুমাৰ
                                                আগৰৱালাৰ মাজু লৰা অৰুণ কুমাৰে বিলাতলৈ যাবলৈ নাপায়
                                                আত্মহত্যা কৰে৷’’
                                                                                                      জ্যোতিপ্ৰসাদ ৰচনাৱলী, পাতনি, পৃষ্ঠা ১২
             এই অৰুণ কুমাৰকে আলম কৰি নাটকখন ৰচিত হৈছে৷ অসমৰ পটভূমিত আৰম্ভ হোৱা নাটকখনৰ ঘটনাক্ৰম পেৰিচলৈকে বিস্তৃত৷ নবীনৰ ভাস্কৰ্য শিল্প সাধনাত হোৱা কৃতকাৰ্যতা নাটকখনৰ মূল বিষয়৷ অৱশ্যে নাটকখনত এক নিটোল কাহিনী গ্ৰন্থন পোৱা নাযায়৷
                কনকলতা : জ্যোতিপ্ৰসাদৰ কনকলতা নাটখনিও সম্পূৰ্ণ নহয়৷ এক ঐতিহাসিক ঘটনাক আলম হিচাপে লৈ নাটকখন ৰচনা কৰিব বিচৰা হৈছিল৷ এখন ঐতিহাসিক দলিল হব পৰা সম্ভাৱনা অৱশ্যে নাটকখনৰ মাজত আছিল৷
                সুন্দৰ কোঁৱৰ : এই নাটকখন এখন কাল্পনিক নাটক৷ ৰূপান্তৰ চেতনাযুক্ত নাটকখনিত কাৰেঙৰ লিগিৰীৰ সুন্দৰ কোঁৱৰৰ বিদ্ৰোহে যেন তীব্ৰ ৰূপত আত্মপ্ৰকাশ কৰিব বিচাৰিছিল৷ নাটকখনে সম্পূৰ্ণ ৰূপ পোৱা হলে ই অধিক স্পষ্ট হলহেঁতেন৷
                বিংশ শতিকাৰ দ্বিতীয় দশকত নাট্য সাহিত্যত হাত দিয়া জ্যোতিপ্ৰসাদে যিকেইখন নাটক ৰচনা কৰিলে, সেইকেইখন নাটকে অসমীয়া নাট্য চিন্তাৰ নতুন পথ প্ৰতিষ্ঠা কৰিলে৷ এই নাটকসমূহত নাট্যৰীতিৰ কৌশল, চৰিত্ৰৰ দ্বন্দ্ব আৰু দ্বন্দ্বমুখৰ অৱস্থাত চৰিত্ৰৰ চিন্তা ভাৱনা প্ৰকাশত নাট্যকাৰৰ আধুনিক দৃষ্টিভংগী লক্ষ্য কৰা যায়৷

Friday, March 6, 2020

অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱ্হাৰ


-পৰিণীতা বৰা

     অসমীয়া বৰ্ণমালাৰ এটা অপৰিহাৰ্য ধ্বনি হ’ল চন্দ্ৰবিন্দু| ই স্বৰৰ অনুনাসিকতা বুজায়| অনুনাসিকতা ধ্বনিৰ এক গুণ| ধ্বনি উচ্চাৰণৰ সময়ত, বিশেষকৈ স্বৰধ্বনি উচ্চাৰণৰ সময়ত কোমল তালুখন তললৈ নমাই নাসিকাবিবৰেদি হাওঁফাওঁৰপৰা ওলাই অহা বায়ুৰ প্ৰৱেশ পথ মুকলি কৰিব পাৰি| তেতিয়া বৰ্হিগামী বায়ুপ্ৰবাহৰ এভাগ নাকেৰে ওলাই যায়| এইদৰে নাকেৰে কিছু পৰিমাণে বায়ুপ্ৰবাহ উলিয়াই দি ধ্বনি উচ্চাৰণ কৰা গুণকে অনুনাসিকতা বোলে|
      
