Advertise

Thursday, February 27, 2020

শংকৰদেৱৰ পত্নীপ্ৰসাদ নাট আৰু কিছু কথা

                                                                -পৰিনীতা বৰা
  

শংকৰদেৱ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা৷ তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি সমাজৰপৰা অস্পৃশ্যতা দূৰ কৰাৰ নিমিত্তে সুললিত ভাষাৰে (ব্ৰজাৱলী ভাষা) ৰ্বজনৰে বোধগম্য হোৱাকৈ পদপুথি, গীত, নাট, কাব্য ৰচনা কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত কৰিছিল৷ শংকৰদেৱৰ অংকীয়া নাট আৰু ভাওনা অসমৰ নৱবৈষ্ণৱ ভক্তি-আন্দোলনৰ এক অভিনৱ সৃষ্টি৷ খৃষ্টীয় পঞ্চদশ-ষোড়শ শতিকাত অসমত যি নৱবৈষ্ণৱ ভক্তি-আন্দোলন গঢ় লৈ উঠিছিল তাৰ ফলত অসমৰ জাতীয়-জীৱনতে এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিছিল৷ শংকৰদেৱে আৰম্ভ কৰা ভক্তি আন্দোলনৰ যোগেদি অসমৰ ধৰ্ম, সমাজ, সাহিত্য, কলা, সংগীত আদি সকলো ক্ষেত্ৰতে এক নতুন যুগৰ সূচনা হয়৷ এই পৰিৱৰ্তনে প্ৰায় দুশ বছৰ ধৰি অসমৰ জাতীয় জীৱনত শক্তিশালী প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে অসমৰ সাহিত্য-সংস্কৃতিত এক সোণালী যুগৰ সৃষ্টি কৰিছিল৷ এই সময়ছোৱাকে অসমৰ নৱজাগৰণৰ কাল বুলিও কোৱা হয়৷
শংকৰদেৱে একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে অন্যান্য কলাৰ লগতে নাট্য কলাকো প্ৰয়োগ কৰিছিল৷ গীত বা কাব্যৰ তুলনাত দৃশ্য-কাব্য নাট্যকলাই বেছিকৈ মানুহৰ মন আকৃষ্ট কৰিব পাৰে৷ শংকৰদেৱে আখৰবোধ নথকা নিৰক্ষৰ জনসাধাৰণক সহজতে কৃষ্ণৰ লীলা মাহাত্ম্য উপলব্ধি আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৃষ্ট কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই এক অংকবিশিষ্ট একশ্ৰেণী নাট ৰচনা কৰে৷ যিয়ে বৰ্তমান অংকীয়া নাট ৰূপে পৰিচিত৷ সেয়েহে সাম্প্ৰতিক সময়তো শংকৰদেৱৰ প্ৰথমখন অংকীয়া নাট পত্নীপ্ৰসাদ নাটৰ বিষয়বস্তু আৰু অন্যান্য বৈশিষ্ট্য সম্পৰ্কে আলোচনাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা নথকা নহয়৷
