Advertise

Wednesday, April 8, 2020

হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলী

                                                                                                                    পৰিণীতা বৰা

অসমীয়া সাহিত্যৰ সুদীৰ্ঘ পৰিক্ৰমাত মধ্যযুগৰ সাহিত্যৰাজিৰ গুৰুত্ব অপৰিসীম৷ মধ্যযুগৰ সাহিত্যৰাজিৰ ভিতৰত চৰিত সাহিত্য, ব্যৱহাৰিক জ্ঞান-শাস্ত্ৰমূলক সাহিত্য, বুৰঞ্জী সাহিত্য, বিবিধ গীত-পদ আৰু কাব্য-সাহিত্য, অংকীয়া নাট আৰু বিবিধ বিষয় সম্বলিত অন্যান্য সাহিত্যৰাজি উল্লেখযোগ্য৷ এই সকলো শ্ৰেণীৰ সাহিত্যৰ ভিতৰত চৰিত সাহিত্য আৰু বুৰঞ্জী সাহিত্যই সমান্তৰালভাৱে দুটা সুকীয়া ধাৰা সৃষ্টি কৰি মধ্যযুগটোক সমৃদ্ধ কৰি তুলিলে৷ এই যুগতে আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত বুৰঞ্জী সাহিত্যৰ চৰ্চা হোৱাৰ লগতে ব্যৱহাৰিক জ্ঞান-বিষয়ক পুথি, জ্যোতিষ চিকিৎসা আৰু নীতি-বিষয়ক পুথি ৰচিত হবলৈ লয়৷ আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ ৰাজত্বকালতো ‘‘অসমৰ বুৰঞ্জীৰ যুগ’’ বুলিব পাৰি৷ তেওঁলোকে মোগলক অসমৰপৰা একেবাৰে খেদি দি কছাৰী, জয়ন্তীয়া ৰজাক বশ কৰি প্ৰায় অসমক আহোমৰ অধীনলৈ আনে আৰু অসমৰ ঐক্য-সংহতি স্থাপনত সুবিধা হয়৷ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ দিনতে চিত্ৰাংকন বিদ্যাৰ যথেষ্ট প্ৰসাৰ হয়৷ ধৰ্মপুৰাণ, শংখচূড়বধ, গীতগোবিন্দ, হস্তিবিদ্যাৰ্ণৱ, আনন্দলহৰী আদি গ্ৰন্থৰ চিত্ৰসমূহ অসমীয়া চিত্ৰাঙ্কনৰ অপূৰ্ব নিদৰ্শন৷
           হস্তিবিদ্যাৰ্ণৱ পুথি খনৰ মুখ্য বিষয়বস্তু হল - হস্তিকথা৷ পুথিখন মহাৰজা শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাথে ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰে৷ ইয়াত গ্ৰন্থাকাৰ, চিত্ৰকৰ দিলবৰ আৰু দোষায়, স্বৰ্গদেউ শিৱসিংহ , বৰকুঁৱৰী অম্বিকাদেৱী আৰু তেওঁলোকৰ সন্তান উগ্ৰসিংহ কোঁৱৰৰ চিত্ৰ অংকিত হৈছে৷ তেওঁ যাৱতীয় হাতী বিষয়ক সংস্কৃত গ্ৰন্থ, অসমত প্ৰচলিত হাতী বিষয়ক কেতবোৰ পুথি, দাঁতি-কাষৰীয়া ৰাজ্যত প্ৰচলিত হাতীৰ ব্যাধিৰ প্ৰতিকাৰ আদি ধৰণৰ হাতী বিষয়ক জ্ঞানক একত্ৰিত কৰি কাহিনীৰ বিষয়বস্তু ৰক্ষিত কৰিছে৷ পুথিখনত বিভিন্ন হাতীৰ বৰ্ণনা আৰু বিভিন্ন ৰোগৰ নিৰাময়ৰ উপায় আদিৰ উল্লেখ আছে৷ গদ্যত ৰচিত পুথিখনৰ ৰচনাশৈলী ওজঃগুণযুক্ত৷ হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলী তলত দিয়া ধৰণৰ -
[] বিভিন্ন ধ্বনিৰ পৰিৱৰ্তন হস্তিবিদ্যাৰ্ণৱ পুথিৰ অন্যতম বৈশিষ্ট্য৷ ধ্বনিতত্ত্বৰ ক্ষেত্ৰত স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি প্ৰয়োগত দেখা বিশেষত্বসমূহ - ধ্বনিৰ লৈ পৰিৱৰ্তন৷ যেনে - নৰিয়া > নুৱৰিয়া, লা > কলা, হয় > হুই আদি৷
[] অঙ্গুলি, দাঙ্গি, ভিন্দি, ৰঙ্গ, টাঙ্গোন, স্নিগ্ধ আদি যুক্ত ব্যঞ্জনৰ প্ৰয়োগ অন্য এক মনকৰিবলগীয়া দিশ৷ যেনে - স্নিগ্ধ ড্ৰব্য৷
[] একেটা কৰ্তাৰ সৈতে কেইবাটাও ক্ৰিয়া যুক্ত কৰি বাক্য ৰচনা কৰাৰ ভংগী হস্তিবিদ্যাৰ্ণৱ পুথিত ভালেমান দেখা যায়৷ যেনে -‘‘ইন্দ্ৰ বংশ সৰোবৰৰ পদ্মপুষ্পৰ তুল্য হৈছে যি মহাৰাজা নীতিবিদ্যৰো আনন্দিত হুই বৃহস্পতিক উপালম্ভ কৰিছে যি মহাৰাজা  আৰু গম্ভীৰ ধাৰ্মিকসকলৰ মধ্যত শ্ৰেষ্ঠতৰ সৌমাৰ পীঠৰ ঈশ্বৰ শ্ৰীযুক্ত শ্ৰীমন্ত শিৱসিংহ যি মহাৰাজা, আপোনাৰ ছন্দৰ বিলাস বিদগ্ধতা ভাৱেৰে পৃথিৱীত সকলো সুন্দৰী গনৰ গৰ্বকচুৰ কৰিছে যি মহাদেৱীয়ে সেই কাৰণে অতিশয় বিৰাজমান হৈছে যি শ্ৰী শ্ৰী অম্বিকানাম মহাদেৱী, সেই দুজনাৰ আজ্ঞাৰত্ন মালাক শিৰত ধৰি সুকুমাৰ বৰকাথে এই হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ কৰি ৰচিল৷’’
[] গদ্য জনজীৱনৰ ওচৰ চপা৷ ইয়াত অহেতুক কৃত্ৰিমতা নাই৷ মানুহৰ মুখৰ ভাষাৰ দৰে ইয়াৰ ভাষাও সৰল৷ আনহাতে সৰল আৰু বস্তুনিষ্ঠ হলেও ইয়াৰ ভাষাত সাহিত্যিক সৌন্দৰ্যৰ মাধূৰ্য বিদ্যমান৷
[] বাক্যৰীতিৰ ক্ষেত্ৰত সৰল, কোমল আৰু পোনপটীয়া বাক্যৰ প্ৰয়োগৰ লগতে মাজে মাজে সংস্কৃত বাক্যৰ প্ৰয়োগ লক্ষ্য কৰা যায়৷
[] শব্দৰ ক্ষেত্ৰত তৎসম, তদ্ভৱ আদি শব্দৰ উপৰি কামৰূপী উপভাষাৰ শব্দৰ প্ৰাধান্য আছে৷ তত্ৰিত’, ‘মোতে’, ‘মই’, ‘আমৰা’, ‘সিহঁত’, ‘তাক’, ‘আপুনিআদি সৰ্বনামৰ প্ৰয়োগ দেখা যায়৷
[] -খন, -টো, -টা, -গজ, - জোৰ, -থোকা আদি নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু বা, কোনো, লাখ-বিলাখ আদি অনিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ প্ৰয়োগ দেখা যায়৷  যেনে -
                -জোৰ - কুকুৰী দসজোৰ৷
                -থোকা - তামোল তিনিথোকা৷
                 বা - অঠাৰ একুৰি বা নখ৷
                 লাখ-বিলাখ - অনেক লাখ-বিলাখ হাতী হল৷
[] কেতিয়াবা অন্তঃস্থ ধ্বনিৰ ব্যৱহাৰ নহয়৷ যেনে - তিঅঁহ [তিয়হ]৷ আনহাতে কেতিয়াবা অন্তঃস্থ ধ্বনিৰ ঠাইত ’-ৰ ব্যৱহাৰ হয়৷ যেনে - ধনিঞাঁ [ধনিয়া]৷
[] আধুনিক অসমীয়া ভাষাৰ দৰে শব্দৰ আদি স্থানত ’ - ৰ ব্যৱহাৰ পোৱা নাযায়৷ মধ্য আৰু অন্ত্য স্থানত সংযুক্ত আৰু একক দুয়ো ধৰণে ’-ৰ ব্যৱহাৰ হৈছে৷
[১০] স্বৰসংগতিৰ আৰু সমীভৱনৰ প্ৰভাৱত বিশিষ্ট ধ্বনিৰ পৰিৱৰ্তন অন্যতম বিশেষত্ব৷যেনে-যেতিয়া >জেতিয়া [স্বৰসংগতি] আৰু এঘাৰ > আঘাৰ[সমীভৱন]৷
                                বিভিন্ন তথ্যাদিৰ পৰা প্ৰাচীন কালৰ পৰাই যে পশু চিকিৎসাৰ ব্যৱস্থা আছিল সেই কথা জানিব পাৰি৷ সেই সময়ত যাতায়তৰ সুবিধাৰ বাবে হাতীৰ ব্যাপক প্ৰচলন আছিল৷ মহাভাৰত তথা কলিকা পুৰাণ অনুসৰি যুদ্ধত ব্যৱহাৰ হোৱা ৰথসমূহো হাতীয়েই টানিছিল৷ বব্ৰুবাহনৰ বিশাল সেনাবাহিনীটো কেইবালাখো হাতীৰ লগতে ঘোঁৰাই টনা ৰথ আছিল বুলি কোৱা হয়৷ সেয়েহে নি(য়কৈ কব পৰা যায় যে তেতিয়াৰেপৰা হাতী-ঘোঁৰাৰ চিকিৎসাৰ ব্যৱস্থা আছিল৷ প্ৰধানকৈ লিখিত ৰূপত হাতীৰ চিকিৎসা ব্যৱস্থা সম্বলিত তথ্যাদি পোৱা যায় বিজ্ঞানসন্মত ৰূপত ৰচিত হস্তিবিদ্যাৰ্ণৱ পুথিত৷ সংস্কৃত ভাষা সকলোৰে বোধগম্য নোহোৱাত অসমীয়া ভাষাত ৰচিত হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনে সাধাৰণ জনগণকো হাতীৰ চিকিৎসা সম্বন্ধে অৱগত হোৱাত সহায় কৰে৷ অসমৰে ভিন ভিন হাবি-জংঘলত পোৱা ঔষধি উদ্ভিদ আৰু বন-দৰৱেৰে হাতীৰ বিভিন্ন ৰোগ আৰু আঘাতৰ চিকিৎসাৰ নিদান দিয়া হৈছে৷ ভিন্ন পৰিৱেশত হাতীক কিদৰে চিকিৎসা আগবঢ়াব লাগে গ্ৰন্থখনত বিতংভাৱে আলোচনা কৰিছে৷ ১৪৮ বিধ মখনা আৰু ১৭ বিধ মাখুন্দী হাতীৰ বিষয়ে গ্ৰন্থখনত পঢ়িবলৈ পোৱা যায়৷ আহোম ৰজাৰ ৰাজত্বকালত ৰজা আৰু ৰাজবিষয়াসকলে হাতীৰ লালন-পালনক লৈ বিশেষভাৱে গুৰুত্ব দিছে৷ কিয়নো সেই সময়ত সকলো স্তৰতে হাতীৰ প্ৰয়োজনীয়তা আছিল৷ তেওঁলোকে যাতায়ত, আমোদ-প্ৰমোদৰ বাবে হাতী ব্যৱহাৰ কৰিছিল৷ যুদ্ধক্ষেত্ৰত ৰণুৱাসকলে হাতীত উঠি যুদ্ধ কৰাৰ লগতে হাতীয়ে যুদ্ধক্ষেত্ৰলৈ বিভিন্ন অস্ত্ৰ-শস্ত্ৰও কঢ়িয়াব লাগিছিল৷ সেয়েহে আহোম স্বৰ্গদেউসকলে হাতীক অতি মূল্যৱান সম্পদৰূপে গণ্য কৰিছিল৷

