-পৰিনীতা বৰা
(ক) খং নামেই চণ্ডাল – খঙক চণ্ডাল(জাতি-চ্যুত মানুহ)ৰ লগত তুলনা
কৰা হৈছে| চণ্ডালে হিতাহিত জ্ঞান ৰহিত হৈ জাতিচ্যুত হোৱাৰ দৰে মানুহেও খঙত হিতাহিত
বিচাৰ কৰিব নোৱাৰি যিকোনো অঘটন ঘটাব পাৰে|
(খ) ওলায়ে দেখিবা যাক, শতৰু নুবুলিবা তাক – ইয়াৰ অৰ্থ হ’ল ওচৰ-চুবুৰীয়াক
কেতিয়াও শত্ৰু জ্ঞান কৰিব নালাগে| কিয়নো মানুহৰ বিপদে-আপদে ওচৰ-চুবুৰীয়াইহে সততে আৱৰি
ৰাখে| বিপদৰ সময়ত দূৰত আত্মীয়-কুটুম পিছতহে পায়হি| সেয়ে প্ৰতিৱেশীৰ লগত মিলা-প্ৰীতিৰে
থাকিব লাগে|
(গ) বিনা মেঘে বজ্ৰপাত -
আকাশত মেঘৰ উপস্থিতিয়েহে বিজুলী, গাজনি আহি বজ্ৰপাত পৰাৰ সম্ভেদ দিয়ে| তেনেক্ষেত্ৰত
মেঘ নোহোৱাকৈ বজ্ৰপাত পৰাতো কল্পনাতীত| অৰ্থাত্ কোনো আগজাননী নোহোৱাকৈ অকস্মাতে হোৱা বিপদ|
(ঘ) বাঘৰ নেজেৰে কাণ
খজুৱা - বাঘৰ দৰে বনৰীয়া হিংস্ৰ জন্তুৰ নেজত
ধৰিবলৈ যোৱাই বিপদজনক| তেনেস্থলত বাঘৰ নেজেৰে কাণ খজুৱাবলৈ যোৱা তাতোকৈয়ো বিপদজনক-ভয়ানক|
গতিকে অতি বিপদজনক কামলৈ আগবাঢ়িলে এই ফকৰাটি ব্যৱহাৰ কৰা হয়|
(ঙ) এনেয়ে বুঢ়ী নাচনী
তাতে নাতিনীয়েকৰ বিয়া – বুঢ়ী এনেয়েই নাচনী, গা সাতখন আঠখন কৰি থাকে| তাতে
নাতিনীয়েকৰ বিয়া আৰু বুঢ়ীক কোনে পায়, পাকে পাকে নাচে| এনেয়ে কি কৰো কি নকৰো কৰি
থকা চঞ্চল লোকে সুযোগ-সুবিধা পালেই ক’ব নোৱাৰা হয়|
(চ) কালৰো কাল বিপৰীত
কাল, হৰিণাই চেলেকে বাঘৰ গাল – আগতে কেতিয়াও নোহোৱা কথা ঘটিলে বা কাৰোবাৰ লগত আগতে
শত্ৰুতা থাকি পিচত মিত্ৰতা হ’লে এই প্ৰবচন ব্যৱহাৰ কৰা হয়| হৰিণা বাঘৰ ভক্ষণ| তেনেস্থলত
হৰিণাই বাঘৰ গাল চেলেকা কথাটো যিদৰে অসম্ভৱ তেনে অৰ্থতেই কথাষাৰ কোৱা হৈছে| সময়ত
কেতিয়াবা শত্ৰুও মিত্ৰ হৈ উঠিব পাৰে|
(ছ) বাহিৰে ৰং চং, ভিতৰে
কোৱাভাতুৰী - কোৱাভাতুৰীৰ বাহিৰখন বৰ
ধুনীয়া, ৰঙা, নিমজ কিন্তু ভিতৰখন কাউৰীৰ দৰে ক’লা| যি বাহিৰত দেখাত সুন্দৰ অথচ
ভিতৰত সাৰশূণ্য তেনে অৰ্থত ব্যৱহাৰ কৰা হয়|
(জ) দুই নাৱত দুই ভৰি - দুখন নাৱত দুটা ভৰি দি যোৱাটো অসম্ভৱ লগতে
বিপদজনকো| কাৰণ দুটা ভৰি দুখন নাৱত দি গ’লে নাৱখন কোন মুহূৰ্তত বেঙাই ঢুকি নোপোৱা
অৱ্স্থালৈ গুচি যাব ক’ব নোৱাৰি| সেইসময়ত ভৰিটো একেখন নাৱলৈ আনিবলৈ দাঙিলেই পানীত
পৰাৰ সম্ভাৱনা অধিক| গতিকে দুয়োফালে বিপদ| অতি বিপদজনক অৱস্থাত পৰিলে নাইবা কোনো
কামত সিদ্ধান্ত ল’ব নোৱাৰি দোধোৰ-মোধোৰ অৱস্থাৰ সন্মুখীন হ’লে উক্ত ফকৰাটি কোৱা
হয়|
No comments:
Post a Comment