শংকৰদেৱৰ পত্নীপ্ৰসাদ নাটখন ১৫২১ খৃঃত ৰচিত আৰু বৰপেটাৰ কাষৰ বাৰাদি নামৰ ঠাইত মাধৱদেৱৰ মাতৃশ্ৰাদ্ধ উপলক্ষে নাটখন ভাওনা কৰা হয় বুলি হুতো তথ্যই কয়৷ এদিন শিশু কৃষ্ণই গোপবালকসকলৰ সৈতে কালিন্দী নৈৰ পাৰত গৰু চৰাওঁতে ভোক-পিয়াহত আতুৰ হৈ এজোপা অশোক গছৰ তলত জিৰণি লে৷ তেনেতে গোপবালকসকলৰ ভোক লগাত কৃষ্ণক তেওঁলোকৰ বাবে খাদ্যৰ যোগাৰ কৰি দিবলৈ অনুৰোধ কৰিলে সেই সময়ত ওচৰতে ব্ৰাহ্মণসকলে যজ্ঞ কৰি আছিল৷ কৃষ্ণৰ উপদেশ মতে গোপগণে ব্ৰাহ্মণসকলৰ ওচৰত গৈ আহাৰ ভিক্ষা কৰিলে৷ কিন্তু ব্ৰাহ্মণসকল চ্চ স্তৰৰ লোক হোৱা হেতুকে তেওঁলোকে গৰ্ব কৰি গোপবালকসকলক তাৰপৰা খেদাই দিলে৷ সেয়েহে গোপগণ বিফল মনোৰথ লৈ উলটি আহিবলগীয়াত পৰিল৷ কৃষ্ণই কথাৰ গুৰুত্ব উপলব্ধি কৰি ব্ৰাহ্মণনী (ব্ৰাহ্মণৰ পত্নী) সকলৰ ওচৰত অন্ন বিচাৰি ল৷ কৃষ্ণ অহা বুলি জানি ব্ৰাহ্মণনীসকলে নতজানু হৈ নানান সুগন্ধি অন্নব্যঞ্জন, পিঠাপনা, পৰমান্ন আদি থালত ভৰাই দিলে আৰু সেৱা-সৎকাৰ জনালে৷ তেতিয়া ব্ৰাহ্মণসকলে তেওঁৰ মহিমা বুজিব পাৰি কৃষ্ণৰ ওচৰত শৰণাপন্ন বলৈ বাধ্য হৈ পৰিল৷
নাটকীয় কলা-কৌশলৰ ফালৰপৰাও শংকৰদেৱৰ পত্নীপ্ৰসাদ নাটখনৰ গুৰুত্ব অপৰিসীম৷ নাটখনৰ নান্দীশ্লোক মাত্ৰ এটা, মুক্তি-মংগল ভটিমা নাই৷ সংস্কৃত নাট্যশাস্ত্ৰমতে নিষিদ্ধ দুই-এটা বিষয়ো, যেনে-মৃত্যু আৰু ভোজন ইয়াত অন্তৰ্ভুক্ত হৈছে৷ নাটখনৰ মতে কৃষ্ণই গোপবালকসকলকষড়-ৰস-অন্নভোজন কৰালে আৰু নিজেও ভোজন কৰিলে৷ নাটখনিৰ আৰম্ভণিতে তেওঁ সূত্ৰধাৰৰ যোগেদি কৈছে-
‘‘সূত্ৰ - আহে সামাজিক লোক : সোহি জগতক পৰম গুৰু : পুৰুষোত্তম : সোহি নন্দনন্দন ৰূপে কহোঁ : অন্ন প্ৰাৰ্থনা চলে : বিপ্ৰ সবক কৰ্ম্ম গৰ্ব্ব দূৰ কৰল : পত্নী সবক পৰম প্ৰসাদ দেলহ : বালক সবক ষড়ৰথ অন্নভোজন কৰাৱল৷ সোহি পত্নীপ্ৰসাদ নাম নাট : ওহি সভামধ্যে কৌতুকে কৰব : তাহে দেখহ সুনহ : নিৰন্তৰে হৰিবোল হৰি৷
তেওঁ আকৌ কোৱাইছে যে- ‘বলোভদ্ৰ সহিতে আমাক মূলে ৰহুল : তদনন্তৰ বালক সব গো বৎস সবক জল গান কৰাৱল : আপুনুজল ভোজন কয়ল : পৰম ক্ষুধাতুৰ হুয়া : ৰায়ত কৃষ্ণত জৈচে গোচৰ কয়ল তা দেখহ সুনহ৷