Tuesday, March 17, 2020

জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ এক অৱলোকন

                                                                                                                                                                                                                                                                                                    পৰিণীতা বৰা
               
               অসমীয়া নাট্য সাহিত্যৰ বুৰঞ্জীত শংকৰদেৱে পোনপ্ৰথম নাট্য সাহিত্যৰ প্ৰৱৰ্তন কৰাৰ পাছৰেপৰা অসমীয়া নাটকে সময়ে সময়ে গতি-প্ৰকৃতি সলনি কৰি আহি বৰ্তমানৰ অৱস্থা পায়হি৷ অৰুণোদয় আৰু জোনাকী যুগত অসমীয়া নাট্য সাহিত্যই আধুনিকতাৰ বোল সানি আত্মপ্ৰকাশ আৰু বিকাশ লাভ কৰিছিল যদিও জ্যোতিপ্ৰসাদৰ হাতত নতুন আংগিক সমৃদ্ধিৰে আৰু ভাৱবস্তুৰ নতুনত্ব তথা গভীৰতাৰে অসমীয়া নাট্যসাহিত্যক বিশ্বজনীন মূল্যবোধ সম্পন্ন কৰি তুলিলে৷ আধুনিক অসমীয়া নাট্য সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদৰ নাটকক এক মাইলৰ খুটি হিচাপে বিবেচনা কৰিব পাৰি৷ জ্যোতিপ্ৰসাদৰ পূৰ্বসুৰী আৰু সমসাময়িক নাট্যকাৰসকলৰ নাটকসমূহ বাঙালী নাটকৰ প্ৰভাৱমুক্ত আৰু যথাৰ্থ নাট্যগুণধৰ্মী নাছিল৷ তেওঁৱেই প্ৰথম অসমীয়া নাটকক প্ৰভাৱমুক্ত মৌলিক চিন্তাৰে মঞ্চ আৰু অভিনয়ৰ উপযোগী কৰি তোলাৰ লগতে নাটকক কাব্যগুণসম্পন্ন কৰি তোলাৰ ক্ষেত্ৰত নতুন চিন্তাৰ পথ প্ৰদৰ্শন কৰিলে৷ বিষয়, আংগিক আৰু সমাজমুখী বাস্তৱ দৃষ্টিভংগীৰে তেওঁ অসমীয়া নাটকক এক নতুন নাট্য ৰীতি দান কৰে৷ শোণিত কুঁৱৰী নাটকৰ জৰিয়তে প্ৰথমতে অসমীয়া নাটকত মঞ্চ-নিদেৰ্শনাৰ প্ৰয়োগ কৰাৰ লগতে প্ৰথম ইবচেনীয় ঠাঁচত সামাজিক সমস্যাপ্ৰধান নাটক কাৰেঙৰ লিগিৰী ৰচনা কৰে৷ তলত তেওঁৰ নাটককেইখনৰ চমু পৰিচয় দিয়া হল -
                শোণিত কুঁৱৰী : ১৯২৫ চনত প্ৰকাশিত জ্যোতিপ্ৰসাদৰ শোণিত কুঁৱৰী অসমীয়া নাট্য সাহিত্যৰ এক উল্লেখযোগ্য কৃতি৷ এই নাটকৰ মাজেদিয়েই তেওঁ পৌৰাণিক বিষয়বস্তুক নতুন বোল সানি নাটকক নতুন ৰূপত প্ৰতিষ্ঠা কৰালে৷ তেওঁৰ হাতত ভাৱবস্তুৰ লগতে বিষয়বস্তুৰো ৰূপান্তৰ সাধন ঘটিল৷ বৈষ্ণৱ কবি আৰু ধৰ্ম গুৰুসকলে প্ৰাধান্য দিয়া বিষ্ণুৰ মাহাত্ম্য আৰু হৰিহৰৰ যুদ্ধতকৈ অধিক প্ৰাধান্য আৰোপিত হল ঊষা-অনিৰুদ্ধৰ প্ৰেম আৰু মিলনতহে৷ এইখন নাটকতে জ্যোতিপ্ৰসাদে গীত আৰু নৃত্যৰ ক্ষেত্ৰত অসমীয়া সুৰ আৰু নৃত্যক নাটকত প্ৰয়োগ কৰে৷
              কাৰেঙৰ লিগিৰী : ১৯৩৬ চনত প্ৰকাশিত জ্যোতিপ্ৰসাদৰ কাৰেঙৰ লিগিৰী নাটকখনত দ্বন্দ্ব আৰু সংঘাতৰ লগতে বিফল প্ৰেমৰ কৰুণ প্ৰকাশ ঘটিছে৷ এই নাটকতেই মানুহৰ গতানুগতিক আৰু প্ৰাচীন মূল্যবোধ তথা ধ্যান-ধাৰণাৰপৰা আঁতৰি আহি এক বিদ্ৰোহৰ সূচনা কৰিলে নায়ক সুন্দৰ কোঁৱৰে৷ নাটকখনত এক মৌলিক সমস্যাক নতুন ৰূপত দাঙি ধৰাৰ চেষ্টা পৰিলক্ষিত হয়৷ সেইবাবেই যুগ যুগ ধৰি সমাজৰ বুকুত চলি অহা পৰম্পৰাৰ বিৰুদ্ধে তেওঁৰ বিপ্লৱী মনৰ প্ৰতিভূ সুন্দৰ কোঁৱৰে চিঞৰি উঠিছে৷
                                                ‘‘তুমি আৰু মোক আমনি নকৰিবা৷ মোৰ বিবাহৰ কাৰণে
                                                এনেকৈ আমনি কৰিলে মই কাৰেং ৰাজ্য এৰি গুচি যাম৷’’
                                                                                                                (কাৰেঙৰ লিগিৰী, প্ৰথম অংক প্ৰথম দৰ্শন)
                 নাট্যকাৰে ‘‘কাল্পনিক নাট’’ আখ্যা দিয়া নাটকখনিত মধ্যযুগীয়া পটভূমিত এক বৈপ্লৱিক চিন্তাক উপস্থাপন কৰিছে৷ নাটকখনৰ জৰিয়তে সামাজিক সমস্যামূলক নাটকৰ চৰিত্ৰ প্ৰকাশ পাইছে৷