      অনুনাসিকতাৰ কাৰণে শব্দৰ উচ্চাৰণ আৰু অৰ্থৰ পাৰ্থক্য ঘটে| লিখিত অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ সহায়ত অনুনাসিকতা চিহ্নিত কৰা হ্য়| যেনে – কাঁহ, সাঁচ আদি| অসমীয়া ভাষাত স্বৰধ্বনিৰ ক্ষেত্ৰত হোৱা অনুনাসিকতাক ‘লঘু’ আৰু ‘গুৰু’ দুইধৰণে ভাগ কৰা হয়| অনুনাসিক ধ্বনিৰ পৰৱৰ্তী সকলো স্বৰধ্বনিয়ে পূৰ্বস্থ ধ্বনিৰ প্ৰ্ভাৱত কিছু অনুনাসিকতা লাভ কৰিলে তাক লঘু অনুনাসিকতা বোলে| যেনে-“মানুহ” শব্দত ‘ম’ৰ পৰৱৰ্তী ‘আ’ আৰু ‘ন’ৰ পৰৱৰ্তী ‘উঁ’ ধ্বনিয়ে লঘু অনুনাসিকতা লাভ কৰে| বিশিষ্ট বা বৰ্ণগত অনুনাসিক ধ্বনিবোৰৰ অনুনাসিকতাক গুৰু অনুনাসিকতা বোলা হ্য়| যেনে- অঙ্কন>অঁকা, কম্পন>কঁপনি আদি|
      
     চন্দ্ৰবিন্দুক গাইগুটীয়াকৈ উচ্চাৰণ কৰিব নোৱাৰি, স্বৰ নাইবা য়, ৱ, হ, ৰ, ল আদি ধ্বনিৰ সৈতেহে ই উচ্চাৰিত হয়| স্বৰধ্বনিৰ লগত উচ্চাৰিত হোৱা হেতুকে ইয়াক উপাহিত ধ্বনিও বোলে| যিবোৰ ধ্বনি বা বৰ্ণক একাদিক্ৰমে ভাগ ভাগ কৰি দেখুৱাব নোৱাৰি অৰ্থাত্‍ বৰ্ণৰ ক্ৰম নিৰ্ণয় কৰিব নোৱাৰি তেনেবোৰ বৰ্ণকে উপাহিত বৰ্ণ বোলে| এনেক্ষেত্ৰত শ্বাসাঘাত, সুৰ, অনুনাসিক আদিৰো ক্ৰম নিৰ্দেশ কৰিব নোৱাৰাৰ বাবে এইবোৰক অসমীয়া ভাষাত উপাহিত বৰ্ণ বুলি ধৰা হয়| যেনে – খাওঁ শব্দটোৰ বৰ্ণ ক্ৰম কৰিলে, খাওঁ = খ-আ-ও-ঁ নে খ-আ-ঁ-ও হ’ব তাক ক্ৰম কৰি দেখুৱাব নোৱাৰি| সেয়ে ‘চন্দ্ৰবিন্দু’ক উপাহিত বৰ্ণ বোলে|
    
    চন্দ্ৰবিন্দুৱে শব্দৰ অৰ্থগত পাৰ্থক্যও নিৰ্দেশ কৰে| এনে অৰ্থত চন্দ্ৰবিন্দু বিশিষ্ট ধ্বনি; উদাহৰণস্বৰূপে-‘শো’ মানে টোপনি যা, কিন্তু সোঁ মানে বাওঁৰ বিপৰীত ফাল| অসমীয়া ভাষাত কোনো ব্যক্তিৰ নামৰ আগত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰি ব্যক্তিজন মৃত বুলি বুজোৱা হয়| যেনে – ঁলক্ষ্মীনাথ বেজবৰুৱা|
    
     বৰ্তমান আৰু অতীত কালৰ প্ৰথম পুৰুষৰ সকলো ক্ৰিয়াপদতে পুৰুষবাচক ক্ৰিয়াবিভক্তি ‘ওঁ’ অপৰিহাৰ্য| যেনে- মই ভাত খালোঁ| সম্ভাৱ্য ভূতকালৰ ‘হেঁতেন’ পৰসৰ্গতো ‘হেঁ’ৰ ওপৰত চন্দ্ৰবিন্দু ব্যৱহাৰ হয়|
        
   নামপদৰ বহুবচন বুজোৱা ‘-হঁত’(দেউতাহঁত, তহঁত আদি)আৰু ক্ৰিয়াপদৰ বহুবচন বুজোৱা ‘হঁক’(যাবিহঁক, কৰিবিহঁক আদি)প্ৰত্যয়তো চন্দ্ৰবিন্দুৰ প্ৰয়োগ হয়| অধিকাংশ অসমীয়া তদ্ভৱ শব্দত চন্দ্ৰবিন্দু সংস্কৃত শব্দত থকা ন,ং, ঙ, ণ, ম নাসিক্য ধ্বনিৰ পৰিৱৰ্তিত ৰূপ| যেনে – দন্ত>দাঁত, পঞ্চ>পাঁচ আদি|
      
