Advertise

Thursday, March 5, 2020

অসমীয়া ভাষাত ব্যৱহৃত কেতবোৰ ফকৰা-যোজনা খণ্ড – ১


পৰিণীতা বৰা

(ক) আগফালে মাৰো ডাং পাচফালে ধোবাং বাং – সকলো ফালে সমানে চকু নাৰাখিলে এই ফকৰাটি ব্যৱহাৰ কৰা হয়| আগফালে দুৱাৰত ডাং মাৰি পিচফাল খন মুকলি কৰি এৰি যোৱা নাইবা এফালে অতি সাৱধান হৈ ভালদৰে আগফালৰ দুৱাৰ মাৰি অসাৱধানবশত: পিচফালৰ দুৱাৰ বন্ধ নকৰাকৈ এৰি থৈ যোৱা|

(খ) এঙাৰ ধুলে বগা নহয় – যিমানেই চেষ্টা নকৰক কিয় স্বভাৱৰ পৰিৱৰ্তন কৰিব নোৱাৰা| এঙাৰৰ ৰং ক’লা| তাক ধুই কেতিয়াও বগা কৰিব পৰা নাযায়| ঠিক তেনেদৰে সমাজত এনে এচাম লোক আছে যাৰ স্বভাৱ পৰিৱৰ্তনৰ নেৰানেপেৰা চেষ্টা কৰিলেও সলনি কৰিব নোৱাৰি|

(গ) ওভত গোৰে নচা  - নকৰিবলগীয়া কৰ্ম কৰি অতপালি কৰা| মূৰটো তললৈ কৰি ভৰি ওপৰলৈ কৰি নচা কাৰ্য্য যিদৰে উতপাতৰ লক্ষণ তেনেদৰে কোনো লোকে কৰিব নলগীয়া কাম কৰি উদ্ভাণ্ডালি কৰিলে এই ফকৰাটি প্ৰয়োগ কৰা হয়|

(ঘ) কণাৰ ফৰ্মুটি - কণা লোকে কোনো বস্তুলৈ ফৰ্মুটি নিক্ষেপ কৰিলে বস্তুটোত লাগিবও পাৰে নালাগিবও পাৰে| কোনো কথা বা কাম ভালদৰে নজনাকৈ আন্দাজ বা অনুমানত কৰিলে এনেদৰে কোৱা হয়|

(ঙ) কেচু খান্দোতে সাপ ওলোৱা - কেতিয়াবা কেচু বিচাৰি মাটি খান্দোতে অকস্মাতে সাপ ওলোৱাৰ দৰে কোনো কথাৰ আঁতি-গুৰি খুচৰি থাকোতে অন্য এটা গোপন কথাৰ সন্ধান পোৱা|

(চ) খাই পাত ফলা – উপকাৰীৰ উপকাৰৰ শলাগ নোলোৱা| খাই উঠি পাতখনৰ আৱশ্যকতা নাই বুলি ফালি নষ্ট কৰাৰ দৰেই উপকাৰীৰ প্ৰতি অকৃতজ্ঞ হোৱা্ৰ অৰ্থত এই ফকৰাটি প্ৰয়োগ হয়|

(ছ) ছেগ চাই চাপৰি বোৱা - সুযোগ বা সুবিধা বুজি কোনো কাম সম্পাদন কৰা|

(জ) দোলা দেখি খোৰা হোৱা - ভালদৰে খোজ কাঢ়িব জনা জনেও দোলাখন দেখি খোজ কাঢ়িবলৈ মন নকৰি খোৰাৰ ভাও ধৰা| আন অৰ্থত যিকোনো কথাৰ বা কামৰ ছেগ বুজি সুবিধা ল’বলৈ বিচৰা লোকৰ ক্ষেত্ৰত কথাষাৰ প্ৰযোজ্য|


No comments:

Post a Comment

  যতীন্দ্ৰনাথ দুৱৰা , কথা-কবিতা আৰু কিছু কথা                                                                                               ...