                ৰূপালীম : ১৯৩৬ চনত ৰচিত জ্যোতিপ্ৰসাদৰ ৰূপালীম নাটকত প্ৰচলিত সমাজ ব্যৱস্থাই ঢুকি নোপোৱা এক কাল্পনিক দেশৰ বিষয়বস্তুক নাটকীয় ৰূপ দি তেওঁ এক ভিন্নমুখী ৰস আস্বাদন কৰিলে৷ বিয়োগাত্মক নাটক ৰূপালীম জনজাতীয় পটভূমিত ৰচিত৷ ৰাজশক্তি, স্বাৰ্থপৰ, পুৰুষৰ সন্মুখত অসহায় নাৰী ৰূপালীম, ঈষা আৰু দেশপ্ৰেমৰ প্ৰতিভূ ইতিভেন, ৰাজশক্তিৰ প্ৰতীক মণিমুগ্ধ, প্ৰকৃতিৰ সহজ-সৰল ৰূপ মায়াবক লৈ এক জটিল সম্পৰ্কেৰে কাহিনী গ্ৰন্থিত হৈছে৷
                লভিতা : ১৯৪৮ চনত প্ৰকাশিত জ্যোতিপ্ৰসাদৰ লভিতা তেওঁৰ সাহসিকতম সৃষ্টি৷ অসমীয়া জাতিক পটভূমি ৰূপে চিত্ৰিত কৰা লভিতা নাটকত বৰ্ণিত হৈছে - সংগ্ৰামৰ মাজেদি আগবাঢ়ি যোৱা এজনী অসমীয়া যুৱতীৰ সাহস আৰু স্বদেশানুৰাগৰ কাহিনী৷ লভিতাত তেওঁ আংগিকৰ পৰীক্ষা-নিৰীক্ষাৰে অসমীয়া নাট্যসাহিত্যক এক নতুন দিশৰ সন্ধান দিয়ে৷
                নিমাতী কইনা : ‘‘বুঢ়ী আইৰ সাধু’’ৰ প্ৰচলিত সাধুকথাৰ জোলোঙাৰপৰা যদিও নিমাতী কইনা (১৯৩৫, ৰচনা)ৰ জন্ম তথাপিও এইখন জ্যোতিপ্ৰসাদৰ নাট্যজীৱনৰ অমৰ সৃষ্টি৷ নিমাতী কইনা জ্যোতিপ্ৰসাদৰ বিপ্লৱী মনৰ শিল্পসাধনাৰ বিমূৰ্ত্ত প্ৰকাশ’’ এক ৰূপকধৰ্মী গীতিনাট্য৷ নিমাতী কইনাৰ মাত নোলোৱাত বিভিন্ন দেশৰ ৰাজকোঁৱৰ, ওজা, পণ্ডিত মাত উলিয়াবৰ কাৰণে আহিল মাত নোলাল৷ এজন বীণবৰাগীৰ গীতৰ সুৰত নিমাতীৰ মাত ওলাল৷ নাটকখনৰ আন এটা নাম ৰূপকোঁৱৰ৷ নাটকখনত নাট্যকাৰে ঘূণেধৰা সমাজৰ দানৱীয় অৱস্থাৰ পৰা মানৱাত্মাৰ মুক্তিৰ পথ কাব্যিক অনুভূতিৰ মাজত দেখুওৱা হৈছে৷ নিমাতী কইনাৰ মাত উলিওৱা বীণবৰাগী ৰূপকোঁৱৰৰ আধাৰ৷ এই আধাৰৰ মাজেৰেই জ্যোতি দৰ্শনৰ প্ৰকাশ ঘটিছে৷
                সোণ-পখিলী :    নিমাতী কইনা ৰ সমধৰ্মী এখন নাট সোণ-পখিলী৷ এই অসম্পূৰ্ণ নাটকখনত এক কাব্যিকসুলভ আৰম্ভণিৰে কবিতা কুমাৰ, চিন্তা কুমাৰ আৰু মনিষা কুমাৰে সোণপখিলীক পাব বিচাৰিছে৷
                খনিকৰ : খনিকৰ নাটকখন ১৯২৯ চনৰ পৰা ১৯৪০ চনলৈকে লিখিছে৷ নাটকখনৰ সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাই উল্লেখ কৰিছে -
                                          ‘‘এই নাটকখনৰ প্ৰধান চৰিত্ৰ বা নায়কৰ পৰিকল্পনাৰ অন্তৰালত
                                                আছে আগৰৱালা পৰিয়ালৰ এটি শোকাৱহ ঘটনা৷ চন্দ্ৰকুমাৰ
                                                আগৰৱালাৰ মাজু লৰা অৰুণ কুমাৰে বিলাতলৈ যাবলৈ নাপায়
                                                আত্মহত্যা কৰে৷’’
                                                                                                      জ্যোতিপ্ৰসাদ ৰচনাৱলী, পাতনি, পৃষ্ঠা ১২
             এই অৰুণ কুমাৰকে আলম কৰি নাটকখন ৰচিত হৈছে৷ অসমৰ পটভূমিত আৰম্ভ হোৱা নাটকখনৰ ঘটনাক্ৰম পেৰিচলৈকে বিস্তৃত৷ নবীনৰ ভাস্কৰ্য শিল্প সাধনাত হোৱা কৃতকাৰ্যতা নাটকখনৰ মূল বিষয়৷ অৱশ্যে নাটকখনত এক নিটোল কাহিনী গ্ৰন্থন পোৱা নাযায়৷
                কনকলতা : জ্যোতিপ্ৰসাদৰ কনকলতা নাটখনিও সম্পূৰ্ণ নহয়৷ এক ঐতিহাসিক ঘটনাক আলম হিচাপে লৈ নাটকখন ৰচনা কৰিব বিচৰা হৈছিল৷ এখন ঐতিহাসিক দলিল হব পৰা সম্ভাৱনা অৱশ্যে নাটকখনৰ মাজত আছিল৷
                সুন্দৰ কোঁৱৰ : এই নাটকখন এখন কাল্পনিক নাটক৷ ৰূপান্তৰ চেতনাযুক্ত নাটকখনিত কাৰেঙৰ লিগিৰীৰ সুন্দৰ কোঁৱৰৰ বিদ্ৰোহে যেন তীব্ৰ ৰূপত আত্মপ্ৰকাশ কৰিব বিচাৰিছিল৷ নাটকখনে সম্পূৰ্ণ ৰূপ পোৱা হলে ই অধিক স্পষ্ট হলহেঁতেন৷
                বিংশ শতিকাৰ দ্বিতীয় দশকত নাট্য সাহিত্যত হাত দিয়া জ্যোতিপ্ৰসাদে যিকেইখন নাটক ৰচনা কৰিলে, সেইকেইখন নাটকে অসমীয়া নাট্য চিন্তাৰ নতুন পথ প্ৰতিষ্ঠা কৰিলে৷ এই নাটকসমূহত নাট্যৰীতিৰ কৌশল, চৰিত্ৰৰ দ্বন্দ্ব আৰু দ্বন্দ্বমুখৰ অৱস্থাত চৰিত্ৰৰ চিন্তা ভাৱনা প্ৰকাশত নাট্যকাৰৰ আধুনিক দৃষ্টিভংগী লক্ষ্য কৰা যায়৷