      ক্ৰিয়াৰ অসমাপিকা ৰূপত ব্যৱহৃত ‘-ওঁতে’(কৰোঁতে, খাওঁতে আদি) আৰু ‘-ওঁতা’(যাওঁতা, কৰোঁতা আদি)প্ৰত্যয়তো চন্দ্ৰবিন্দুৰ ব্যৱহাৰ অপৰিহাৰ্য|
      
      অসমীয়া ভাষাৰ নিজা উচ্চাৰণ-বৈশিষ্ট্যৰ বাবে কেতবোৰ শব্দত চন্দ্ৰবিন্দুৰ আপোনা-আপুন চন্দ্ৰবিন্দুৰ প্ৰয়োগ হয়| যেনে – পেঁচ, ভোঁ ভোঁ, দাঁতি আদি| মূল সংস্কৃত নথকা সত্ত্বেও কেতবোৰ তদ্ভৱ শব্দত স্বত:স্ফূৰ্ত নাসিক্যিভৱনৰ বাবে চন্দ্ৰবিন্দুৰ ব্যৱহাৰ ঘটে| যেনে- আঁঠু(অস্থিবত্‍), সঁচা(সত্য) আদি|

     উত্‍স : পুথিগত তথ্য

অসমীয়া ভাষাত ব্যৱহৃত কেতবোৰ ফকৰা-যোজনা খণ্ড – ২


-পৰিনীতা বৰা

(ক) খং নামেই চণ্ডাল – খঙক চণ্ডাল(জাতি-চ্যুত মানুহ)ৰ লগত তুলনা কৰা হৈছে| চণ্ডালে হিতাহিত জ্ঞান ৰহিত হৈ জাতিচ্যুত হোৱাৰ দৰে মানুহেও খঙত হিতাহিত বিচাৰ কৰিব নোৱাৰি যিকোনো অঘটন ঘটাব পাৰে|

(খ) ওলায়ে দেখিবা যাক, শতৰু নুবুলিবা তাক – ইয়াৰ অৰ্থ হ’ল ওচৰ-চুবুৰীয়াক কেতিয়াও শত্ৰু জ্ঞান কৰিব নালাগে| কিয়নো মানুহৰ বিপদে-আপদে ওচৰ-চুবুৰীয়াইহে সততে আৱৰি ৰাখে| বিপদৰ সময়ত দূৰত আত্মীয়-কুটুম পিছতহে পায়হি| সেয়ে প্ৰতিৱেশীৰ লগত মিলা-প্ৰীতিৰে থাকিব লাগে|

(গ) বিনা মেঘে বজ্ৰপাত - আকাশত মেঘৰ উপস্থিতিয়েহে বিজুলী, গাজনি আহি বজ্ৰপাত পৰাৰ সম্ভেদ দিয়ে| তেনেক্ষেত্ৰত মেঘ নোহোৱাকৈ বজ্ৰপাত পৰাতো কল্পনাতীত| অৰ্থাত্‍ কোনো আগজাননী নোহোৱাকৈ অকস্মাতে হোৱা বিপদ|

(ঘ) বাঘৰ নেজেৰে কাণ খজুৱা - বাঘৰ দৰে বনৰীয়া হিংস্ৰ জন্তুৰ নেজত ধৰিবলৈ যোৱাই বিপদজনক| তেনেস্থলত বাঘৰ নেজেৰে কাণ খজুৱাবলৈ যোৱা তাতোকৈয়ো বিপদজনক-ভয়ানক| গতিকে অতি বিপদজনক কামলৈ আগবাঢ়িলে এই ফকৰাটি ব্যৱহাৰ কৰা হয়|

(ঙ) এনেয়ে বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া – বুঢ়ী এনেয়েই নাচনী, গা সাতখন আঠখন কৰি থাকে| তাতে নাতিনীয়েকৰ বিয়া আৰু বুঢ়ীক কোনে পায়, পাকে পাকে নাচে| এনেয়ে কি কৰো কি নকৰো কৰি থকা চঞ্চল লোকে সুযোগ-সুবিধা পালেই ক’ব নোৱাৰা হয়|

(চ) কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল – আগতে কেতিয়াও নোহোৱা কথা ঘটিলে বা কাৰোবাৰ লগত আগতে শত্ৰুতা থাকি পিচত মিত্ৰতা হ’লে এই প্ৰবচন ব্যৱহাৰ কৰা হয়| হৰিণা বাঘৰ ভক্ষণ| তেনেস্থলত হৰিণাই বাঘৰ গাল চেলেকা কথাটো যিদৰে অসম্ভৱ তেনে অৰ্থতেই কথাষাৰ কোৱা হৈছে| সময়ত কেতিয়াবা শত্ৰুও মিত্ৰ হৈ উঠিব পাৰে|