শংকৰদেৱে গীত, কথা আৰু সংস্কৃত শ্লোকেৰে পত্নীপ্ৰসাদ নাটখনিৰ কাহিনীভাগ আগুৱাই নিছে৷ নাটখনিত যুদ্ধ বিগ্ৰহ বা বিশেষ ঘটনা নাই যদিও কম কথা আৰু পৰিসৰৰ মাজেদি নাটকীয় কাহিনীৰ পৰিসমাপ্তি ঘটাইছে৷ বৰঞ্চ নাটৰ শেষত ব্ৰাহ্মণসকলৰ গৰ্ব্ব চূৰ্ণ কৰা হৈছে আৰু কৃষ্ণক শৰণ লৈ কৃষ্ণ ভক্তিক তেওঁলোকে আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে৷ যাগ-যজ্ঞত আস্থাশীল পাণ্ডিত্যভিমানী আৰু ভক্তি বিৰোধী ব্ৰাহ্মণসকলৰ কৃষ্ণভক্তি পৰায়ণ ব্ৰাহ্মণ পত্নী আৰু গোপবালকসকলৰ বিৰোধক ভেটি কৰি নাট্যকাহিনী ৰচিত লেও শংকৰদেৱে কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গৰ বিৰোধক ইয়াত মুখ্যতে স্থান দিছে৷
শ্ৰীকৃষ্ণ অহা বুলি শুনি যেতিয়া ব্ৰাহ্মণ পত্নীসকলে ঘৰৰপৰা তেওঁক দৰ্শন কৰিবলৈ ওলাই আহিব খুজিলে ব্ৰাহ্মণসকলে তেওঁলোকৰ কাৰ্য্যক বাধা দিলে৷ বাধা নামানি তেওঁলোক ওলাই আহিল৷ কিন্তু এজন ব্ৰাহ্মণে ঘৰৰ দুৱাৰ মাৰি থোৱা বাবে তেওঁৰ পত্নী গৰাকী আহিব নোৱাৰিলে আৰু ৰুদ্ধ অৱস্থাতে কৃষ্ণৰ চৰণ চিন্তি প্ৰাণত্যাগ কৰিবলগীয়া ল৷ শেষত ব্ৰাহ্মণে কৃষ্ণ যে পৰম পুৰুষ ভগৱান তাক বুজিব পাৰি খেদ প্ৰকাশ কৰে৷ এই কাৰ্য্যত অদ্ভুত ৰসৰ সঞ্চাৰ হৈছে৷
পত্নীপ্ৰসাদ নাটখনিত শংকৰদেৱে সুন্দৰকৈ নাট ভটিমা প্ৰয়োগ কৰিছে৷ উদাহৰণস্বৰূপে নাটখনিৰ প্ৰথম ভটিমাটিত গুৰুজনাৰ সাংগীতিক সুৰৰ ঝংকাৰ মনকৰিবলগীয়া৷ ভটিমাটি তলত দিয়া ধৰণৰ-
জয় জয় যদুকুল     কমল প্ৰকাশক
নাশক কংসক প্ৰাণ
জয় জয় জগতক    ভকতক ভিতি
নিতি কাকা নিৰজান
জয় জয় নায়ক    মুকুতি দায়ক
নায়ক সাৰঙ্গ ধাৰি৷
পত্নীপ্ৰসাদ নাটৰ চৰিত্ৰসমূহৰ ভিতৰত উল্লেখযোগ্য - কৃষ্ণ, বলভদ্ৰ, মিশ্ৰ, চন্দ্ৰ ভাৰতী ব্ৰাহ্মণ, ব্ৰাহ্মণ-ব্ৰাহ্মণনীসকল আৰু গোপগণ৷ প্ৰধান চৰিত্ৰ কৃষ্ণক লৈয়ে নাটখনিৰ কাহিনীভাগ আগুৱাই গৈছে৷ নাটখনিত চন্দ্ৰভাৰতী ব্ৰাহ্মণ নামৰ চৰিত্ৰ বচন আৰু অহংকাৰ অন্যতম মনকৰিবলগীয়া দিশ৷ কৃষ্ণৰ উপদেশ অনুসৰি গোপবালকসকলে অন্নৰ কাৰণে ব্ৰাহ্মণ সকলৰ ওচৰত প্ৰাৰ্থনা কৰাত চন্দ্ৰ ভাৰতী ব্ৰাহ্মণে কৈছে-