Friday, March 6, 2020

অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱ্হাৰ


-পৰিণীতা বৰা

     অসমীয়া বৰ্ণমালাৰ এটা অপৰিহাৰ্য ধ্বনি হ’ল চন্দ্ৰবিন্দু| ই স্বৰৰ অনুনাসিকতা বুজায়| অনুনাসিকতা ধ্বনিৰ এক গুণ| ধ্বনি উচ্চাৰণৰ সময়ত, বিশেষকৈ স্বৰধ্বনি উচ্চাৰণৰ সময়ত কোমল তালুখন তললৈ নমাই নাসিকাবিবৰেদি হাওঁফাওঁৰপৰা ওলাই অহা বায়ুৰ প্ৰৱেশ পথ মুকলি কৰিব পাৰি| তেতিয়া বৰ্হিগামী বায়ুপ্ৰবাহৰ এভাগ নাকেৰে ওলাই যায়| এইদৰে নাকেৰে কিছু পৰিমাণে বায়ুপ্ৰবাহ উলিয়াই দি ধ্বনি উচ্চাৰণ কৰা গুণকে অনুনাসিকতা বোলে|
      
      অনুনাসিকতাৰ কাৰণে শব্দৰ উচ্চাৰণ আৰু অৰ্থৰ পাৰ্থক্য ঘটে| লিখিত অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ সহায়ত অনুনাসিকতা চিহ্নিত কৰা হ্য়| যেনে – কাঁহ, সাঁচ আদি| অসমীয়া ভাষাত স্বৰধ্বনিৰ ক্ষেত্ৰত হোৱা অনুনাসিকতাক ‘লঘু’ আৰু ‘গুৰু’ দুইধৰণে ভাগ কৰা হয়| অনুনাসিক ধ্বনিৰ পৰৱৰ্তী সকলো স্বৰধ্বনিয়ে পূৰ্বস্থ ধ্বনিৰ প্ৰ্ভাৱত কিছু অনুনাসিকতা লাভ কৰিলে তাক লঘু অনুনাসিকতা বোলে| যেনে-“মানুহ” শব্দত ‘ম’ৰ পৰৱৰ্তী ‘আ’ আৰু ‘ন’ৰ পৰৱৰ্তী ‘উঁ’ ধ্বনিয়ে লঘু অনুনাসিকতা লাভ কৰে| বিশিষ্ট বা বৰ্ণগত অনুনাসিক ধ্বনিবোৰৰ অনুনাসিকতাক গুৰু অনুনাসিকতা বোলা হ্য়| যেনে- অঙ্কন>অঁকা, কম্পন>কঁপনি আদি|
      
     চন্দ্ৰবিন্দুক গাইগুটীয়াকৈ উচ্চাৰণ কৰিব নোৱাৰি, স্বৰ নাইবা য়, ৱ, হ, ৰ, ল আদি ধ্বনিৰ সৈতেহে ই উচ্চাৰিত হয়| স্বৰধ্বনিৰ লগত উচ্চাৰিত হোৱা হেতুকে ইয়াক উপাহিত ধ্বনিও বোলে| যিবোৰ ধ্বনি বা বৰ্ণক একাদিক্ৰমে ভাগ ভাগ কৰি দেখুৱাব নোৱাৰি অৰ্থাত্‍ বৰ্ণৰ ক্ৰম নিৰ্ণয় কৰিব নোৱাৰি তেনেবোৰ বৰ্ণকে উপাহিত বৰ্ণ বোলে| এনেক্ষেত্ৰত শ্বাসাঘাত, সুৰ, অনুনাসিক আদিৰো ক্ৰম নিৰ্দেশ কৰিব নোৱাৰাৰ বাবে এইবোৰক অসমীয়া ভাষাত উপাহিত বৰ্ণ বুলি ধৰা হয়| যেনে – খাওঁ শব্দটোৰ বৰ্ণ ক্ৰম কৰিলে, খাওঁ = খ-আ-ও-ঁ নে খ-আ-ঁ-ও হ’ব তাক ক্ৰম কৰি দেখুৱাব নোৱাৰি| সেয়ে ‘চন্দ্ৰবিন্দু’ক উপাহিত বৰ্ণ বোলে|
    
    চন্দ্ৰবিন্দুৱে শব্দৰ অৰ্থগত পাৰ্থক্যও নিৰ্দেশ কৰে| এনে অৰ্থত চন্দ্ৰবিন্দু বিশিষ্ট ধ্বনি; উদাহৰণস্বৰূপে-‘শো’ মানে টোপনি যা, কিন্তু সোঁ মানে বাওঁৰ বিপৰীত ফাল| অসমীয়া ভাষাত কোনো ব্যক্তিৰ নামৰ আগত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰি ব্যক্তিজন মৃত বুলি বুজোৱা হয়| যেনে – ঁলক্ষ্মীনাথ বেজবৰুৱা|
    
     বৰ্তমান আৰু অতীত কালৰ প্ৰথম পুৰুষৰ সকলো ক্ৰিয়াপদতে পুৰুষবাচক ক্ৰিয়াবিভক্তি ‘ওঁ’ অপৰিহাৰ্য| যেনে- মই ভাত খালোঁ| সম্ভাৱ্য ভূতকালৰ ‘হেঁতেন’ পৰসৰ্গতো ‘হেঁ’ৰ ওপৰত চন্দ্ৰবিন্দু ব্যৱহাৰ হয়|
        
   নামপদৰ বহুবচন বুজোৱা ‘-হঁত’(দেউতাহঁত, তহঁত আদি)আৰু ক্ৰিয়াপদৰ বহুবচন বুজোৱা ‘হঁক’(যাবিহঁক, কৰিবিহঁক আদি)প্ৰত্যয়তো চন্দ্ৰবিন্দুৰ প্ৰয়োগ হয়| অধিকাংশ অসমীয়া তদ্ভৱ শব্দত চন্দ্ৰবিন্দু সংস্কৃত শব্দত থকা ন,ং, ঙ, ণ, ম নাসিক্য ধ্বনিৰ পৰিৱৰ্তিত ৰূপ| যেনে – দন্ত>দাঁত, পঞ্চ>পাঁচ আদি|
      
      ক্ৰিয়াৰ অসমাপিকা ৰূপত ব্যৱহৃত ‘-ওঁতে’(কৰোঁতে, খাওঁতে আদি) আৰু ‘-ওঁতা’(যাওঁতা, কৰোঁতা আদি)প্ৰত্যয়তো চন্দ্ৰবিন্দুৰ ব্যৱহাৰ অপৰিহাৰ্য|
      
      অসমীয়া ভাষাৰ নিজা উচ্চাৰণ-বৈশিষ্ট্যৰ বাবে কেতবোৰ শব্দত চন্দ্ৰবিন্দুৰ আপোনা-আপুন চন্দ্ৰবিন্দুৰ প্ৰয়োগ হয়| যেনে – পেঁচ, ভোঁ ভোঁ, দাঁতি আদি| মূল সংস্কৃত নথকা সত্ত্বেও কেতবোৰ তদ্ভৱ শব্দত স্বত:স্ফূৰ্ত নাসিক্যিভৱনৰ বাবে চন্দ্ৰবিন্দুৰ ব্যৱহাৰ ঘটে| যেনে- আঁঠু(অস্থিবত্‍), সঁচা(সত্য) আদি|

     উত্‍স : পুথিগত তথ্য

অসমীয়া ভাষাত ব্যৱহৃত কেতবোৰ ফকৰা-যোজনা খণ্ড – ২


-পৰিনীতা বৰা

(ক) খং নামেই চণ্ডাল – খঙক চণ্ডাল(জাতি-চ্যুত মানুহ)ৰ লগত তুলনা কৰা হৈছে| চণ্ডালে হিতাহিত জ্ঞান ৰহিত হৈ জাতিচ্যুত হোৱাৰ দৰে মানুহেও খঙত হিতাহিত বিচাৰ কৰিব নোৱাৰি যিকোনো অঘটন ঘটাব পাৰে|

(খ) ওলায়ে দেখিবা যাক, শতৰু নুবুলিবা তাক – ইয়াৰ অৰ্থ হ’ল ওচৰ-চুবুৰীয়াক কেতিয়াও শত্ৰু জ্ঞান কৰিব নালাগে| কিয়নো মানুহৰ বিপদে-আপদে ওচৰ-চুবুৰীয়াইহে সততে আৱৰি ৰাখে| বিপদৰ সময়ত দূৰত আত্মীয়-কুটুম পিছতহে পায়হি| সেয়ে প্ৰতিৱেশীৰ লগত মিলা-প্ৰীতিৰে থাকিব লাগে|