(ছ) বাহিৰে ৰং চং, ভিতৰে কোৱাভাতুৰী  - কোৱাভাতুৰীৰ বাহিৰখন বৰ ধুনীয়া, ৰঙা, নিমজ কিন্তু ভিতৰখন কাউৰীৰ দৰে ক’লা| যি বাহিৰত দেখাত সুন্দৰ অথচ ভিতৰত সাৰশূণ্য তেনে অৰ্থত ব্যৱহাৰ কৰা হয়|

(জ) দুই নাৱত দুই ভৰি - দুখন নাৱত দুটা ভৰি দি যোৱাটো অসম্ভৱ লগতে বিপদজনকো| কাৰণ দুটা ভৰি দুখন নাৱত দি গ’লে নাৱখন কোন মুহূৰ্তত বেঙাই ঢুকি নোপোৱা অৱ্স্থালৈ গুচি যাব ক’ব নোৱাৰি| সেইসময়ত ভৰিটো একেখন নাৱলৈ আনিবলৈ দাঙিলেই পানীত পৰাৰ সম্ভাৱনা অধিক| গতিকে দুয়োফালে বিপদ| অতি বিপদজনক অৱস্থাত পৰিলে নাইবা কোনো কামত সিদ্ধান্ত ল’ব নোৱাৰি দোধোৰ-মোধোৰ অৱস্থাৰ সন্মুখীন হ’লে উক্ত ফকৰাটি কোৱা হয়|

Thursday, March 5, 2020

অসমীয়া ভাষাত ব্যৱহৃত কেতবোৰ ফকৰা-যোজনা খণ্ড – ১


পৰিণীতা বৰা

(ক) আগফালে মাৰো ডাং পাচফালে ধোবাং বাং – সকলো ফালে সমানে চকু নাৰাখিলে এই ফকৰাটি ব্যৱহাৰ কৰা হয়| আগফালে দুৱাৰত ডাং মাৰি পিচফাল খন মুকলি কৰি এৰি যোৱা নাইবা এফালে অতি সাৱধান হৈ ভালদৰে আগফালৰ দুৱাৰ মাৰি অসাৱধানবশত: পিচফালৰ দুৱাৰ বন্ধ নকৰাকৈ এৰি থৈ যোৱা|

(খ) এঙাৰ ধুলে বগা নহয় – যিমানেই চেষ্টা নকৰক কিয় স্বভাৱৰ পৰিৱৰ্তন কৰিব নোৱাৰা| এঙাৰৰ ৰং ক’লা| তাক ধুই কেতিয়াও বগা কৰিব পৰা নাযায়| ঠিক তেনেদৰে সমাজত এনে এচাম লোক আছে যাৰ স্বভাৱ পৰিৱৰ্তনৰ নেৰানেপেৰা চেষ্টা কৰিলেও সলনি কৰিব নোৱাৰি|

(গ) ওভত গোৰে নচা  - নকৰিবলগীয়া কৰ্ম কৰি অতপালি কৰা| মূৰটো তললৈ কৰি ভৰি ওপৰলৈ কৰি নচা কাৰ্য্য যিদৰে উতপাতৰ লক্ষণ তেনেদৰে কোনো লোকে কৰিব নলগীয়া কাম কৰি উদ্ভাণ্ডালি কৰিলে এই ফকৰাটি প্ৰয়োগ কৰা হয়|

(ঘ) কণাৰ ফৰ্মুটি - কণা লোকে কোনো বস্তুলৈ ফৰ্মুটি নিক্ষেপ কৰিলে বস্তুটোত লাগিবও পাৰে নালাগিবও পাৰে| কোনো কথা বা কাম ভালদৰে নজনাকৈ আন্দাজ বা অনুমানত কৰিলে এনেদৰে কোৱা হয়|

(ঙ) কেচু খান্দোতে সাপ ওলোৱা - কেতিয়াবা কেচু বিচাৰি মাটি খান্দোতে অকস্মাতে সাপ ওলোৱাৰ দৰে কোনো কথাৰ আঁতি-গুৰি খুচৰি থাকোতে অন্য এটা গোপন কথাৰ সন্ধান পোৱা|

(চ) খাই পাত ফলা – উপকাৰীৰ উপকাৰৰ শলাগ নোলোৱা| খাই উঠি পাতখনৰ আৱশ্যকতা নাই বুলি ফালি নষ্ট কৰাৰ দৰেই উপকাৰীৰ প্ৰতি অকৃতজ্ঞ হোৱা্ৰ অৰ্থত এই ফকৰাটি প্ৰয়োগ হয়|