আহে গোৱাল যৱ : হামু বেদত শাস্ত্ৰত পৰম পাৰ্গত : যজ্ঞব্ৰত দানে পৰম পবিত্ৰ : হামু ভূ দেৱতা : হামাক সৰ্ব্বলোক পূজয় : নন্দসুত কৃষ্ণ : হামাক আগে কোন হয়৷’’
-নাটখনিত উল্লিখিত উক্ত বচনৰ যোগেদি চন্দ্ৰ ভাৰতীৰ গৰ্ব্ব অহংকাৰ প্ৰকট হৈ পৰিছে৷ আনহাতে ব্ৰাহ্মণনীৰ মাজেদি কৃষ্ণভক্তি সুন্দৰৰূপত প্ৰকাশ পাইছে৷ গোপবালকসকলৰ মুখে কৃষ্ণ অহা বুলি শুনি ব্ৰাহ্মণনীসকলে পৰম আনন্দমনে সুগন্ধি অন্নব্যঞ্জন, পিঠা পনা, পৰমান্ন আৰু বহুবিধ ব্যঞ্জন সামগ্ৰী পাত্ৰ ভৰাই আনি দিয়া আৰু ব্ৰাহ্মণসকলৰ হাজাৰ বাধা স্বত্বেও হৰিভক্তি ৰসত আকুল হৈ কৃষ্ণ দৰ্শনৰ বাবে ঘৰৰ পৰা কৃষ্ণ, বলভদ্ৰ আদি গৰখীয়াসকল আছিল তালৈ বুলি হাঁহি গমন কৰিলে৷
পত্নীপ্ৰসাদ মুঠ দুটি ভটিমা আৰু আঠোটি গীত আছে৷ গীতসমূহ সুৰ, তাল, ৰাগেৰে ৰঞ্জিত হৈ নাটখনিক এক গীতিময়তা দান কৰিছে৷ গীতসমূহত কানাড়া, আসোৱাৰি, ৰাগশ্ৰী, ধনশ্ৰী, বেলোৱাৰ, গৌৰী, শ্যাম আদি ৰাগৰ প্ৰয়োগ কৰা হৈছে৷ একেদৰে পৰিতাল, একতাল, ৰূপকতাল, মান একতালি, জ্যোতিষ্মান আদি তালৰ প্ৰয়োগ কৰিছে৷ নাটখনিৰ প্ৰথমৰ ভটিমাটো মঙ্গলচৰণমূলক৷ গীতসমূহৰ ব্দ, ব্যঞ্জনা, উপমা, অলংকাৰ প্ৰয়োগে গীতিধৰ্মী নাটৰূপে চিহ্নিত কৰিছে৷ নাটখনিৰ দুটি ভটিমা আৰু বিভিন্ন ৰাগৰ গীতকেইটিত ঈশ্বৰ কৃষ্ণৰ পুৰুষত্ব, মহত্ব আৰু ঐশ্বৰিক গুণৰাজি প্ৰকাশ পাইছে৷ ব্ৰাহ্মণনীসকলৰ কৃষ্ণভক্তিৰ উপৰিও ব্ৰাহ্মণসকলে পৰম পুৰুষ শ্ৰীকৃষ্ণৰ মাহাত্ম্য উপলব্ধি কৰি কৃষ্ণত শৰণলৈ কৃষ্ণভক্তিত গদ্গদ্হৈ পৰিছে৷

তথ্য উৎস :
. মহেশ্বৰ নেওগ : অসমীয়া সাহিত্যৰ ৰূপৰেখা
. সত্যেন্দ্ৰনাথ শৰ্মা : অসমীয়া নাট্য সাহিত্য
. সত্যেন্দ্ৰনাথ শৰ্মা : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত
. শংকৰদেৱ  : পত্নীপ্ৰসাদ নাট

1 comment:

  1. পত্নী প্ৰসাদ নাটৰ সংলাপ

    ReplyDelete

  যতীন্দ্ৰনাথ দুৱৰা , কথা-কবিতা আৰু কিছু কথা                                                                                               ...