(গ) বিনা মেঘে বজ্ৰপাত - আকাশত মেঘৰ উপস্থিতিয়েহে বিজুলী, গাজনি আহি বজ্ৰপাত পৰাৰ সম্ভেদ দিয়ে| তেনেক্ষেত্ৰত মেঘ নোহোৱাকৈ বজ্ৰপাত পৰাতো কল্পনাতীত| অৰ্থাত্‍ কোনো আগজাননী নোহোৱাকৈ অকস্মাতে হোৱা বিপদ|

(ঘ) বাঘৰ নেজেৰে কাণ খজুৱা - বাঘৰ দৰে বনৰীয়া হিংস্ৰ জন্তুৰ নেজত ধৰিবলৈ যোৱাই বিপদজনক| তেনেস্থলত বাঘৰ নেজেৰে কাণ খজুৱাবলৈ যোৱা তাতোকৈয়ো বিপদজনক-ভয়ানক| গতিকে অতি বিপদজনক কামলৈ আগবাঢ়িলে এই ফকৰাটি ব্যৱহাৰ কৰা হয়|

(ঙ) এনেয়ে বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া – বুঢ়ী এনেয়েই নাচনী, গা সাতখন আঠখন কৰি থাকে| তাতে নাতিনীয়েকৰ বিয়া আৰু বুঢ়ীক কোনে পায়, পাকে পাকে নাচে| এনেয়ে কি কৰো কি নকৰো কৰি থকা চঞ্চল লোকে সুযোগ-সুবিধা পালেই ক’ব নোৱাৰা হয়|

(চ) কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল – আগতে কেতিয়াও নোহোৱা কথা ঘটিলে বা কাৰোবাৰ লগত আগতে শত্ৰুতা থাকি পিচত মিত্ৰতা হ’লে এই প্ৰবচন ব্যৱহাৰ কৰা হয়| হৰিণা বাঘৰ ভক্ষণ| তেনেস্থলত হৰিণাই বাঘৰ গাল চেলেকা কথাটো যিদৰে অসম্ভৱ তেনে অৰ্থতেই কথাষাৰ কোৱা হৈছে| সময়ত কেতিয়াবা শত্ৰুও মিত্ৰ হৈ উঠিব পাৰে|

(ছ) বাহিৰে ৰং চং, ভিতৰে কোৱাভাতুৰী  - কোৱাভাতুৰীৰ বাহিৰখন বৰ ধুনীয়া, ৰঙা, নিমজ কিন্তু ভিতৰখন কাউৰীৰ দৰে ক’লা| যি বাহিৰত দেখাত সুন্দৰ অথচ ভিতৰত সাৰশূণ্য তেনে অৰ্থত ব্যৱহাৰ কৰা হয়|

(জ) দুই নাৱত দুই ভৰি - দুখন নাৱত দুটা ভৰি দি যোৱাটো অসম্ভৱ লগতে বিপদজনকো| কাৰণ দুটা ভৰি দুখন নাৱত দি গ’লে নাৱখন কোন মুহূৰ্তত বেঙাই ঢুকি নোপোৱা অৱ্স্থালৈ গুচি যাব ক’ব নোৱাৰি| সেইসময়ত ভৰিটো একেখন নাৱলৈ আনিবলৈ দাঙিলেই পানীত পৰাৰ সম্ভাৱনা অধিক| গতিকে দুয়োফালে বিপদ| অতি বিপদজনক অৱস্থাত পৰিলে নাইবা কোনো কামত সিদ্ধান্ত ল’ব নোৱাৰি দোধোৰ-মোধোৰ অৱস্থাৰ সন্মুখীন হ’লে উক্ত ফকৰাটি কোৱা হয়|

Thursday, March 5, 2020

অসমীয়া ভাষাত ব্যৱহৃত কেতবোৰ ফকৰা-যোজনা খণ্ড – ১


পৰিণীতা বৰা

(ক) আগফালে মাৰো ডাং পাচফালে ধোবাং বাং – সকলো ফালে সমানে চকু নাৰাখিলে এই ফকৰাটি ব্যৱহাৰ কৰা হয়| আগফালে দুৱাৰত ডাং মাৰি পিচফাল খন মুকলি কৰি এৰি যোৱা নাইবা এফালে অতি সাৱধান হৈ ভালদৰে আগফালৰ দুৱাৰ মাৰি অসাৱধানবশত: পিচফালৰ দুৱাৰ বন্ধ নকৰাকৈ এৰি থৈ যোৱা|

(খ) এঙাৰ ধুলে বগা নহয় – যিমানেই চেষ্টা নকৰক কিয় স্বভাৱৰ পৰিৱৰ্তন কৰিব নোৱাৰা| এঙাৰৰ ৰং ক’লা| তাক ধুই কেতিয়াও বগা কৰিব পৰা নাযায়| ঠিক তেনেদৰে সমাজত এনে এচাম লোক আছে যাৰ স্বভাৱ পৰিৱৰ্তনৰ নেৰানেপেৰা চেষ্টা কৰিলেও সলনি কৰিব নোৱাৰি|

(গ) ওভত গোৰে নচা  - নকৰিবলগীয়া কৰ্ম কৰি অতপালি কৰা| মূৰটো তললৈ কৰি ভৰি ওপৰলৈ কৰি নচা কাৰ্য্য যিদৰে উতপাতৰ লক্ষণ তেনেদৰে কোনো লোকে কৰিব নলগীয়া কাম কৰি উদ্ভাণ্ডালি কৰিলে এই ফকৰাটি প্ৰয়োগ কৰা হয়|

(ঘ) কণাৰ ফৰ্মুটি - কণা লোকে কোনো বস্তুলৈ ফৰ্মুটি নিক্ষেপ কৰিলে বস্তুটোত লাগিবও পাৰে নালাগিবও পাৰে| কোনো কথা বা কাম ভালদৰে নজনাকৈ আন্দাজ বা অনুমানত কৰিলে এনেদৰে কোৱা হয়|

(ঙ) কেচু খান্দোতে সাপ ওলোৱা - কেতিয়াবা কেচু বিচাৰি মাটি খান্দোতে অকস্মাতে সাপ ওলোৱাৰ দৰে কোনো কথাৰ আঁতি-গুৰি খুচৰি থাকোতে অন্য এটা গোপন কথাৰ সন্ধান পোৱা|

(চ) খাই পাত ফলা – উপকাৰীৰ উপকাৰৰ শলাগ নোলোৱা| খাই উঠি পাতখনৰ আৱশ্যকতা নাই বুলি ফালি নষ্ট কৰাৰ দৰেই উপকাৰীৰ প্ৰতি অকৃতজ্ঞ হোৱা্ৰ অৰ্থত এই ফকৰাটি প্ৰয়োগ হয়|

(ছ) ছেগ চাই চাপৰি বোৱা - সুযোগ বা সুবিধা বুজি কোনো কাম সম্পাদন কৰা|

(জ) দোলা দেখি খোৰা হোৱা - ভালদৰে খোজ কাঢ়িব জনা জনেও দোলাখন দেখি খোজ কাঢ়িবলৈ মন নকৰি খোৰাৰ ভাও ধৰা| আন অৰ্থত যিকোনো কথাৰ বা কামৰ ছেগ বুজি সুবিধা ল’বলৈ বিচৰা লোকৰ ক্ষেত্ৰত কথাষাৰ প্ৰযোজ্য|