(ছ) ছেগ চাই চাপৰি বোৱা - সুযোগ বা সুবিধা বুজি কোনো কাম সম্পাদন কৰা|

(জ) দোলা দেখি খোৰা হোৱা - ভালদৰে খোজ কাঢ়িব জনা জনেও দোলাখন দেখি খোজ কাঢ়িবলৈ মন নকৰি খোৰাৰ ভাও ধৰা| আন অৰ্থত যিকোনো কথাৰ বা কামৰ ছেগ বুজি সুবিধা ল’বলৈ বিচৰা লোকৰ ক্ষেত্ৰত কথাষাৰ প্ৰযোজ্য|


অসমীয়া ভাষাত ব্যৱহৃত কেতবোৰ সমোচ্চাৰিত শব্দৰ অৰ্থ




(১) কুল  -   গোত্ৰ, জাতি, বংশ|
কূল  -   নৈ, সাগৰ আদিৰ পাৰ|
(২) কেৰাহি  - এফলিয়াকৈ চোৱা (দৃষ্টি বা চাৱনিত খাটে)|
কেৰাহী  - এবিধ লো বা এলুমিনিয়ামৰ মেলাহি পাত্ৰ|
(৩) আচাৰ   - এবিধ মুখ-ৰুচিকৰ খাদ্য-বিশেষ, নিয়ম|
আছাৰ  - দাঙি ধৰি জোৰেৰে কিহবাত খুন্দিয়াই দিয়া|
(৪)  আটা - ঘেঁহুৰ গুৰি খাদ্যবস্তু-বিশেষ|
 আতা -ককা, বৈষ্ণৱ ধৰ্মাচাৰ্য, মান্য লোক|
(৫)  কাণ  - কৰ্ণ বা শ্ৰৱণ-ইন্দ্ৰিয়|
 কান  - কান্ধ, টোলোঠাৰ দুই মূৰৰ বিন্ধা, স্কন্ধ|
(৬)  কুলি – এবিধ চৰাই|
কুলী  -বনুৱা, মজদুৰ|
(৭)  ছয়  - ৬ সংখ্যা|
চয় – সমূহ, এজন ৰজাই আন এজনক দিবলৈ সংগ্ৰহ কৰি ৰখা কৰ|
(৮) গুৰ  - কুঁহিয়াৰৰ ৰস পগাই প্ৰস্তুত কৰা এবিধ খাদ্যবস্তু|
গোৰ - ভৰিৰ আঘাত|
(৯) জান  - গম পা, জীৱন, প্ৰাণ, জুৰি|
যান  - গাড়ী, বাহন|
(১০) চাই - দেখি, ভালকৈ পৰীক্ষা কৰি|
 ছাই  -   ভস্ম|
(১১)  বাৰি - পানী, লাঠী, মাৰি|
 বাঁৰী -   বিধৱা|
(১২) পতা – চকু ঢকা ছাল|
 পটা  -বস্তু খুন্দি বা পিহি গুৰি কৰিব পৰা শিলৰ চেপেটা যতন-বিশেষ|
(১৩) ডৰ – ভয়, শংকা
  দৰ - দাম|
(১৪) বাত – এবিধ ৰোগ|
 বাট  - পিহি গুৰি কৰ, পথ, জন্তুৰ গাখীৰ ওলোৱা অংগ|
(১৫)  মিতা - মিত্ৰ, বন্ধু|
 মিটা  - মিলা-মিচা কৰি দিয়া, মীমাংসা কৰি দিয়া|
(১৬) স্বৰ - ধ্বনি, মাত, স্বৰবৰ্ণ, সুৰ|
  চৰ -হাতৰ তলুৱাৰে গালত কৰা আঘাত, চোৰাংচোৱা, চাপৰি, প্ৰকোপ  বৃদ্ধি পোৱা, ঘাঁহ খাই ফুৰা|
(১৭) শাপ  - শাও, অভিসম্পাত|
 সাপ  - সৰ্প, বিষাক্ত সৰীসৃপ|
(১৮) খালি - কল পটুৱাৰ দোনা বা পাত্ৰ|
  খালী -উদং, শূণ্য|
(১৯) কাৰ - কোন লোকৰ, মটৰ গাড়ী (ইংৰাজী)|
  কাঁড় - বাণ, শৰ, শৰধি|







  যতীন্দ্ৰনাথ দুৱৰা , কথা-কবিতা আৰু কিছু কথা                                                                                               ...