অসমীয়া ভাষাত ব্যৱহৃত কেতবোৰ সমোচ্চাৰিত শব্দৰ অৰ্থ




(১) কুল  -   গোত্ৰ, জাতি, বংশ|
কূল  -   নৈ, সাগৰ আদিৰ পাৰ|
(২) কেৰাহি  - এফলিয়াকৈ চোৱা (দৃষ্টি বা চাৱনিত খাটে)|
কেৰাহী  - এবিধ লো বা এলুমিনিয়ামৰ মেলাহি পাত্ৰ|
(৩) আচাৰ   - এবিধ মুখ-ৰুচিকৰ খাদ্য-বিশেষ, নিয়ম|
আছাৰ  - দাঙি ধৰি জোৰেৰে কিহবাত খুন্দিয়াই দিয়া|
(৪)  আটা - ঘেঁহুৰ গুৰি খাদ্যবস্তু-বিশেষ|
 আতা -ককা, বৈষ্ণৱ ধৰ্মাচাৰ্য, মান্য লোক|
(৫)  কাণ  - কৰ্ণ বা শ্ৰৱণ-ইন্দ্ৰিয়|
 কান  - কান্ধ, টোলোঠাৰ দুই মূৰৰ বিন্ধা, স্কন্ধ|
(৬)  কুলি – এবিধ চৰাই|
কুলী  -বনুৱা, মজদুৰ|
(৭)  ছয়  - ৬ সংখ্যা|
চয় – সমূহ, এজন ৰজাই আন এজনক দিবলৈ সংগ্ৰহ কৰি ৰখা কৰ|
(৮) গুৰ  - কুঁহিয়াৰৰ ৰস পগাই প্ৰস্তুত কৰা এবিধ খাদ্যবস্তু|
গোৰ - ভৰিৰ আঘাত|
(৯) জান  - গম পা, জীৱন, প্ৰাণ, জুৰি|
যান  - গাড়ী, বাহন|
(১০) চাই - দেখি, ভালকৈ পৰীক্ষা কৰি|
 ছাই  -   ভস্ম|
(১১)  বাৰি - পানী, লাঠী, মাৰি|
 বাঁৰী -   বিধৱা|
(১২) পতা – চকু ঢকা ছাল|
 পটা  -বস্তু খুন্দি বা পিহি গুৰি কৰিব পৰা শিলৰ চেপেটা যতন-বিশেষ|
(১৩) ডৰ – ভয়, শংকা
  দৰ - দাম|
(১৪) বাত – এবিধ ৰোগ|
 বাট  - পিহি গুৰি কৰ, পথ, জন্তুৰ গাখীৰ ওলোৱা অংগ|
(১৫)  মিতা - মিত্ৰ, বন্ধু|
 মিটা  - মিলা-মিচা কৰি দিয়া, মীমাংসা কৰি দিয়া|
(১৬) স্বৰ - ধ্বনি, মাত, স্বৰবৰ্ণ, সুৰ|
  চৰ -হাতৰ তলুৱাৰে গালত কৰা আঘাত, চোৰাংচোৱা, চাপৰি, প্ৰকোপ  বৃদ্ধি পোৱা, ঘাঁহ খাই ফুৰা|
(১৭) শাপ  - শাও, অভিসম্পাত|
 সাপ  - সৰ্প, বিষাক্ত সৰীসৃপ|
(১৮) খালি - কল পটুৱাৰ দোনা বা পাত্ৰ|
  খালী -উদং, শূণ্য|
(১৯) কাৰ - কোন লোকৰ, মটৰ গাড়ী (ইংৰাজী)|
  কাঁড় - বাণ, শৰ, শৰধি|







Saturday, February 29, 2020

অসমৰ লোক-ঔষধ


                                                          -পৰিনীতা বৰা

লোক-সংস্কৃতিৰ এক অবিচ্চেদ্য অংগ পৰম্পৰাগত চিকিৎসা পদ্ধতি৷ অসমত লোক-ঔষধৰ  ব্যৱহাৰৰ পৰম্পৰা প্ৰাচীন৷ প্ৰাগ্‌-ঐতিহাসিক সময়ৰপৰাই মানুহে লোক-ঔষধৰ মাধ্যমেৰে বিভিন্ন ৰোগৰ চিকিৎসা কৰি আহিছে৷ লোক-ঔষধৰপৰাই আধুনিক আয়ুৰ্বেদ চিকিৎসা পৰম্পৰাৰে ৰোগ নিৰাময় প্ৰক্ৰিয়াৰো আৰম্ভণি ঘটে৷ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰে অন্যতম অংগ জৰা-ফুকা এই পদ্ধতিৰে আলম লৈয়েই অসমীয়া সমাজত বিভিন্ন তন্ত্ৰ-মন্ত্ৰ গা কৰি উঠিছিল৷ অতীজতে মায়ং অঞ্চল এনে তন্ত্ৰ-মন্ত্ৰ বিদ্যাৰ বাবে চহকী আছিল৷ বৰ্তমানেও অসমত মুখলগা ভঙা, বীৰাজৰী আদি বিভিন্ন ৰোগত মন্ত্ৰৰ প্ৰচলন ঠায়ে ঠায়ে প্ৰচলিত হৈ আছে৷

অসমৰ প্ৰাকৃতিক পৰিৱেশ বিচিত্ৰতাপূৰ্ণ৷ অসমৰ হাবিত  মানিমুনি, জালুক, মছন্দৰী, চজিনা, লাইজাবৰি, পনৌনোৱা, ভেদাইলতা, থেকেৰা, দুপৰটেঙা, ব্ৰাহ্মী শাক , আদা, আম, আমলখি, -টেঙা, নেফাফু, পদিনা, ছালকুঁৱৰী, তুলসী, নৰসিংহ, পচতীয়া, শতমূল, অজুৰ্ন, তেতেলী, নহৰু, নিলাজীবন, পাণ, দালচিনি, শেৱালী, সৰিয়হ, বেল আদি নানা ধৰণৰ ঔষধি গুণযুক্ত উদ্ভিদ পোৱা যায়৷ এই প্ৰত্যেকবিধ উদ্ভিদৰে ৰোগ আৰোগ্য কৰিব পৰা নিজা ক্ষমতা আছে৷ বৰ্তমান বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগতো অসমৰ বিভিন্ন স্থানৰ লোকে প্ৰাথমিক চিকিৎসাৰ বাবে অসমৰ হাবিত উপলব্ধ বিভিন্ন ঔষধি উদ্ভিদৰপৰা লোক-ঔষধ তৈয়াৰ কৰি ঘৰুৱা চিকিৎসা আৰম্ভ কৰে৷ ভাৰতৰ চিকিৎসা বিজ্ঞানত ব্যৱহৃত প্ৰায় দুহেজাৰ বিধ ঔষধ প্ৰায় পোন্ধৰশ বিধ বনৌষধিৰ পৰা প্ৰস্তুত কৰা হৈছে বুলিব পাৰি৷ সেয়েহে অসমৰ বিভিন্ন লোক-ঔষধ সম্পৰ্কে আলোচনা কৰাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা অপৰিসীম৷

নবীনচন্দ্ৰ শৰ্মাই লোক-চিকিৎসাত দুই ধৰণৰ লোক-ঔষধৰ কথা উল্লেখ কৰিছে -
() প্ৰাকৃতিক লোক-চিকিৎসা : যি মূলতঃ বনৌষধিক কেন্দ্ৰ কৰি গঢ় লৈ উঠা একপ্ৰকাৰ চিকিৎসা পদ্ধতি৷
() যাদুবিদ্যাগত ধৰ্মীয় লোক-চিকিৎসা : অতীজৰে পৰা প্ৰাকৃতিক চিকিৎসাৰ উপৰি লোক-বিশ্বাসৰ আধাৰত নানা পূজা-উপাসনা, তন্ত্ৰ-মন্ত্ৰ আদিকো চিকিৎসা পদ্ধতি ৰূপে প্ৰয়োগ কৰি আহিছে৷ প্ৰধানতঃ ধৰ্মীয় বিশ্বাসৰ ভেটিত গঢ় লোৱা এক প্ৰকাৰৰ চিকিৎসা পৰম্পৰা হিচাপে ইয়াক গ্ৰহণ কৰা হয়৷

অসমৰ হাবিত উপলব্ধ বিভিন্ন ঔষধি গছসমূহৰ প্ৰত্যেকৰে ঔষধি গুণ সুকীয়া হোৱা হেতুকে এই ঔষধৰ প্ৰস্তুত প্ৰণালী আৰু  ব্যৱহাৰ পদ্ধতি উভয়ৰে পাৰ্থক্য আছে৷ লোক-ঔষধসমূহৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তেহে বিভিন্ন ৰোগৰ পৰা উপশম পাব পাৰি৷ এই লোক-ঔষধসমূহৰ ব্যৱহাৰৰ জৰিয়তে গ্ৰহণী, পেটৰ বিষ, কুষ্ঠৰোগ, অনিদ্ৰা, জ্বৰ, কাঁহ, নিউমোনিয়া, পঁয়ালগা, কষ্টকৰ ঋতুস্ৰাৱ, বেচু, খজুৱতী, যকৃত, হাঁপানি, এলাৰ্জি, কৃৰ্মি, যক্ষ্মা, মেলেৰীয়া আদি বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ তলত বিভিন্ন বনৌষধিৰ ঔষধি গুণ সম্পৰ্কে উল্লেখ কৰা -

à মছন্দৰী নিয়মীয়াকৈ খালে দৃষ্টি শক্তি বৃদ্ধি পায় আৰু স্নায়ু সবল হয়৷ মছন্দৰী পাত
        পাতত দি খালে গ্ৰহণী, পেটচলা, পেট খামোচ মাৰি ধৰা আদি ৰোগ প্ৰতিৰোধ হয়৷
à শৰীৰৰপৰা নিৰ্গত দুৰ্গন্ধ আঁতৰাবলৈ আৰু ভোক লাগিবলৈ ৰাতিপুৱা মানিমুনি খাব লাগে৷ মানিমুনিৰ ৰস গ্ৰহণী, কুষ্ঠৰোগ, অনিদ্ৰা, স্নায়ৱিক দুৰ্বলতা আদি ৰোগত দৰকাৰী৷
à  টেঙামৰা শাক নিয়মীয়াকৈ খালে অভোক দূৰ হয়, গাৰ ছাল নিমজ হয়, পেটৰ বিষ উপশম  হয় আৰু উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ হয়৷
à  পনৌনোৱা পাতৰ ৰসে অনিদ্ৰা আঁতৰ কৰাৰ লগতে নিম্ন ৰক্তচাপ, কাঁহ(ব্ৰংকাইটিছ) আদি ৰোগৰ প্ৰতিকাৰ কৰে৷
à -টেঙাই পেট খোলোচা কৰাৰ লগতে ইয়াৰ ৰসত চেনি মিহলাই পানীয় ৰূপত খালে শৰীৰৰ শক্তি বৃদ্ধি পায়৷
à শিলিখাই ভোক বৃদ্ধি কৰাৰ লগতে শুকান শিলিখা ১০/১২ ন্টা পানীত তিয়াই থৈ পানীখিনি খালে পেটৰ বিভিন্ন ৰোগৰ পৰা প্ৰতিকাৰ পাব পাৰি৷ পেলু, এজ্মা, অৰ্শ আদি ৰোগত শিলিখা খোৱাটো ভাল৷
à কেঁচুমূৰীয়া ৰোগত দুপৰটেঙা পাত খুন্দি প্ৰলেপ লগালে এই ৰোগৰ প্ৰতিৰোধ হয়৷ দুপৰটেঙা বৃক্কৰ দোষত হোৱা কঁকালৰ বিষ, পাথৰি, প্ৰমেহ, মুত্ৰকৃচ্ছ, মুত্ৰাঘাত আদি ৰোগত সুপথ্য৷ ইয়াৰ পাত খুন্দি চুলিত প্ৰলেপ দিলে ওকণি মৰে৷
à বন আমলখি গছৰ পাত আৰু কুমলীয়া ডালৰ ৰস জণ্ডিচ ৰোগৰ মহৌষধ৷ শিপাৰ ৰস খালে জ্বৰ ভাল হয়৷
à আকন গছৰ ৰস, ফুলৰ ৰস হাঁপানি ৰোগৰ ঔষধ৷ ইয়াৰ পাত, ছাল আদি পানীলগা, সন্নিপাত জ্বৰৰ ঔষধ৷
à অৰ্জুন গছৰ ছালৰ ৰস প্ৰস্ৰাৱ আৰু ৰক্তপিণ্ড ৰোগ, হৃদপিণ্ডৰ ৰোগৰ বাবে দৰকাৰী৷
à তুলসী পাতৰ ৰস ব্ৰংকাইটিছ, চৰ্দি, কাঁহ আৰু অজীৰ্ণতাৰ বাবে উপকাৰী৷ গাত বগা চোম পৰিলে তুলসী পাতৰ ৰস, কেঁচা হালধিৰ ৰস আৰু মৌ মিহলি কৰি লগাব লাগে৷ তুলসী পাতৰ তেল বীজাণু আৰু কীট-পতংগ নাশক৷ কলীয়া তুলসীৰ লগত নেমু মিহলি কৰি লগালে দেহৰ লা দাগ পৰিলে ভাল হয়৷
à জালুকে গাৰ বিষ উপশম কৰে, স্মৃতিশক্তি প্ৰখৰ কৰে, জ্বৰ, কাঁহ, নিউমোনিয়া আদিৰ প্ৰতিকাৰ কৰে৷ / টা জালুক পিহি গৰুৰ ঘিঁউৰ সৈতে লগালে সকলো প্ৰকাৰৰ খজুৱতী নোহোৱা হয়৷
à স্বৰভংগ ৰোগত মৌজোলৰ লগত ব্ৰাক্ষ্মী শাকৰ ৰস খোৱাব লাগে৷ ধাতু দুৰ্বল ৰোগ, উচ্ছ ৰক্তচাপ, মৃৰ্গী ৰোগত ব্ৰাক্ষ্মী শাক উপকাৰী৷ স্নায়ৱিক দুৰ্বলতা নাশ কৰিবলৈ আঞ্জা হিচাপে বা গাখীৰৰ লগত দিনে ১০০ গ্ৰামকৈ খালে প্ৰতিকাৰ পাব পাৰি৷

পৃথিৱীৰ ,৫০,০০০ বিধ উদ্ভিদৰ ভিতৰত প্ৰায় ৮০,০০০ বিধ উদ্ভিদেই ঔষধিযুক্ত উদ্ভিদ৷ পৃথিৱীৰ প্ৰায়বোৰ দেশতে এইবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ভিত্তিতেই  প্ৰতিষ্ঠিত৷ এই বিশ্বাস প্ৰজন্মৰপৰা প্ৰজন্মলৈ মৌখিক বা লিখিত ভাৱে প্ৰৱাহিত হৈ আহিছে৷ চীনাসকলেই প্ৰথমে ঔষধি উদ্ভিদৰ উপকাৰিতাৰ সদ্ব্যৱহাৰ জানিছিল আৰু এই  বিষয়ে অধ্যয়ন কৰিছিল৷ বৰ্তমান বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ সময়তো প্ৰাথমিক চিকিৎসা হিচাপে অসমৰ বিভিন্ন ঠাইৰ লোকসকলে, বিশেষকৈ যিসকল লোকে তৎকালে বা আৰ্থিক অভাৱ-অনাটনৰ বাবে এলপেথিক চিকিৎসকৰ সহায় পাব নোৱাৰে তেওঁলোক লোক-ঔষধৰ ব্যৱহাৰত বহুখিনি নিৰ্ভৰশীল৷ লগতে এই ঔষধৰ পাশ্বৰ্ক্ৰিয়া আনবোৰ ঔষধৰ তুলনাত কম হোৱা বাবে ইয়াৰ প্ৰতি প্ৰায়বোৰ লোক বেছি আকৰ্ষিত হয়৷ অসমৰ পৰ্বত-ভৈয়ামত সহজলভ্য ঔষধি উদ্ভিদসমূহৰ পাত, কাণ্ড, ছাল, ফল, বীজ আৰু শিপাৰপৰা ঔষধ প্ৰস্তুত কৰা হয়৷ এই লোক-ঔষধসমূহৰ কিছুমানৰ ছালৰ বা শিপাৰ ৰস, কিছুমানৰ ফুল বা কাণ্ড খুন্দি পানীয় ৰূপত খোৱা হয়৷ বিভিন্ন লোক-ঔষধ ব্যৱহাৰৰ জৰিয়তে প্ৰতিকাৰ পাব পৰা ৰোগ সম্পৰ্কে তলত উল্লেখ কৰা -

বিষৰ লোক-ঔষধ

à       ভেদাইলতাৰ পাত -দহ খিলাৰ লগত তিনিটা জালুক খুন্দি ৰস উলিয়াই অলপ গৰম কৰি পুৱা খালে বিষ ভাল হয়৷
à       বেল পাতৰ চাৰি চামুচ ৰস এচামুচ মৌজোলৰ লগত মিহলাই ৰাতিপুৱা খালে বিষ ভাল হয়৷
à       বিষলতা এডাল ভগৱানৰ নামত একে উশাহে পিন্ধিলে কঁকালৰ বিষ ভাল হয়৷
à       সৰিয়হ তেল, নেমুৰ ৰস আৰু অলপ নিমখ মিহলি কৰি দাঁত মাজিলে পৰিষ্কাৰ হয়, দাঁতৰ বীজাণু নাশ হয় আৰু দাঁতৰ বিষ ভাল হয়৷
à       আদা এটুকুৰা নিমখ লগাই চোবাই খালে নাইবা কুমলীয়া এচাৰি [জাতি বাঁহৰ] জুইত সেকি দাঁতেৰে কামুৰি ধৰি থাকিলে বিষ নাইকীয়া হয়৷
à       পুৰণি কুঁহিয়াৰৰ ৰস আধা চামোচ বা আমলখি বাটি আঞ্জা কৰি খালে নাইবা পঞ্চাছ গ্ৰাম নৰসিংহ পাতৰ ৰস উলিয়াই তাত ঠাণ্ডা পানী মিহলাই খালে পেটৰ যিকোনো ৰোগ ভাল হয়৷
à       নহৰুৰ ৰস উলিয়াই অলপ নিমখ দি খালে বা পিয়াঁজৰ ৰসৰ লগত অলপ চেনি মিশ্ৰণ কৰি খালে পেটৰ কামোৰণি ভাল হয়৷
à       ভেদাইলতাৰ পাত শিঙি বা মাগুৰ মাছৰ লগত ৰান্ধি খালে বাত বিষ ভাল হয়৷
à       কেঁচা হালধিৰ ৰস দিনে ১০ গ্ৰাম খালে নাইবা শাওলতাৰ ৰস দিনে দুবাৰকৈ খালে বাত বিষত ভাল৷              

ফোঁহাৰ লোক-ঔষধ

à       বিহ ফোঁহাত জালুকৰ গুড়িত থু দি, সেপ দি দাঁতিয়ে দাঁতিয়ে সানিব লাগে৷ মূৰটো বগা লে চেপা মাৰি উলিয়াই দিলে ভাল হয়৷ তিল বা তুলসীৰ পাত নাইবা জালুক বটি প্ৰলেপ দিলে বিহ ফোঁহা আঁতৰ হয়৷
à       পকা ভেকুৰি, বঙালী এৰা, নেফাফু তিনিওটা বটি লিপিলে ফোঁহা ভাল হয়৷
à       জেতুকা পাতৰ ৰসেৰে ফোঁহা ধূলে ফোঁহা ভাল হয় নাইবা ভোট জলকীয়া পকা বিহ ফোঁহাৰ মূৰত লগাব লাগে৷
à       সিজুৰ কেঁচা ঠাৰি থেতেলিয়াই প্ৰলেপ দিলে ফোঁহা বহি যায়৷

প্ৰস্ৰাৱৰ ৰোগৰ লোক-ঔষধ

            প্ৰস্ৰাৱৰ দোষ লে-
à       ছালকুঁৱৰীৰ চাৰি আঙুল, তালমিচিৰি অকণমান, একে বৰণীয়া গৰুৰ গাখীৰৰ লগত খাব লাগে৷
à       দুপৰটেঙাৰ পাতৰ ৰস খালে প্ৰস্ৰাৱ ভাল , নৰসিংহৰ পাত, পুৰণি শিলিখা বটি ছাগলী গাখীৰৰ লগত খাব লাগে৷
à       হেলচিৰ খাৰ খালেও ভাল নাইবা আগীয়া চম্পাৰ ৰস এৱাঁ গাখীৰৰ লগত খাব লাগে৷
à       কেঁচুৰ ৰস, পুৰণি গুৰ, মেথিগুটি সমানে লৈ খালে ভাল হয়৷
à       আকলবীৰৰ ৰস গাখীৰৰ লগত খালে প্ৰস্ৰাৱৰ ৰোগ ভাল হয়৷
à       ডালিমৰ শিপাৰ ছালৰ ৰস এপোৱা গাখীৰৰ লগত খালে ভাল৷

টনচিল আৰু পিঠা খোৱা ৰোগৰ লোক-ঔষধ

à       টনচিল লে দোৰোণ শাক পাতত দি বা তৰকাৰী কৰি খাব লাগে নহলে মাটি কঁঠালৰ কুমলীয়া কলি, তুঁহ  জুইত পুৰি পিছদিনা তাৰ ৰস মিচিৰিৰ সৈতে মিহলাই খালে ভাল হয়৷
à       সুৱগা এটা, অমৰা গুটি এটা, শিলিখা এটা, কেঁচা হালধি এটুকুৰা খুন্দি ৰস উলিয়াই এসপ্তাহ কুলকূলি কৰিলে ভাল হয়৷
à       তৰুৱা কদমৰ ২০০ গ্ৰাম ওজনৰ ছাল খুন্দি দাঁতৰ আলু আৰু টনচিল হোৱা বাহিৰফালে প্ৰলেপ দি আধাঘণ্টা ৰাখিলে ভাল হয়৷
à       মৰাণ আদা খুন্দি প্ৰলেপ দিলে বা চজিনাৰ শিপাৰ ছালৰ সম পৰিমাণে সৰিয়হ দি বটি প্ৰলেপ দিলে পিঠা খোৱা ৰোগ ভাল হয়৷

অৰুচি বা আভোক আৰু পানী লগা জ্বৰৰ লোক-ঔষধ

à       পদিনাৰ ৰস মৌজোলৰ লগত মিহলাই খালে ভাল হয়৷ ত্ৰিফলা গৰম পানীত মিলাই কিছুদিন খালে ভাল৷
à       ডালিম লা নিমখ আৰু মৌজোল মিলাই কিছু সময় মুখত ৰাখিলে অৰুচি আঁতৰ হয়৷
à       মূলা কেঁচা পাতৰ ৰস ২৫ গ্ৰাম খালে আভোক দূৰ হয়৷
à       মৌজোলৰ লগত কেইটামান লং পিহি খালে পানী লগা ভাল হয়৷
à       পদিনাৰ ৰস অলপ পানী মিহলি কৰি সামান্য নিমখ দি খালে জ্বৰ-চৰ্দিৰ বাবে ভাল৷
à       পানীৰ ৰসৰ লগত সামান্য মৌ মিহলাই দিনে দুবাৰকৈ খালে জ্বৰৰ পৰা সোনকালে উপশম পাব পাৰি৷

নিমনীয়া আৰু পবা বা গঁঠিয়া ৰোগৰ লোক-ঔষধ

à       মেটেকাৰ আলু   আঙুল, চেঙামৰা আলু প্ত আঙুল, মৰাণ আদা বড়ি কৰি খালে নিমনীয়া ৰোগ উপশম হয়৷
à       সিজুৰ ঠাৰি খুন্দি আঙুলিত পিন্ধিলে পবা ভাল হয়৷
à       লা বা বগা চিতাৰ শিপা বটি বান্ধি দিলে গাঁথিয়া ভাল হয়৷
à       সোণবৰিয়ালৰ আলু, ভাং দুয়োকে বটি খালে পবা ৰোগ ভাল হয়৷ আদি

অসমৰ পৰ্বত-ভৈয়াম উভয়তে সহজলভ্য ঔষধি উদ্ভিদসমূহৰ জৰিয়তে বিভিন্ন ৰোগৰ প্ৰতিকাৰ কৰিব পৰা যায়৷ ঔষধি উদ্ভিদসমূহৰ উচিত আৰু উপযুক্ত ব্যৱহাৰৰ যোগেদি বিভিন্ন ৰোগ নিৰ্মূল কৰিব পাৰি৷ বিশ্বায়নৰ যুগত চিকিৎসা বিজ্ঞানৰ অত্যধিক জনপ্ৰিয়তাই পৰম্পৰাগত লোক-ঔষধৰ প্ৰতি মানুহৰ আগ্ৰহ কমাই অনা সততে পৰিলক্ষিত হৈছে৷ প্ৰাকৃতিক চিকিৎসাৰ লগত জড়িত বনৌষধিসমূহৰ উপযুক্ত চিনাক্তকৰণ আৰু সংৰক্ষণে লোক-ঔষধ প্ৰয়োগত সৃষ্টি হোৱা সমস্যাসমূহ হ্ৰাস কৰিব৷ বৰ্তমানলৈকে অসমৰ লোক-ঔষধ বা বন-দৰৱসমূহৰ বিষয়ে দুই-এখন গ্ৰন্থ তথা গৱেষণাধৰ্মী লেখা প্ৰকাশ পাইছে যদিও এই আলোচনাকে যথেষ্ট বুলিব নোৱাৰি ভৱিষ্যতেও অসমৰ লোক-ঔষধ সম্পৰ্কে আলোচনা তথা গৱেষণাৰ জৰিয়তে - বিভিন্ন দিশ পোহৰলৈ অহাৰ যথেষ্ট থল আছে৷ এনে আলোচনাই  অসমৰ লোক-ঔষধ সম্পৰ্কীয় আলোচনাক এক নতুন মাত্ৰা প্ৰদান কৰাৰ সম্ভাৱনা আছে৷

গ্ৰন্থপঞ্জী
() খনিকৰ, গুণাৰাম          : সহজলভ্য বন-দৰৱৰ গুণ
() দাস,ধ্ৰুবানন্দ                 : অসমৰ স্বাস্থ্য পৰম্পৰা(প্ৰথম ভাগ),অৰুণোদয় প্ৰেছ
                          শিলপুখুৰী,গুৱাহাটীপ্ৰথম প্ৰকাশ-১৯৯৪
() দাস,নাৰায়ণ                  :অসমীয়া সংস্কৃতি-কোষ, জ্যোতি প্ৰকাশন,পাণবজাৰ
                          প্ৰথম-মাৰ্চ,২০০৯



  যতীন্দ্ৰনাথ দুৱৰা , কথা-কবিতা আৰু কিছু কথা                                                                                               ...